• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

2 minutes ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

1 hour ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

2 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

3 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

15 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

15 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

15 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

15 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

16 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

17 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

17 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

18 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

ড্ৰা*গছ সেৱনকাৰীৰ নৃ*শংসতা! 

editor by editor
September 7, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এখন সভ্য সমাজৰ বাবে অত্যন্ত চিন্তনীয় ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। দেওবাৰে নিশা পোহৰলৈ আহিছে এক নৃ*শংস হ*ত্যাকাণ্ডৰ ঘটনা। বেলতলাৰ বশিষ্ঠপুৰত পত্নীক শিৰচ্ছে*দ কৰি এটা অংশ ফ্ৰীজত ভৰাই এটি অংশ মজিয়াত পেলাই পলায়ন কৰে ড্ৰা*গছ আসক্ত স্বামীয়ে। অৱশ্যে বাতৰি লিখাৰ পৰলৈ অভিযুক্ত স্বামী ৰামানুজন গোস্বামীয়ে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছে। আৰক্ষীৰ আগত অভিযুক্ত ৰামানুজনে ইতিমধ্যে পত্নীক হ*ত্যাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত এই কথা পোহৰলৈ আহিছে যে অভিযুক্ত ৰামানুজন ড্ৰা*গছ আসক্ত আছিল।
ড্ৰা*গছৰ আসক্তিয়ে কেৱল এজন ব্যক্তিৰ জীৱনেই ধ্বংস নকৰে, ইয়াৰ প্ৰভাৱ পৰিয়াল আৰু সমাজৰ ওপৰতো ভয়াৱহভাৱে পৰে। নিচাৰ বাবে ধনৰ প্ৰয়োজন, নিচাৰ ফলত সৃষ্টি হোৱা মানসিক অস্থিৰতা, পাৰিবাৰিক সংঘাত আৰু অপৰাধমূলক কাৰ্যকলাপ—এই সকলোবোৰে কেতিয়াবা ভয়ংকৰ হত্যাকাণ্ডৰ ৰূপ লয়। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবছৰত সংঘটিত কেইবাটাও ঘটনাত আৰক্ষী বা পৰিয়ালৰ লোকে অভিযুক্তজনৰ ড্ৰা*গছ বা নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ কথা উল্লেখ কৰিছে। চিন্তনীয়া কথাটো হৈছে ড্ৰা*গছৰ এনে ভয়ংকৰ পৰিণতি গ্ৰামাঞ্চলৰ তুলনাত নগৰাঞ্চলত বহু বেছি।

ড্ৰা*গছৰ পৰিণতিত ৰাজ্যত সংঘটিত কেইটামান নৃশংস হ*ত্যাকাণ্ড

২০২৩ত পিতৃক হ*ত্যা কৰি দুদিন ধৰি ঘৰৰ ভিতৰতে মৃ*তদেহ ৰাখিছিল পুত্ৰই। ২০২৩ চনৰ ডিচেম্বৰত তিনিচুকীয়াত সংঘটিত এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰিছিল। ৬৪ বছৰীয়া অশ্বিনী দত্তক তেওঁৰ ৩১ বছৰীয়া পুত্ৰ অৰিন্দমে ঘৰৰ ভিতৰতে চো*কা অ*স্ত্ৰৰে হ*ত্যা কৰাৰ অভিযোগ উঠিছিল। আৰক্ষীৰ মতে, হ*ত্যাকাণ্ডৰ পিছত প্ৰায় দুদিন ধৰি ঘৰৰ ভিতৰতে মৃ*তদেহটো পৰি আছিল। চুবুৰীয়াই অশ্বিনী দত্তক দুদিন ধৰি দেখা নোপোৱাৰ পিছত সন্দেহ কৰে আৰু ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে সদৰী কৰা মতে, অভিযুক্তজনে হ*ত্যাৰ কথা স্বীকাৰ কৰিছিল। চুবুৰীয়া আৰু আত্মীয়সকলৰ বক্তব্য অনুসৰি, অৰিন্দম ড্ৰা*গছ আৰু সুৰাৰ প্ৰতি আসক্ত আছিল আৰু সম্পত্তি তথা ধন-সম্পত্তিৰ বিষয়ক লৈ পিতৃ-মাতৃৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল।
২০২৩ চনৰ জানুৱাৰীত গুৱাহাটীৰ নুনমাটি অঞ্চলত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে সদৰী কৰা মতে, ১৯ বছৰীয়া এজন ড্ৰা*গছ আসক্ত যুৱক আৰু তেওঁৰ পত্নীয়ে পিতৃ আৰু নাবালিকা ভগ্নীক নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰাৰ অভিযোগ উঠিছিল। ঘটনাৰ পিছত পৰিয়ালৰ সাঁচি ৰখা ধন লৈ দুয়ো পলায়ন কৰাৰ অভিযোগ উঠিছিল। কিছুদিন পিছত যুৱকজনৰ ৪৮ বছৰীয়া পিতৃ বুল দাসৰ মৃ*তদেহ ৰে’লপথৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে পুত্ৰ আৰু বোৱাৰীৰ সন্দেহজনক ভূমিকাৰ পিছতে তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ মতে, যুৱকজন ড্ৰা*গছ আসক্ত আছিল আৰু পিতৃ-মাতৃৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল।
২০২৩ চনৰ ফেব্ৰুৱাৰীত যোৰহাটত সংঘটিত এক হ*ত্যাকাণ্ডয়ো সকলোকে স্তম্ভিত কৰিছিল। আৰক্ষীৰ মতে, ২৪ বছৰীয়া লোহিত গগৈ নামৰ এজন ড্ৰাইভাৰ আৰু ড্ৰা*গছ আসক্ত যুৱকে বন্ধুৰ সৈতে সুৰাপান কৰি থকাৰ সময়ত কাজিয়াত লিপ্ত হয়। কাজিয়া তীব্ৰ হোৱাৰ পিছত অভিযুক্তজনে চো*কা অ*স্ত্ৰ ব্যৱহাৰ কৰি ২১ বছৰীয়া ৰাতুল চৌৰাক হ*ত্যাৰ অভিযোগ উঠে।
ড্ৰা*গছৰ সৈতে জড়িত ঘটনাৰ আন এটা ভয়ংকৰ দিশো ২০২২ চনত গুৱাহাটীত দেখা গৈছিল। ফটাশিল-আমবাৰী অঞ্চলৰ আদাগুদামত মোবাইল চুৰিৰ সন্দেহত এজন যুৱকক একাংশ শ্ৰমিকে প্ৰহাৰ কৰিছিল। পিছত যুৱকজনক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি GMCHলৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃ*ত ঘোষণা কৰে। আৰক্ষীয়ে জনোৱা মতে, মৃ*ত যুৱকজন ড্ৰাগছ আসক্ত আছিল আৰু তেওঁৰ পৰা এটা চিৰিঞ্জ আৰু সন্দেহজনক psychotropic substance উদ্ধাৰ হৈছিল। ঘটনাৰ সৈতে জড়িত ১১জনক গ্ৰেপ্তাৰ কৰা হৈছিল।
২০২২ চনৰ এপ্ৰিলত বামুণীমৈদামত কাজল দাস নামৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ মৃ*তদেহ উদ্ধাৰ হৈছিল। তেওঁৰ ডি*ঙি ক*টা অৱস্থাত মৃ*তদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে সেই সময়ত হ*ত্যাকাণ্ডটোৰ সৈতে ড্ৰাগছ আসক্ত লোক জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল। একেটা বছৰতে গুৱাহাটীৰ আন এটা হ*ত্যাকাণ্ডত অভিযুক্তৰ ড্ৰা*গছ আসক্তিৰ তথ্যও তদন্তত পোহৰলৈ আহিছিল। প্ৰাথমিক তদন্ত অনুসৰি, ধনৰ লেনদেনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ মাজতে এজন পশু চিকিৎসকক গাড়ীৰ চাবিৰে আক্ৰমণ কৰি হ*ত্যা কৰাৰ অভিযোগ উঠিছিল। আৰক্ষীৰ তদন্তত অভিযুক্তজন ড্ৰাগছ আসক্ত বুলি উল্লেখ কৰা হৈছিল।
২০২৫ চনৰ অক্টোবৰত গুৱাহাটীৰ হাতীগাঁৱত এগৰাকী মহিলাৰ মৃ*তদেহ উদ্ধাৰ হোৱা ঘটনাতো ড্ৰাগছৰ সংযোগৰ কথা পোহৰলৈ আহিছিল। আৰক্ষীয়ে ভাড়াঘৰৰ পৰা ৫১ টা ড্ৰা*গছৰ ভায়েল আৰু ১.৪৭ লাখ টকা উদ্ধাৰ কৰাৰ কথা জনাইছিল। তদন্তৰ পিছত নয়ন দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰা হয় আৰু আৰক্ষীয়ে তেওঁ ড্ৰা*গছ আসক্ত বুলি উল্লেখ কৰে।

ড্ৰা*গছ আৰু অপৰাধৰ মাজত সম্পৰ্ক কিয় ভয়ংকৰ?

ড্ৰা*গছ আসক্ত হোৱা প্ৰতিজন ব্যক্তিয়েই হ*ত্যাকাণ্ড সংঘটিত কৰে বুলি ক’ব নোৱাৰি। কিন্তু বিভিন্ন ঘটনাই দেখুৱাইছে যে নিচাৰ সৈতে জড়িত ধনৰ প্ৰয়োজন, মানসিক অস্থিৰতা, পাৰিবাৰিক সংঘাত, অপৰাধী চক্ৰৰ সংস্পৰ্শ আৰু হিংসাত্মক আচৰণ বহু সময়ত একেলগে আহি পৰে। অসমত ড্ৰাগছৰ সমস্যা যে গুৰুতৰ হৈ পৰিছে, তাৰ আন এটা প্ৰমাণ হৈছে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলি থকা আৰক্ষী আৰু NCBৰ অভিযান। শেহতীয়াকৈ গুৱাহাটীৰ বিশেষ NDPS আদালতে ২০২০ চনৰ ২.১৪৬ কিলোগ্ৰাম মেথামফেটামিন টেবলেট জব্দৰ গোচৰত তিনিজনক ১৫ বছৰৰ কঠোৰ কাৰাদণ্ড দিছে।

কেৱল গ্ৰেপ্তাৰেই সমস্যাৰ সমাধান নহয়

ড্ৰা*গছৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা অতি প্ৰয়োজনীয়। কিন্তু তাৰ লগতে আসক্ত যুৱক-যুৱতীক চিকিৎসা, কাউন্সেলিং, পুনৰ্বাসন আৰু পৰিয়ালৰ সহায়ো সমানেই প্ৰয়োজন। গৱেষণাতো অসমত যুৱ প্ৰজন্মৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তিৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ প্ৰভাৱ,কৌতূহলৰ আগ্ৰহ আৰু সামাজিক-মানসিক কাৰকৰ ভূমিকা পোৱা গৈছে। পুনৰ্বাসনৰ ক্ষেত্ৰত কেৱল নিচামুক্তকৰণৰ সলনি দীৰ্ঘম্যাদী সহায়ৰ প্ৰয়োজনীয়তাও গৱেষণাত উল্লেখ কৰা হৈছে। সেয়েহে বশিষ্ঠপুৰৰ দৰে কোনো নতুন ঘটনাত যদি ড্ৰা*গছ আসক্তিৰ অভিযোগ উঠে, তেন্তে তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পৰিৱৰ্তে আৰক্ষীৰ তদন্ত, মৰণোত্তৰ পৰীক্ষা, ফৰেনছিক প্ৰমাণ আৰু আদালতৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰাটোৱেই উচিত। ড্ৰা*গছ কেৱল এজন যুৱক বা এগৰাকী যুৱতীৰ ব্যক্তিগত সমস্যা নহয়—ই এটা পৰিয়াল ভাঙিব পাৰে, জীৱন ধ্বংস কৰিব পাৰে আৰু কেতিয়াবা এখন সমাজৰ নিৰাপত্তাৰ বাবেও ডাঙৰ ভাবুকি হৈ উঠিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24drugsdrugs consumed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…
ভাৰত

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

September 7, 2026
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু
জীৱনশৈলী

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

September 7, 2026
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ
জীৱনশৈলী

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

September 7, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

September 6, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.