জনপ্ৰিয় কণ্ঠশিল্পী অংকিত বালিয়ানৰ মৃত্যু। বুধবাৰে উত্তৰ প্ৰদেশৰ ছামলীৰ জীমৰ পৰা ওলোৱাৰ সময়ত দূৰ্বৃত্তই বুকু ভেদে ১৮ জাই গুলীৰে।
কিন্তু আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল তেওঁৰ মৃত্যুৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই গীতটোৰ কথাতো ৰাজপথত হত্যাৰ কথা উল্লেখ আছিল!
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অংকিত সন্ধিয়া প্ৰায় ৭ বজাত ছামলীৰ কোতৱালি অঞ্চলৰ জীমৰ পৰা ওলাই আহিছিল। সেই মুহূৰ্তত তিনিৰ পৰা চাৰিজন অচিনাক্ত দূৰ্বৃত্তই তেওঁক ঘেৰি ধৰে আৰু গুলীচালনা কৰে। বাৰে বাৰে শৰীৰত গুলীচালনা কৰি ৰক্তাক্ত অৱস্থাত মাটিত পৰি যায়। যদিও তেওঁৰ ওচৰ-চুবুৰীয়া মানুহে তেওঁক সোনকালে চিকিৎসালয়লৈ লৈ গৈছিল, তথাপিও তেওঁক ৰক্ষা কৰিব পৰা নাছিল। চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই ঘটনাৰ পিছতে অংকিতৰ কণ্ঠত গোৱা এটি জনপ্ৰিয় গীত ‘Bhari Court Mein Goli’ ক লৈ এক নতুন আলোচনা আৰম্ভ হৈছে। গীতটোৰ নাম আৰু কথাই বন্দুক আৰু গুলীক বুজায়। এই গীতটো আৰু বাস্তৱ জীৱনৰ গুলীচালনাত অংকিতৰ মৃত্যু হোৱা ঘটনাৰ মাজত থকা অদ্ভুত সাদৃশ্য দেখি অনুৰাগীসকল হতভম্ব হৈ পৰিছে। অৱশ্যে এই পৰ্যন্ত এই হত্যাকাণ্ডৰ সৈতে গানটোৰ সম্পৰ্ক থকা কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নাই।
ইতিমধ্যে এটা পোষ্টক লৈ ছ’চিয়েল মিডিয়াত ডাঙৰ হুলস্থুলৰ সৃষ্টি হৈছে। এই হত্যাকাণ্ডৰ দায়িত্ব লৈছে দিল্লীৰ কুখ্যাত গোগী গেং বুলি দাবী কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















