ভোটাৰ তালিকাৰ Special Intensive Revision (SIR) প্ৰক্ৰিয়াক লৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে এইবাৰ নাম সন্নিৱিষ্ট হৈছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, SIR প্ৰক্ৰিয়াৰ পাছত বেংগালুৰুৰ ভোটাৰ তালিকাত অভিনেতাজনৰ নাম বিচাৰি পোৱা হোৱা নাই। এই ঘটনাক লৈ প্ৰকাশ ৰাজে নিজেই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
প্ৰতিবেদন অনুসৰি, প্ৰকাশ ৰাজৰ নাম Bangalore Centralৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ তথ্য পোহৰলৈ আহিছে। তালিকাত তেওঁৰ নাম ‘Permanently Shifted’ বুলি চিহ্নিত হোৱা বুলি দাবী কৰা হৈছে। ইয়াৰ পাছতে বিষয়টো সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ আহিছে। এই ঘটনাৰ পাছত প্ৰকাশ ৰাজে সামাজিক মাধ্যম Xত এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ব্যংগাত্মকভাৱে ‘Nice joke’ বুলি মন্তব্য কৰাৰ লগতে ‘Game on’ বুলি কয়। অৰ্থাৎ, ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ পৰাৰ ঘটনাক তেওঁ সহজভাৱে লোৱা নাই আৰু বিষয়টো লৈ আগন্তুক সময়ত তেওঁ পদক্ষেপ লোৱাৰ ইংগিত দিছে।

অভিনেতাজনে পূৰ্বেও ভোটাৰ IDক কেন্দ্ৰ কৰি তেওঁ আইনী সমস্যাৰ সন্মুখীন হৈছিল। ২০২৬ চনৰ জুনত বেংগালুৰুৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে একাধিক ভোটাৰ ID থকা বুলি কৰা অভিযোগৰ গোচৰত non-bailable warrant জাৰি কৰিছিল। অভিযোগ অনুসৰি, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত তেওঁৰ নাম থকা ভোটাৰ ID সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে প্ৰকাশ ৰাজে এই অভিযোগ অস্বীকাৰ কৰি সংবাদ মাধ্যমক ‘fake news’ বুলি অভিহিত কৰিছিল। পিছত ১১ জুলাইত তেওঁ বেংগালুৰুৰ আদালতত হাজিৰ হৈ চৰ্তসাপেক্ষ জামিন লাভ কৰে। তেওঁৰ অধিবক্তাই আদালতক জনাইছিল যে পূৰ্বে প্ৰেৰণ কৰা চমন অভিনেতাজনে লাভ কৰা নাছিল।
এতিয়া SIRৰ পাছত পুনৰ ভোটাৰ তালিকাৰ পৰা নিজৰ নাম বাদ পৰাৰ খবৰ প্ৰকাশ পোৱাত বিষয়টোৱে নতুন মাত্ৰা লাভ কৰিছে। ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াত প্ৰকৃত ভোটাৰৰ নাম ভুলবশতঃ বাদ পৰিছে নেকি, নে তথ্য-পাতিৰ ভিত্তিত নিয়মমাফিক নাম আঁতৰোৱা হৈছে—সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে, প্ৰকাশ ৰাজৰ নাম SIRৰ প্ৰক্ৰিয়াৰ বাবেই বাদ পৰিছে নে আন কোনো কাৰণত ভোটাৰ তালিকাত তেওঁৰ নাম ‘Permanently Shifted’ হিচাপে চিহ্নিত হৈছে, সেই বিষয়ে সংশ্লিষ্ট নিৰ্বাচনী কৰ্তৃপক্ষই দিয়া নাই কোনো স্পষ্টীকৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















