অসম লাইভ ২৪ঃ ৬ বছৰীয়া পুৰণি এটা গণ কবৰ। গণ কবৰটোৰ পৰা উলিয়াই অনা হ’ল ১০৪টা অৰ্ধগলিত মৃতদেহ। চিনাক্ত কৰা হ’ল মৃতদেহ কেইটাক আৰু পঠিয়াই দিয়া হ’ল তেওঁলোকৰ পৰিয়ালৰ কাষলৈ। অৱশেষত পৰিয়ালৰ লোকে ধৰ্মীয় পৰম্পৰাৰে সৎকাৰ কৰিলে মৃতদেহ কেইটাক। ২০১৪ চনত ইছলামিক সন্ত্ৰাসবাদী সংগঠন isisৰ জিঘাংসাৰ বলি হৈছিল য়াজিদিৰ ১০৪ জন লোক। নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল তেওঁলোকক। আনকি য়াজিদি সম্প্ৰদায়ৰ বহু মহিলাক যৌনদাসী হিচাপে বিক্ৰীও কৰিছিল। isisৰ এই সন্ত্ৰাসৰ বাবেই অনেক য়াজিদিৰ লোকে ঘৰ এৰি পলায়ন কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ