মানুহে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে প্ৰথম ধাৰণা গঢ়ি তোলে আপোনাৰ পৰিচ্ছন্নতা আৰু দেহৰ সুগন্ধ বা সুবাসৰ ওপৰত। কেৱল পাৰফিউম ব্যৱহাৰ কৰিলেই দীৰ্ঘ সময় সুগন্ধময় হৈ থাকিব যে পাৰি তেনে কথা নহয়। আয়ুৰ্বেদৰ মতে, শৰীৰৰ ভিতৰৰ স্বাস্থ্য, সঠিক পাচন আৰু ভাৰসাম্যতা বজাই ৰাখিব পাৰিলেও শৰীৰৰ স্বাভাৱিক সুগন্ধ বজাই ৰাখিব পাৰি। আনহাতে, শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱা, পিত্ত দোষ বৃদ্ধি পোৱা বা ত্বকত থকা বেক্টেৰিয়াই ঘামৰ সৈতে বিক্ৰিয়া কৰিলে দুৰ্গন্ধৰ সৃষ্টি হয়।
প্ৰাকৃতিকভাৱে সুগন্ধময় হৈ থাকিবলৈ কি কৰিব?
পুৱা ব্ৰহ্মমুহূৰ্তত উঠি কুহুমীয়া পানী খাব। প্ৰতিদিনে জিভা পৰিষ্কাৰ কৰি তিল বা নাৰিকল তেলেৰে অইল পুলিং কৰিব। গা ধোৱাৰ আগতে তিল বা চন্দনৰ তেলেৰে মালিচ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়। সদায় পৰিষ্কাৰ, ধোৱা আৰু ৰ’দত শুকোৱা কপাহজাতীয় কাপোৰ পিন্ধিব। কৃত্ৰিম কাপোৰে ঘাম ধৰি ৰাখি দুৰ্গন্ধ বৃদ্ধি কৰিব পাৰে।
গা ধোৱা পানীত কি মিহলাব?
চন্দন – শৰীৰ শীতল ৰাখে আৰু সুগন্ধ দিয়ে।
খচ (Vetiver) – অতিমাত্ৰা ঘাম কমোৱাত সহায় কৰে।
নিম আৰু তুলসী – ত্বকৰ বেক্টেৰিয়া কমাই দুৰ্গন্ধ ৰোধ কৰে।
গোলাপৰ পাহি আৰু কৰ্পূৰ – ত্বক সতেজ আৰু সুগন্ধি ৰাখে।
এলাচি আৰু লং – ৰক্ত সঞ্চালন উন্নত কৰি প্ৰাকৃতিক সুগন্ধ বজাই ৰাখে।
ইয়াৰ উপৰিও প্ৰাকৃতিক আতৰ (ইত্ৰ) ব্যৱহাৰ কৰিব পাৰে। ফিটকাৰী কাষলতিত লগালে দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়া কমে। গোলাপজলত লেভেণ্ডাৰ, টি-ট্ৰী বা লেমন এছেঞ্চিয়েল অইল মিহলাই বডি মিষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে।
খাদ্যাভ্যাসৰ ওপৰতো দিব লাগিব গুৰুত্ব
আপোনাৰ খাদ্যয়ো শৰীৰৰ সুবাসত প্ৰভাৱ পেলায়। অত্যধিক পিয়াঁজ, নহৰু, ৰেড মিট, অতি মছলাযুক্ত বা টেঙা খাদ্য, কেফেইন আৰু মদ্যপানৰ ফলত শৰীৰ আৰু মুখৰ দুৰ্গন্ধ বৃদ্ধি পাব পাৰে। সুষম আহাৰ, পৰ্যাপ্ত পানী আৰু সুস্থ পাচন ব্যৱস্থাই শৰীৰক স্বাভাৱিকভাৱে সুগন্ধি কৰি ৰাখিবলৈ সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















