বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দই ৭ বছৰৰ মূৰত “ৰূপা” ছবিৰে বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিব। শেহতীয়াকৈ তেওঁ নিজৰ এই পৰৱৰ্তী প্ৰজেক্টৰ কথা ঘোষণা কৰিছে। এই ছবিখনেৰে বলীউডত অভিষেক ঘটাব নৱাগত ৰাণী স্বৰ্ণকাৰ, যিয়ে গোবিন্দৰ বিপৰীতে ছবিখনত নায়িকা হিচাপে অভিনয় কৰিব। শেহতীয়াভাৱে ছবিখনৰ নায়িকা ৰাণী স্বৰ্ণকাৰৰ সৈতে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে গোবিন্দ।
ইপিনে দুয়োকে একেলগে দেখাৰ পিছত গোবিন্দৰ পত্নী সুনীতা আহুজাই মন্তব্য কৰিছিল যে, “তেওঁ নিজৰ ছোৱালীৰ বয়সৰ ছোৱালী এজনীৰ সৈতে ঘূৰি ফুৰাৰ বাবে লাজ পোৱা উচিত।” ইফালে পত্নী সুনীতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত গোবিন্দই সুনীতাক নিজৰ সীমাৰ ভিতৰতে থাকিবলৈ সকীয়াই দিছিল। এই বিতৰ্কৰ মাজতে শেহতীয়াকৈ থাইলেণ্ডৰ এটা ক্লাবত নাচি থকা গোবিন্দৰ এটা নতুন ভিডিঅ’ ভাইৰেল হৈছে।
পত্নী সুনীতা আহুজাৰ সৈতে ক্ৰমবৰ্ধমান কাজিয়াৰ মাজতে থাইলেণ্ডৰ পাটায়াৰ এটা ক্লাবত অনুষ্ঠান পৰিৱেশন কৰে গোবিন্দই । নতুন অভিনেত্ৰী তথা “ৰূপা”ৰ সহ অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে এই নতুন ভিডিঅ’টো পোহৰলৈ আহিছে। শেহতীয়াকৈ দুয়োকে একেলগে বিমানবন্দৰৰ বাহিৰত দেখা গৈছিল। তাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই নতুন ভিডিঅ’টোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। ভিডিঅ’টোৰ ওপৰত বহুতে মন্তব্য কৰি লিখিছে যে বলীউডেও এই ছুপাৰষ্টাৰগৰাকীক সহায় কৰিব লাগে। গোবিন্দই নিজৰ সময়ত বহুত ভাল কাম কৰিছে।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’টোত থাইলেণ্ডৰ এটা ক্লাবত স্বাধীনতা দিৱস উদযাপনৰ সময়ত গোবিন্দক বেকগ্ৰাউণ্ড ডান্সাৰৰ সৈতে নৃত্য কৰা দেখা গৈছে। পাটায়াৰ এটা ক্লাবত তেওঁৰ কিছুমান জনপ্ৰিয় গীত যেনে “চোনি দে নাখৰে চোনে লগাদে” পৰিবেশন কৰা দেখা যায়। মঞ্চত তেওঁৰ চিগনেচাৰ ডান্স মুভো পৰিবেশন কৰা দেখা যায়। তেওঁৰ সমৰ্থনত এতিয়া আগবাঢ়ি আহিছে একাংশ লোক। ভিডিঅ’টো অবিৰতভাৱে শ্বেয়াৰ কৰা সন্দৰ্ভত মানুহে মন্তব্য কৰি কয় যে, “উদ্যোগটোৱে তেওঁক কাম দিব লাগে; তেওঁ এতিয়াও নিজৰ উৎকৃষ্ট অভিনয়েৰে সকলোৰে মনত স্থান লাভ কৰিবলৈ সক্ষম।”
ইপিনে সুনীতাই গোবিন্দ সন্দৰ্ভত পাপৰাজিক কয়, “প্ৰথমে ছবিখন নিৰ্মাণ হ’বই লাগিব; ছবিখন নিৰ্মাণ হোৱাৰ পিছতহে প্ৰমোচন হয়। কিন্তু প্ৰমোচন অবিহনে এতিয়া মই কি ক’ম? তেওঁ জীয়েকৰ বয়সৰ ছোৱালী এজনীৰ লগত আড্ডা মাৰিছে; লাজ পাব লাগে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















