অসম লাইভ ২৪ঃ ব’হাগ বিহুৰ পূৰ্বেই অসমত ৩টা পৰ্যায়ত নিৰ্বাচন। অসমত ৩টা পৰ্যায়ত হ’ব ভোটগ্ৰহণ। ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২৭ মাৰ্চত অসমত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ। ২ মে’ত হ’ব অসমত নিৰ্বাচনৰ ফলাফল ঘোষণা। অসমত দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিৰ ভোটগ্ৰহণ। অসমত ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত ভোটগ্ৰহণ। ৬ এপ্ৰিলত অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত থাকিব ৩৩,৫৩০ ভোটকেন্দ্ৰ। সকলো ভোটকেন্দ্ৰ থাকিব লাগিব ভূমি মহলাত। প্ৰত্যেকটো ভোটকেন্দ্ৰত থাকিব ১,০০০কৈ ভোটাৰ। মনোনয়ন জমা দিওঁতে প্ৰাৰ্থীৰ লগত দুজনহে লোক থাকিব পাৰিব।। মনোনয়ন জমাৰ সময়ত দুখনহে গাড়ী ব্যৱহাৰ কৰিব পাৰিব। প্ৰচাৰৰ সময়ত প্ৰাৰ্থীসহ ৫ জন লোকহে থাকিব পাৰিব। অসমত প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ৩০ লাখ ৮০ হাজাৰ। অসমত নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষক হ’ব এছ শ্ৰীনিৱাসন। অসমত আয়োগৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক হ’ব মীনা নিগম। অসমৰ বিহু উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ দিন ধাৰ্য। ভোটকেন্দ্ৰত থাকিব পানী, চাবোন আৰু ছেনিটাইজাৰৰ ব্যৱস্থা। অপৰাধমূলক গোচৰত অভিযুক্ত প্ৰাৰ্থীয়ে বাতৰি কাকতত। বিজ্ঞাপনযোগে এই বিষয়ে প্ৰকাশ কৰিব লাগিব। ভোটাৰে ‘চি ভিজিল’ নামৰ এপত অভিযোগ দাখিল কৰিব পাৰিব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ