OTT প্লেটফৰ্মৰ এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ “ভোজপুৰী বাৱাল” সম্প্ৰতি ভাৰতৰ মনোৰঞ্জন উদ্যোগটোৰ চৰ্চাৰ শীৰ্ষত আছে। পৱন সিং, কাজল ৰাঘৱানী, নিৰাহুৱা, ৰাণী চেটাৰ্জী আৰু অম্ৰপালী ডুবেৰ দৰে ভোজপুৰী তাৰকাই তেওঁলোকৰ সংগ্ৰাম, ব্যক্তিগত জীৱন, চলচ্চিত্ৰ উদ্যোগটোৰ সৰু-বৰ ঘটনাৰ বিষয়ে স্পষ্টভাৱে কয়। শ্ব’টোৰ সময়ত এই তাৰকাসকলে বহু গোপন কথা প্ৰকাশ কৰে। ভোজপুৰী বাৱালৰ শেহতীয়া খণ্ডত কাজল ৰাঘৱানী আৰু ৰাণী চেটাৰ্জীক খেছাৰী লাল যাদৱৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্যৰ গুজৱ কৰা দেখা যায়।
কাজল ৰাঘৱানী আৰু খেছাৰী লাল যাদৱ এসময়ত ভোজপুৰী চিনেমাৰ অন্যতম জনপ্ৰিয় যুটী আছিল। একেলগে কাম কৰি থাকোঁতে দুয়োৰে মাজত ঘনিষ্ঠতা গঢ় লৈ উঠিছিল আৰু প্ৰায় পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু পিছত বহু বিতৰ্কৰ মাজতে দুয়োৰে মাজত বিচ্ছেদ ঘটে। এতিয়া বছৰ বছৰ পিছত কাজল ৰাঘৱানীয়ে খেছাৰী লাল যাদৱক লৈ মন্তব্য আগবঢ়াইছে।

‘ভোজপুৰী বাৱাল’ৰ দ্বিতীয় খণ্ডত খেছাৰী লাল যাদৱৰ নাম নোলোৱাকৈ কাজল ৰাঘৱানীয়ে কয়, “তেওঁ ভিক্টিম কাৰ্ড খেলে। মোৰ এটা বিশেষ সাক্ষাৎকাৰৰ পিছত তেওঁৰ ওচৰ-চুবুৰীয়া সকলো মানুহ, তেওঁৰ ঘনিষ্ঠ প্ৰযোজক আৰু পৰিচালকে মোক ক’বলৈ ধৰিলে যে তেওঁৰ মৃ*ত্যু হ’ব, তেওঁ আত্মহ*ত্যা কৰিব। আৰু মই ইমোচনেল টাইপৰ গতিকে মই তেওঁৰ সেইবোৰ কথাৰ মাজতে আৱদ্ধ হৈ থাকিলো।”
কাজলে আৰু দাবী কৰে যে খেছাৰী লাল যাদৱে তেওঁক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে-তেওঁৰ ডেট সলনি হৈ থাকিল, প্ৰতি বছৰে তেওঁ কৈছিল যে অহা বছৰ তেওঁলোকৰ বিয়া হ’ব। কিন্তু সেই অহা বছৰটো কেতিয়াও নাহিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















