বিগ বছ OTT প্লেটফৰ্মৰ জনপ্ৰিয় অভিনেত্ৰী আকাংক্ষা পুৰীয়েও দিল্লীত হৈ থকা অন্দোলনক লৈ এক চাঞ্চল্যকৰ দাবী কৰিছে। “বিগ বছ OTT”ৰ লগতে “বিঘ্নাহৰ্ত গণেশ”ৰ দৰে শ্বোত অভিনয় কৰা আকাংক্ষ পুৰীয়ে অভিযোগ উত্থাপন কৰিছে যে দিল্লীত CJPৰ দ্বাৰা চলি থকা প্ৰতিবাদত অংশগ্ৰহণ বা প্ৰতিবাদৰ বিৰুদ্ধে মাত মতাৰ বাবে একাংশ টেলিভিছন আৰু বলিউডৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক ধনৰ প্ৰস্তাৱ দিয়া হৈছে। আকাংক্ষাই লগতে কয় যে-মানুহে সঠিক কাৰণক সমৰ্থন কৰক, যিটো সঠিক তাৰ পক্ষত থিয় দিয়ক। আন্দোলনক লৈ মাৰ্কেটিঙৰ দৰে কথাবোৰৰ পৰা আঁতৰি থাকক। NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰি ঘটনা সন্দৰ্ভত ডেৰ মাহ ধৰি যন্তৰ মন্তৰত প্ৰতিবাদ হৈ আছে।
আন্দোলনৰ নামত ধনৰ প্ৰলোভনৰ দাবী?
২০ জুলাইত প্ৰতিবাদকাৰীৰ ওপৰত দিল্লী আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পিছতে আন্দোলনৰ প্ৰকোপ বৃদ্ধি পায়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ সমৰ্থনত ওলাই আহে কেইবাজনো ৰাজনৈতিক নেতাৰ লগতে বলিউড আৰু টেলিভিছন উদ্যোগটোৰ কেইবাগৰাকীও কলা -কুশলী। ইয়াৰ পিছতে আকাংক্ষাই দাবী কৰে যে এই আন্দোলনত অংশগ্ৰহণ, আন্দোলনৰ বিৰুদ্ধে মন্তব্য দিয়াৰ বাবে বিভিন্ন সময়ত বিভিন্নজন শিল্পীক ধনৰ প্ৰলোভন দিয়া হৈছে।
আকাংক্ষা পুৰীয়েও পাইছিল ধনৰ প্ৰলোভন?
এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে “মই মাত্ৰ বিচাৰো যে মানুহে সঠিক কামটোক সমৰ্থন কৰক। ইয়াক মাৰ্কেটিঙৰ আহিলা হিচাপে লোৱাটো উচিত নহয়। আন্দোলনৰ পৰা ধন ঘটাৰ মানসিকতা পৰিহাৰ কৰিব লাগে কিয়নো জীৱন নিৰ্বাহ বাবে আপোনাৰ অন্য পথ আছে। আকাংক্ষা পুৰীয়ে লগতে কয় যে-বহু লোক আৰু দলে আমাৰ সৈতে যোগাযোগ কৰি আন্দোলনৰ মাৰ্কেটিঙৰ সঁজুলি হিচাপে গঢ়ি তুলিব বিচাৰিছে, কিন্তু এয়া সঠিক কথা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















