অসম লাইভ ২৪ঃ মিয়া খালিফা। পৰ্ণ ষ্টাৰ মিয়া খালিফা। সমগ্ৰ বিশ্বজুৰি মিয়া খালিফাৰ আছে অজস্ৰ অনুৰাগী। বিভিন্ন সময়ত বিভিন্ন সামাজিক বিষয়ত মাত মাতি আহিছে মিয়াই। শেহতীয়াই মিয়াই থিয় দিছিল ভাৰতত চলি থকা কৃষক বিদ্ৰোহৰ সমৰ্থনত। টুইটাৰৰ জৰিয়তে মিয়াই ব্যক্ত কৰিছিল নিজৰ সমৰ্থন। পিছে টুইটৰ পিছতেই একাংশই আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছিল মিয়াক। বহুতেই সীমা চেৰাই গৈ টানি আনিছিল মিয়াৰ পূৰ্বৰ বৃত্তিক। একাংশই ক’ব বিচাৰে পৰ্ণষ্টাৰ হোৱাৰ বাবেই মিয়াই মাত মাতিছে কৃষকৰ সমৰ্থনত। আন একাংশই ক’ব বিচাৰে কৃষকৰ সমৰ্থনত টুইট কৰাৰ বাবে টকা লৈছে মিয়াই। এতিয়া সেইসকল লোকক উভতি ধৰিছে মিয়াই। যাৰবাবে মিয়াই কৰিলে নতুন টুইট। টুইটটোত মিয়াই লিখিলে-‘পাৰিশ্ৰমিক নোপোৱালৈকে কৰি যাম টুইট’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ