বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰ মাজৰ মতানৈক্যই পুনৰ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ সহ-অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰক লৈ সুনীতা আহুজাই কৰা মন্তব্যৰ পিছতে ক্ষুব্ধ হৈ পৰিছে গোবিন্দা। অভিনেতাগৰাকীয়ে পত্নীক তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত হস্তক্ষেপ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ‘সীমাৰ ভিতৰত থাকিবলৈ’ও অনুৰোধ জনাইছে।

শেহতীয়াকৈ সুনীতাই গোবিন্দাৰ সৈতে কোমল ৰাণী স্বৰ্ণকাৰক দেখা পোৱাৰ পিছত দুয়োকে লৈ মন্তব্য কৰিছিল। কোমলক নিজৰ ছোৱালীৰ বয়সৰ সৈতে তুলনা কৰি সুনীতাই গোবিন্দাক এনে এগৰাকী যুৱতীৰ সৈতে ঘূৰি ফুৰাৰ বাবে লাজ পাব লাগে বুলি মন্তব্য কৰিছিল।

আনকি তেওঁ গোবিন্দাক ‘চুগাৰ ডেডী’ বুলিও অভিহিত কৰিছিল। কোমলৰ চেহেৰাৰ বিষয়তো সুনীতাই কৰা মন্তব্যই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল। এই মন্তব্যৰ পিছতে গোবিন্দাই পাপাৰাজীৰ সৈতে হোৱা কথোপকথনত নিজৰ ক্ষোভ প্ৰকাশ কৰে।
তেওঁ সুনীতাক তেওঁৰ ব্যৱসায় আৰু ভাবমূৰ্তি নষ্ট কৰিব পৰা ধৰণৰ কাম নকৰিবলৈ সকীয়াই দিয়ে। গোবিন্দাই কয় যে সুনীতাই তেওঁৰ কামত অযথা হস্তক্ষেপ কৰি আছে আৰু এনে কিছুমান কাম কৰিছে, যাৰ ফলত তেওঁৰ পেছাদাৰী ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হ’ব পাৰে। অভিনেতাগৰাকীয়ে লগতে সুনীতাক তেওঁৰ মাতৃ আৰু ভনীয়েকক লৈ আপত্তিজনক মন্তব্য বা গালি-গালাজ নকৰিবলৈও অনুৰোধ জনায়।

অভিনেতাগৰাকীয়ে কয় যে এগৰাকী ৰাজহুৱা ব্যক্তি হিচাপে তেওঁলোকৰ আচৰণে আন মানুহকো প্ৰভাৱিত কৰে। সেয়ে পৰিয়ালৰ সদস্যসকলক অপমান কৰা বা তেওঁলোকৰ নাম সস্তীয়া কৰি তোলা কোনো কাৰণতে উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। কেৱল নিজৰ বিষয়তে নহয়, কোমল ৰাণী স্বৰ্ণকাৰক লৈ সুনীতাই কৰা মন্তব্যৰো বিৰোধিতা কৰে গোবিন্দাই। তেওঁৰ মতে, কোনো ব্যক্তি দুখীয়া পৰিয়ালৰ পৰা আহিছে বুলিয়েই তেওঁক অপমান কৰা উচিত নহয়। গোবিন্দাই কয় যে চলচ্চিত্ৰ জগতত বহুজনেই সাধাৰণ বা দুখীয়া পৰিয়ালৰ পৰা আহি নিজৰ প্ৰতিভাৰে সফলতা লাভ কৰিছে। সেয়ে কোনো যুৱ শিল্পীক এনেদৰে অপমান বা বদনাম কৰা উচিত নহয় যাতে তেওঁলোকে ভয় খাই বা হতাশ হৈ এই ক্ষেত্ৰৰ পৰা আঁতৰি যাবলগীয়া হয়। অভিনেতাগৰাকীয়ে লগতে কয় যে খ্যাতি, সন্মান আৰু ধন-সম্পত্তি সকলো ঈশ্বৰৰ উপহাৰ। সেইবোৰ লাভ কৰা ব্যক্তিয়ে সেই সুবিধা নোপোৱা লোকক হেয় জ্ঞান কৰা উচিত নহয়।
সুনীতাৰ ‘চুগাৰ ডেডী’ মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে গোবিন্দাই। তেওঁ কয় যে বয়সৰ পাৰ্থক্যক লৈ কৰা এনে মন্তব্যৰ কোনো যুক্তি নাই। তেওঁৰ মতে, চলচ্চিত্ৰ জগতত বহু প্ৰবীণ অভিনেতাই নিজৰ তুলনাত যথেষ্ট কম বয়সৰ অভিনেত্ৰীৰ সৈতে কাম কৰিছে আৰু সেই ছবিসমূহে সফলতাও লাভ কৰিছে। গোবিন্দাই কয় যে এগৰাকী অভিনেতাই যুৱ অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰাটো চলচ্চিত্ৰ জগতৰ স্বাভাৱিক অংশ। তেওঁ লগতে ইংগিত দিয়ে যে তেওঁৰ বয়স বা তেওঁৰ সৈতে কোনে কাম কৰিছে, সেই বিষয়ত সুনীতাই অতিৰিক্ত চিন্তা কৰাৰ প্ৰয়োজন নাই।
শেষত গোবিন্দাই সুনীতাক পোনপটীয়াকৈ সীমা অতিক্ৰম নকৰিবলৈ অনুৰোধ জনায়। তেওঁৰ মতে, কিছুমান কথা অধিক মুকলিকৈ প্ৰকাশ পালে সেয়া দুয়োৰে বাবেই অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গোবিন্দাই সুনীতাক উদ্দেশ্য কৰি কয় যে ভৱিষ্যতে হয়তো কোনো সময়ত তেওঁৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে। সেয়ে প’ডকাষ্ট বা ৰাজহুৱা মঞ্চত তেওঁক অপমান কৰা আৰু এনেধৰণৰ বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ তেওঁ অনুৰোধ জনায়। গোবিন্দা আৰু সুনীতাৰ মাজৰ এই নতুন বাক-বিতণ্ডাই ইতিমধ্যে বলিউডত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে দুয়োৰে ব্যক্তিগত সম্পৰ্কৰ প্ৰকৃত পৰিস্থিতি কি, সেই বিষয়ে তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণ স্পষ্টীকৰণ এতিয়াও পোৱা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















