গৰমৰ দিনত পঁইতা ভাতৰ জুতি লৈ সকলোৱে ভাল পায় । আধুনিক জীৱনশৈলী আৰু ফাষ্টফুডৰ যুগতো খাদ্য ভালপোৱা অসমীয়াৰ হৃদয়ত পঁইতা ভাতৰ স্থান আছে। কিন্তু সকলোৱে ভালপোৱা এই খাদ্যবিধক ইংৰাজীত কি বুলি ক’ব জানেনে?
পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থিতি দেখা যায়। খাদ্যৰ বিভিন্ন ভাগ সমূহ যেনে- সাত্বিক, ৰাজসিক আৰু তাম্ৰসিকৰ ভিতৰত পঁইতা ভাত তাম্ৰসিক খাদ্যৰ অন্তৰ্ভুক্ত। মোগলৰ শাসনকালত সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্যসকলে আয়োজন কৰা মুকলি অনুষ্ঠানৰ অভ্যাগত দৰ্শক শ্ৰোতাবৃন্দক ঐতিহ্যবাহী পঁইতা ভাত খুৱাইছিল। পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।
ভাষাবিদ আৰু খাদ্য বিশেষজ্ঞসকলৰ মতে পঁইতা ভাতৰ আটাইতকৈ সাধাৰণ আৰু শুদ্ধ ইংৰাজী অনুবাদ হৈছে ‘Fermented Rice’ বা ‘Fermented Rice Soup’।
কিন্তু পঁইতা ভাত পৰিবেশনৰ ওপৰত নিৰ্ভৰ কৰি ইংৰাজীত আন কেইবাটাও নাম ব্যৱহাৰ কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাই, আলু পিটিকা, বেহুৱা, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খোৱা হয়। পঁইতা ভাত বনাওতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে, অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















