ইনষ্টিটিউট অব বেংকিং পাৰ্ছনেল চিলেকশ্যন (IBPS)-এ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংকত ১১,৪০৩টা ক্লাৰ্ক পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে IBPS-ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন আৰু আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ২১ আগষ্ট, ২০২৬।
শৈক্ষিক অৰ্হতা
যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হ’ব লাগিব।
বয়সৰ সীমা
ন্যূনতম: ২০ বছৰ
সৰ্বাধিক: ২৮ বছৰ
সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ ৰেহাই:
অনুসূচিত জাতি (SC) / অনুসূচিত জনজাতি (ST): ৫ বছৰ
অন্যান্য পিছপৰা শ্ৰেণী (OBC): ৩ বছৰ
বয়স গণনাৰ ভিত্তি: ১ আগষ্ট, ২০২৬।
দৰমহা
প্ৰতি মাহে ২৪,০৫০ টকাৰ পৰা ৬৪,৪৮০ টকালৈ।
নিৰ্বাচন প্ৰক্ৰিয়া
প্ৰাৰম্ভিক পৰীক্ষা (Preliminary Examination)
মূল পৰীক্ষা (Main Examination)
স্থানীয় ভাষাৰ দক্ষতা পৰীক্ষা (Local Language Proficiency Test)
আবেদন মাচুল
সাধাৰণ, OBC আৰু EWS: ৮৫০ টকা
SC, ST, PwBD (দিব্যাংগ), ESM আৰু DESM: ১৭৫ টকা
প্ৰয়োজনীয় নথিপত্ৰ
স্নাতকৰ নম্বৰপত্ৰ
আধাৰ কাৰ্ড
জাতি প্ৰমাণ পত্ৰ (প্ৰযোজ্য ক্ষেত্ৰত)
স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ
মোবাইল নম্বৰ আৰু ই-মেইল
পাছপ’ৰ্ট আকাৰৰ ফটো আৰু স্বাক্ষৰ
পৰীক্ষাৰ সূচী
প্ৰাৰম্ভিক পৰীক্ষা: ১০ আৰু ১১ অক্টোবৰ, ২০২৬
মূল পৰীক্ষা: ২৭ ডিচেম্বৰ, ২০২৬
আবেদন কৰাৰ পদ্ধতি
IBPS-ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। “Recruitment of Clerk” অপশ্যনত ক্লিক কৰক। “Apply Online” বুটামত ক্লিক কৰক। প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰক। সকলো প্ৰয়োজনীয় নথি আপলোড কৰক। আবেদন মাচুল পৰিশোধ কৰি ফৰ্ম জমা দিয়ক। ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে আবেদনপত্ৰৰ এটা প্ৰিণ্ট কপি সংৰক্ষণ কৰি ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















