পনীৰ, দৈ, বা গাখীৰেই হওক, আজিকালি বিশুদ্ধ দুগ্ধজাত সামগ্ৰী পোৱাটো এক দুৰ্লভ ঘটনাৰ দৰে। শেহতীয়াকৈ ফুড ফাৰ্মাৰৰ প’ডকাষ্টত মহাৰাষ্ট্ৰৰ FDA (খাদ্য আৰু ঔষধ প্ৰশাসন)ৰ আয়ুক্ত টুকাৰাম মুণ্ডেয়ে গাখীৰৰ মিশ্ৰণ ৰেকেটৰ বিষয়ে কেইবাটাও আচৰিত কথা প্ৰকাশ কৰিছে। টুকাৰাম মুণ্ডেই কয় যে-২৫ মে’ত FDAৰ আয়ুক্তৰ পদ গ্ৰহণ কৰাৰ পিছৰে পৰা বিভাগটোৱে সমগ্ৰ মহাৰাষ্ট্ৰতে দৈনিক ২০টাতকৈও অধিক ঠাইত পৰিদৰ্শন কৰি আহিছে। কেইবাটাও প্ৰতিবেদন অনুসৰি FDAয়ে এতিয়ালৈকে ১,১৩১টা স্থানত পৰিদৰ্শন কৰি ৪৯.৫৭ কোটি টকাৰ সামগ্ৰী জব্দ কৰিছে। ইয়াৰ উপৰিও প্ৰায় ১.৬ লাখ লিটাৰ ভেজাল গাখীৰো জব্দ কৰা হৈছে।
মুণ্ডেই প’ডকাষ্টটোত সদৰী কৰে যে-‘অভিযানৰ সময়ত বিষয়াসকলে ৰাসায়নিক লেচযুক্ত গাখীৰৰ সমান্তৰাল উৎপাদন লাইন আৱিষ্কাৰ কৰে। এই কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিবলৈ স্কিমড গাখীৰৰ গুড়ি, ৰাসায়নিক পদাৰ্থ, ইমালচাইয়াৰ, কষ্টিক চ’ডা, আনকি চেম্পুও বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছত এই উপাদানবোৰ এটা নিৰ্দিষ্ট সূত্ৰ অনুসৰি একত্ৰিত কৰি প্ৰকৃত গাখীৰৰ দৰে হুবহু দেখাত এটা তৰল পদাৰ্থ সৃষ্টি কৰা হয়। এই নকল গাখীৰ বনোৱা প্ৰক্ৰিয়া প্ৰকৃত গাখীৰতকৈ বহুত কম খৰচী। গৰুৰ গাখীৰৰ সদৃশ নকল গাখীৰ তৈয়াৰ কৰিলে প্ৰতি লিটাৰত মাত্ৰ ১৫ টকা খৰচ হয়।’
মহাৰাষ্ট্ৰৰ FDAই কৰা তদন্তত প্ৰকাশ পাইছে যে এই ভেজাল গাখীৰৰ প্ৰক্ৰিয়া কেৱল এটা স্থানতে সীমাবদ্ধ নহয়। কৃষক পৰ্যায়ত, গাখীৰ সংগ্ৰহ কেন্দ্ৰত আৰু শীতল কেন্দ্ৰকে ধৰি এই অসৎ কাৰ্য্য একাধিক স্তৰত সংঘটিত হয়। মুণ্ডেৰ মতে গাখীৰৰ মিশ্ৰণ ৰোধৰ বাবে ট্ৰেচেবিলিটি বা উৎস অনুসৰণ কৰাটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায়। গাখীৰৰ প্ৰতিটো টোপাল তাৰ উৎসৰ পৰা বিচাৰি উলিয়াব পাৰি। যদিহে কৰ্তৃপক্ষই গাখীৰৰ উৎপত্তি ধৰা পেলাবলৈ ব্যৱস্থা স্থাপন নকৰে তেন্তে মিশ্ৰণ সম্পূৰ্ণৰূপে বন্ধ কৰাটো কঠিন হ’ব।
আনহাতে আন এজন বিশেষজ্ঞ সমীৰ ভাটীয়ে NDTVত দিয়া এটা সাক্ষাৎকাৰত কয় যে-যদি অলপমান গাখীৰ হাতৰ তলুৱাত ৰখাৰ পিছত দ্ৰুতগতিত বৈ যাবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ অৰ্থ হ’ল যে সেয়া সম্পূৰ্ণ ভেজাল গাখীৰ। যদি লাহে লাহে বৈ যায় তেন্তে তাৰ অৰ্থ হ’ল সেই গাখীৰ সম্পূৰ্ণ বিশুদ্ধ বা বেছিতকৈ বেছি তাত কিছু পৰিমানে কেৱল পানী মিহলোৱা থাকিব পাৰে। গাখীৰত ষ্টাৰচৰ পৰিমাণ পৰীক্ষা কৰিবলৈ গাখীৰখিনি গিলাচত ঢালি দিব লাগে। এতিয়া তাত কেইটোপালমান আয়’ডিন দিব। গাখীৰৰ ৰং সলনি হ’লে মিহলি কৰা বুলি নিশ্চিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















