• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

1 hour ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

9 minutes ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

3 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

16 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

16 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

17 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

17 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

18 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

18 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

19 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

20 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

ৰাহানেৰ ৫টা শ্ৰেষ্ঠ ইনিংছ

editor by editor
July 30, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেট ভদ্ৰলোকৰ খেল হিচাপে পৰিচিত। অৱশ্যে আধুনিক ক্ৰিকেটৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ বাবে এতিয়া আৰু ক্ৰিকেট ভদ্ৰলোকৰ খেল হৈ থকা নাই বুলি অনুৰাগীসকলে অনুভৱ কৰে। বল টেম্পাৰিং, মেচ ফিক্সিং, মেনকাইণ্ড প্ৰথা( যদিও ক্ৰিকেটৰ সংবিধানত অন্তৰ্ভুক্ত), খেলপথাৰতে বিপক্ষৰ খেলুৱৈৰ সৈতে হতাহতিৰ দৰে বিভিন্ন ঘটনাৰ বাবে এতিয়া আৰু ক্ৰিকেট ভদ্ৰলোকৰ খেল হৈ থকা নাই। কিন্তু আধুনিক ক্ৰিকেটত এতিয়াও এনে কিছুমান ক্ৰিকেটাৰ আছে যাৰ বাবে ক্ৰিকেটত এতিয়াও ভদ্ৰলোক আছে বুলি অনুৰাগীসকলে ভাৱে। কিন্তু লাহে লাহে ক্ৰিকেটৰ তেনে ভদ্ৰলোকসকলেও এজন-দুজনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিছে। কিছুদিন আগতে নিউজীলেণ্ডৰ কিংবদন্তী ক্ৰিকেটাৰ তথা ধ্ৰুপদী বেটাৰ কেন উইলিয়ামছনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। আজি কেনৰ পথকেই অনুসৰণ কৰিলে আধুনিক ক্ৰিকেটৰ আন এগৰাকী ভদ্ৰলোক অজিংক্য ৰাহানে। বিদেশী পিটচত ভাৰতৰ অন্যতম বিশ্বাসযোগ্য বেটছমেন হিচাপে পৰিচয় লাভ কৰা অজিংক্য ৰাহানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু সকলো ফৰ্মেটৰ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছে। ২০১১ চনৰ ৩১ আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৰাহানেই ইনষ্টাগ্ৰামত এটা আবেগিক ভিডিঅ’ শ্বেয়াৰ কৰি ক্ৰিকেটক চিৰদিনৰ বাবে বিদায় জনায়।

বিদেশী পিটচত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰাহানেক “বিদেশী পিটচৰ সম্ৰাট” বুলিও কোৱা হয়। তেওঁ বহু গুৰুত্বপূৰ্ণ সময়ত ভাৰতক বিদেশত জয় লাভ কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল। ২০২০-২১ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ৰাহানেৰ নেতৃত্ব আৰু বেটিং বিশেষভাৱে উল্লেখযোগ্য আছিল। এডিলেইড টেষ্টত পৰাজয় আৰু বিৰাট কোহলিৰ অনুপস্থিতিৰ পিছত তেওঁ শৃংখলাটোৰ বাকীকেইখন টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিয়ে। মেলবৰ্ণত শতক অৰ্জন কৰি তেওঁ ভাৰতক ছিৰিজলৈ উভতাই অনাৰ লগতে তেওঁৰ নেতৃত্বত থকা যুৱ ভাৰতীয় দলে ব্ৰিছবেনৰ গাব্বা (Gabba)ত ইতিহাস ৰচি অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত টেষ্ট ছিৰিজত পৰাস্ত কৰে।

ৰাহানেৰ ৫টা শ্ৰেষ্ঠ ইনিংছৰ ওপৰত চকু ফুৰাওঁ—

১. ৯৬ ৰান বনাম দক্ষিণ আফ্ৰিকা, ডাৰবান (২০১৩)
এইখন ৰাহানেৰ কেৰিয়াৰৰ দ্বিতীখন টেষ্ট মেচ। কেৰিয়াৰৰ দ্বিতীয়খন মেচতেই ৰাহানেই প্ৰমাণ কৰিছিল যে বিদেশী পৰিস্থিতিত তেওঁ এজন অসাধাৰণ বেটছমেন। কিংছমিডৰ কঠিন পিচত ডেল ষ্টেইন, ভাৰ্নন ফিলেণ্ডাৰ আৰু মৰ্ণে মৰ্কেলৰ দৰে বলাৰৰ সন্মুখত ভাৰতীয় বেটিং ভাঙি পৰিছিল। সেই সময়ত ৰাহানেই সাহসেৰে ৯৬ ৰানৰ এক অনবদ্য ইনিংছ খেলে। শতকৰ পৰা মাত্ৰ ৪ ৰান বাকী থাকোতে পেভিলিয়নমুখী হলেও এই ইনিংছে তেওঁৰ প্ৰতিভা আৰু মানসিক দৃঢ়তা সকলোৰে আগত উজাগৰ কৰিছিল।

২. ১১৮ ৰান বনাম নিউজিলেণ্ড, ৱেলিংটন (২০১৪)
ভাৰত চাপত থকাৰ সময়ত সপ্তম স্থানত বেটিং কৰিবলৈ আহি ৰাহানেই বেচিন ৰিজাৰ্ভৰ দ্ৰুত পিচত নিজৰ প্ৰথম টেষ্ট শতক সম্পূৰ্ণ কৰে। তেওঁৰ ১১৮ ৰানৰ ইনিংছৰ জৰিয়তে ভাৰতে পৰাজয়ৰ পৰা ৰক্ষা পায়, যেতিয়া নিউজিলেণ্ড জয়ৰ একেবাৰে ওচৰত আছিল। এই ইনিংছৰ পিছতেই বিদেশী ভ্ৰমণত তেওঁ ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

৩. ১৪৭ ৰান বনাম অষ্ট্ৰেলিয়া, মেলবৰ্ণ (২০১৪)

মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (MCG)ত মিচেল জনছন, ৰায়ান হেৰিছ আৰু জ’ছ হেজেলউডৰ দৰে শক্তিশালী বলাৰৰ বিৰুদ্ধে ৰাহানেই কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ খেলে। অষ্ট্ৰেলিয়াই ৫৩০ ৰান সংগ্ৰহ কৰাৰ পিছত ৰাহানেৰ ১৪৭ আৰু বিৰাট কোহলীৰ ১৬৯ ৰানৰ জৰিয়তে ভাৰত পুনৰ খেলখনত ঘূৰি আহে। এই ইনিংছে তেওঁৰ উন্নত প্ৰযুক্তি আৰু শক্তিশালী বেক-ফুট খেলৰ পৰিচয় দিছিল।

৪. ১০৩ ৰান বনাম ইংলেণ্ড, লৰ্ডছ (২০১৪)

প্ৰতিজন বেটছমেনৰে সপোন হৈছে লৰ্ডছৰ “অ’নাৰ্ছ ব’ৰ্ড”ত নিজৰ নাম লিখোৱা। সেউজীয়া আৰু কঠিন পিটচত ভাৰতৰ স্ক’ৰ ৭ উইকেটত ১৪৫ ৰান হৈ থকাৰ সময়ত ৰাহানেই ধৈৰ্য আৰু দক্ষতাৰে ১০৩ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই ইনিংছে ভাৰতৰ ঐতিহাসিক জয়ৰ ভেটি স্থাপন কৰিছিল। ২৮ বছৰৰ পিছত লৰ্ডছত ভাৰতৰ এয়া আছিল প্ৰথম টেষ্ট জয়।

৫. ১১২ ৰান বনাম অষ্ট্ৰেলিয়া, মেলবৰ্ণ (২০২০)

এইটো কেৱল এটা শতক নাছিল; আধুনিক যুগৰ ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অন্যতম স্মৰণীয় ইনিংছ আছিল। এডিলেইডত মাত্ৰ ৩৬ ৰানত অলআউট হোৱাৰ আঘাত আৰু বিৰাট কোহলিৰ অনুপস্থিতিৰ মাজতে সাময়িক অধিনায়ক হিচাপে ৰাহানেই মানসিকভাৱে বিপৰ্যস্ত দলটোক আগবঢ়াই নিয়ে। অষ্ট্ৰেলিয়াৰ বিশ্বমানৰ বলিং আক্ৰমণৰ সন্মুখত তেওঁৰ দৃঢ় আৰু সংযমী শতকে ভাৰতক শক্তিশালী অৱস্থালৈ নিয়ে। পিছত ৰবীন্দ্ৰ জাডেজাৰ সৈতে ১২১ ৰানৰ পাৰ্টনাশ্বিপে খেলখনৰ গতি সলাই দিয়ে। ভাৰতে বক্সিং ডে টেষ্ট জয় কৰে, ছিৰিজ ১-১ সমতা কৰে আৰু শেষত গাব্বাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ঐতিহাসিক ২-১ ব্যৱধানত ছিৰিজ জয় কৰে। অজিংক্য ৰাহানেই ৮৫ খন টেষ্টত ভাৰতক প্ৰতিনিধিত্ব কৰি ৩৮.৪৬ গড়ে ৫,০৭৭ ৰান সংগ্ৰহ কৰিছে, য’ত আছে ১২টা শতক আৰু ২৬ অৰ্ধশতক। আনহাতে ৯০খন ODIত ৩৫.২৬ গড়ে ২,৯৬২ ৰান সংগ্ৰহ কৰিছে যত আছে ৩টা শতক আৰু ২৪টা অৰ্ধশতক আৰু ২০ T20I খেলি এটা অৰ্ধশতকসহ ৩৭৫ ৰান সংগ্ৰহ কৰিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajinkya rahaneasom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
Next Post
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

'এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.