• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

2 months ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

25 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

16 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

16 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

17 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

17 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

17 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

18 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

19 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

20 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

21 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

21 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

পুনৰ অগ্নিগৰ্ভা মেঘালয়ৰ ৰাজধানী

editor by editor
August 19, 2026
in অসম, উত্তৰ-পূব, বিবিধ, ৰাজনীতি, লেখা
0
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
0
SHARES
829
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ৰ ৰাজধানী শ্বিলঙত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বিভিন্ন দাবীক লৈ খাচী ছাত্ৰ সন্থা (KSU)-এ সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি বুধবাৰে বিয়লি প্ৰায় ৪ বজাৰ পাছৰ পৰা পৰিস্থিতি অধিক জটিল হৈ পৰে। প্ৰতিবাদকাৰীসকলে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, KSU-এ পাঁচ দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। সংগঠনটোৱে পূৰ্বে মেঘালয় চৰকাৰক দাবীসমূহ পূৰণৰ বাবে ১৫ দিনীয়া সময়সীমা বান্ধি দিছিল। নিৰ্ধাৰিত সময়ৰ পাছতো দাবীসমূহৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি সংগঠনটোৱে পুনৰ প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে।

প্ৰতিবাদৰ মাজতে শ্বিলঙৰ বিভিন্ন স্থানত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে মেঘালয় চৰকাৰৰ কেইবাখনো বাহন লণ্ড-ভণ্ড কৰে। ইয়াৰ লগতে কিছুমান বাহনত অগ্নিসংযোগ কৰাৰ অভিযোগো উত্থাপিত হৈছে। ইয়াৰ ফলত পৰিস্থিতি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইফালে, শ্বিলঙলৈ ফুৰিবলৈ যোৱা অসমৰ পৰ্যটকৰ বাহনতো আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাই অসমৰ পৰ্যটকসকলৰ মাজতো উদ্বেগ সৃষ্টি কৰিছে। শ্বিলং অসমৰ পৰ্যটকৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হোৱাৰ বাবে বৰ্তমানৰ পৰিস্থিতিয়ে অসমৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰা লোকসকলক চিন্তিত কৰি তুলিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যদিও বিয়লি সময়ছোৱাত উত্তেজনা অব্যাহত থকাৰ অভিযোগ উঠিছে। প্ৰতিবাদকাৰীসকলৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘাতৰ আশংকাও বৃদ্ধি পাইছে।

বৰ্তমান শ্বিলঙৰ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত পৰ্যটকসকলক অধিক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে। বিশেষকৈ অসমৰ পৰা ব্যক্তিগত বাহনেৰে শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰা লোকসকলে যাত্ৰাৰ পূৰ্বে স্থানীয় পৰিস্থিতি আৰু প্ৰশাসনৰ নিৰ্দেশনা সম্পৰ্কে নিশ্চিত হৈ লোৱাটো জৰুৰী। পৰিস্থিতি কেতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিব, সেয়া এতিয়াও স্পষ্ট নহয়। KSUৰ দাবী আৰু চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰতে শ্বিলঙৰ পৰিস্থিতি কোন দিশে আগবাঢ়ে, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24KSUshillong
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
Next Post
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ'ব লাভ, কোনে হ'ব লাগিব সাৱধান?

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.