টীম ইণ্ডিয়াৰ বিস্ফোৰক উইকেটকীপাৰ বেটছমেন ঈশান কিষাণক শেহতীয়াকৈ এক সম্পূৰ্ণ ভিন্ন ৰূপত দেখা গৈছে। ক্ৰিকেটৰ জাৰ্ছীৰ সলনি এইবাৰ তেওঁক দেখা গ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পাটনা কাৰ্যালয়ত কৰ্তব্য পালন কৰি থকা অৱস্থাত। সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ফটোত ঈশান কিষাণে RBIৰ পৰিচয় পত্ৰ গলত ওলোমাই RBIৰ কাৰ্যালয়ত উপস্থিত থকা দেখা যায়।
বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ কোনো আন্তঃৰাষ্ট্ৰীয় ছিৰিজ নথকাৰ বাবে খেলুৱৈসকলে সাময়িক বিৰতি উপভোগ কৰি আছে। এই সময়ছোৱাত ঈশান কিষাণে নিজৰ চৰকাৰী দায়িত্ব পালন কৰিবলৈ RBIৰ পাটনা কাৰ্যালয়ত যোগদান কৰিছে। ক্ৰিকেটৰ ব্যস্ত সূচীৰ মাজতো তেওঁ নিজৰ চাকৰিৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা ঘটনাক বহু লোকে প্ৰশংসাৰে উপচায় দিছে।
উল্লেখ্য যে ঈশান কিষাণ ক্ৰিকেটাৰৰ উপৰিও তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ Assistant Manager পদত অধিষ্ঠিত হৈ আছে। ঈশান কিষাণে ২০১৭ চনত ক্ৰীড়া কোটাৰ অধীনত RBIৰ পাটনা কাৰ্যালয়ত সৌজন্যমূলকভাৱে এই পদত নিযুক্তি লাভ কৰিছিল। ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপেও তেওঁ এই নিযুক্তি লাভ কৰে।
ভাৰতৰ বহু সফল ক্ৰীড়াবিদৰ দৰেই ঈশান কিষাণেও চৰকাৰী সংস্থাত চাকৰি কৰি নিজৰ ক্ৰীড়া জীৱন একেলগে আগবঢ়াই লৈ গৈছে। ক্ৰীড়া কোটাৰ এই ব্যৱস্থাই প্ৰতিভাৱান খেলুৱৈসকলক আৰ্থিক সুৰক্ষা আৰু এক স্থায়ী পেছা প্ৰদান কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ হৈ খেলি যোৱাৰ সুযোগো অব্যাহত ৰাখে।
সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বা ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা নথকা সময়ত ঈশানে RBIৰ কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত হৈ নিজৰ চৰকাৰী দায়িত্ব পালন কৰে। আনহাতে, যেতিয়াই ক্ৰিকেটৰ দায়িত্ব আহে, তেতিয়াই তেওঁ সম্পূৰ্ণ মনোনিৱেশেৰে খেলপথাৰত দেশক প্ৰতিনিধিত্ব কৰে। ক্ৰিকেটেৰে দেশক গৌৰৱান্বিত কৰাৰ লগতে চৰকাৰী চাকৰিৰ দায়িত্ব সমানে আগবঢ়াই নিয়াৰ এই উদাহৰণে বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















