• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

1 hour ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

41 seconds ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

35 minutes ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

2 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

3 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

4 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

5 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

5 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

6 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

7 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

16 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

ইনফ্লুৱেঞ্চাৰ আৰিয়ান কেলভিনৰ ২১ লাখ টকা

editor by editor
August 1, 2026
in অসম, বিনোদন, বিবিধ, লেখা, সংগীত
0
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা ৰাতিৰ ভিতৰতে দিখৌ নৈয়ে উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লাখ লাখ পৰিয়াললৈ ঘোৰ অমানিশা কঢ়িয়াই আনিলে। লাখ লাখ পশুধনৰ মৃত্যু হ’ল যি অধিকাংশ চহা লোকৰ জীৱন নিৰ্বাহৰ অন্যতম আহিলা আছিল। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হ’ল যি চহা লোকৰ এমুঠি অন্নৰ ভৰসা আছিল। অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই শতক স্পৰ্শ কৰাৰ দিশে, এতিয়াও সন্ধানহীন বহুজন, যি জীৱন্তে ঘূৰি আহিব বুলি আত্মীয়ো হয়তো এতিয়া আৰু আশা কৰা নাই। লগতে দিখৌৰ বলিয়া বানত গৃহহীন হ’ল হাজাৰ হাজাৰ পৰিয়াল। এই দুৰ্যোগৰ সময়তো সবাটোকৈ ভাল লগা কথা এইটোৱেই যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো এক হৈ সহায়ৰ হাত আগবঢ়োৱা লোকৰ সংখ্যাও সীমাহীন। ইয়াৰ মাজতে বন্যাৰ্তৰ মাজলৈ খাদ্য-কাপোৰেৰে অকমান সহায়ৰ হাত আগবঢ়াবলৈ গৈ কণ্ঠশিল্পী দীপলিনা ডেকাই বন্যাৰ্তৰ দুৰ্দশা দেখি কান্দি উঠিছিল। তেতিয়াই কণ্ঠশিল্পীগৰাকীয়ে দুৰ্দশাগ্ৰস্ত ১০০টা পৰিয়ালক ঘৰ সাজি দিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল’ব বুলি ঘোষণা কৰিছিল।

কণ্ঠশিল্পীগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ঝাৰখণ্ডৰ এগৰাকী ইনফ্লুৱেন্সাৰ আৰিয়ান কেলভিনে আগবঢ়ালে ২১ লাখ টকাৰ আৰ্থিক সহায়। আৰিয়ানে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি সৰ্বসাধাৰণক সহায়ৰ বাবে আহ্বান জনায়। আৰিয়ানৰ এই আহ্বানত দেশ-বিদেশত থকা বহু অনুৰাগী আৰু শুভাকাংক্ষীয়ে সঁহাৰি জনায়, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে প্ৰায় ২১ লাখ টকাৰ অনুদান সংগ্ৰহ কৰা সম্ভৱ হয়। সংগৃহীত সমগ্ৰ ধন দীপলীনা ডেকাৰ গৃহ নিৰ্মাণ অভিযানত হস্তান্তৰ কৰা হৈছে, যাতে অধিক সংখ্যক বন্যাৰ্ত পৰিয়ালে স্থায়ী আশ্ৰয় লাভ কৰিব পাৰে।

দীপলিনা ডেকাই আৰিয়ান কেলভিন আৰু তেওঁৰ জৰিয়তে অনুদান আগবঢ়োৱা সকলো দাঁতাক কৃতজ্ঞতা জ্ঞাপন কৰে।সমাজৰ বিভিন্ন স্তৰৰ মানুহে একেলগে আগবাঢ়ি আহিলেহে এনে বৃহৎ মানৱীয় অভিযান সফল হ’ব পাৰে। আৰিয়ান কেলভিনৰ এই সাহায্যৰ পূৰ্বেই ইতিমধ্যে ৬টা ঘৰ নিৰ্মাণ কৰিব পৰাকৈ দীপলিনা ডেকাৰ হাতত ধন আছে বুলি ছচিয়েল মিডিয়াত সদৰী কৰিছিল। কণ্ঠশিল্পীগৰাকীৰ এই মিছনৰ বাবে হয়তো আৰু প্ৰয়োজন অধিক ধনৰ। ছচিয়েল মিডিয়াৰ এক সূত্ৰ অনুসৰি ঝাৰখণ্ডৰ ইনফ্লুৱেঞ্চাৰ আৰিয়ান কেলভিনে সংগ্ৰহ কৰি দিয়া আৰ্থিক সাহায্যখিনিকে ধৰি এই প্ৰতিবেদন লিখা পৰলৈ দীপলিনা ডেকা ফাউণ্ডেশ্যনে সংগ্ৰহ কৰিছে প্ৰায় ৩৬ লাখ টকা। কণ্ঠশিল্পীগৰাকীৰ এই মহৎ উদ্দেশ্যৰ আপুনিও হ’ব পাৰে অংশীদাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam flooddeeplina deka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
Next Post
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.