শুকুৰবাৰে নিজৰ পদ ত্যাগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদত্যাগ পত্ৰ গ্ৰহণ কৰে। ৰৱনীত সিং বিট্টুৱে ভাৰত চৰকাৰৰ ৰে’ল ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বীন্ত সিঙৰ নাতি, বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু ৰাজ্যসভাৰ সাংসদ।
কেনে আছিল ৰৱনীত সিং বিট্টুৰ ৰাজনৈতিক যাত্ৰা?
বিট্টু প্ৰথমবাৰৰ বাবে ২০০৯ চনত আনন্দপুৰ চাহাবৰ পৰা কংগ্ৰেছৰ সাংসদ হয়। পিছত ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত পঞ্জাৱৰ লুধিয়ানা আসনৰ পৰা পুনৰ নিৰ্বাচিত হয়।
২০১৭ চনত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত জালালাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল সিঙে, কিন্তু সুখবীৰ সিং বাদলৰ হাতত পৰাস্ত হৈছিল। ২০২১ চনত তেওঁ লোকসভাত কংগ্ৰেছৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২৪ চনত কংগ্ৰেছ ত্যাগ কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, য’ত তেওঁ কেন্দ্ৰীয় ৰে’ল আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০২৪ চনত বোমাৰ ভাবুকি লাভ কৰিছিল
ৰৱনীত সিং বিট্টুক দুবাৰকৈ মৃত্যুৰ ভাবুকি দিয়া হৈছিল। ২০২১ চনৰ জানুৱাৰী মাহত জন সংসাদৰ অনুষ্ঠানৰ সময়ত সিংঘু সীমান্তত তেওঁক আক্ৰমণ কৰা হৈছিল। ২০২৩ চনত হোৱাটছএপ কলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















