কৃত্ৰিম বুদ্ধিমত্তা বা AIক লৈ সমগ্ৰ বিশ্বতে এতিয়া ব্যাপক উৎসাহ। স্বাস্থ্য, শিক্ষা, গৱেষণা, ব্যৱসায়ৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনলৈকে AI-এ বহু কাম সহজ কৰি তুলিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে AIৰ ভৱিষ্যৎ বিপদ আৰু মানুহৰ ওপৰত ইয়াৰ সম্ভাব্য প্ৰভাৱক লৈ উদ্বেগো বৃদ্ধি পাইছে। এই বিতৰ্কৰ মাজতে AI কোম্পানী Anthropic-ৰ সৈতে জড়িত গৱেষক জেকব কক্সনৰ পদত্যাগে নতুনকৈ বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। কক্সনৰ দাবী, AI কোম্পানীসমূহে এনে শক্তিশালী AI ব্যৱস্থা নিৰ্মাণৰ দৌৰত নামিছে, যিয়ে ভৱিষ্যতে নিজকে নিজে অধিক উন্নত কৰি তুলিব পাৰে আৰু কোনো কোনো ক্ষেত্ৰত মানুহৰ ক্ষমতাকো অতিক্ৰম কৰিব পাৰে। তেওঁৰ মূল আশংকা হৈছে—AI বিকাশৰ গতি যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেন্তে এসময়ত মানুহৰ বাবে এই শক্তিশালী ব্যৱস্থাসমূহক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব পাৰে।
কোন জেকব কক্সন?

জেকব কক্সন এজন AI গৱেষক। তেওঁৰ X প্ৰফাইল অনুসৰি, তেওঁ যোৱা প্ৰায় তিনি বছৰ OpenAI আৰু Anthropic—দুয়োটা প্ৰতিষ্ঠানতে AI-ৰ pre-training research-ৰ সৈতে জড়িত হৈ কাম কৰিছিল। চাকৰি এৰি দিয়াৰ কথা প্ৰকাশ কৰি তেওঁ AIৰ ভৱিষ্যৎ আৰু ইয়াৰ সম্ভাব্য বিপদ সম্পৰ্কে নিজৰ উদ্বেগ মুকলিকৈ প্ৰকাশ কৰে। কক্সনৰ মতে, তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে AIৰ বিকাশৰ গতি। তেওঁৰ আশংকা, মানুহে যদি এনে AI নিৰ্মাণ কৰে যি নিজকে নিজে অধিক শক্তিশালী কৰি তুলিব পাৰে, তেন্তে কোনো এটা পৰ্যায়ত মানুহে সেই AIৰ ওপৰত থকা নিয়ন্ত্ৰণ হেৰুৱাব পাৰে।
ছুপাৰইণ্টেলিজেণ্ট AI কিয় বিপজ্জনক হ’ব পাৰে?
কক্সনৰ মতে, আগন্তুক সময়ত AI-এ এনে কিছুমান ক্ষমতা লাভ কৰিব পাৰে যিবোৰ বৰ্তমান মানুহৰ তুলনাত বহু গুণ শক্তিশালী হ’ব। তেওঁৰ আশংকা অনুসৰি, অত্যন্ত উন্নত AI-এ— কম সময়ৰ ভিতৰতে জটিল চাইবাৰ আক্ৰমণ বা হেকিং কৰিব পাৰে, বিভিন্ন ক্ষেত্ৰত অতি দ্ৰুত পৰিৱৰ্তন আনিব পাৰে, বৃহৎ পৰিমাণৰ সম্পদ আৰু প্ৰভাৱ লাভ কৰিব পাৰে আৰু মানুহে যি কাম কৰিবলৈ বহু সময় লয়, সেই কাম অতি কম সময়তে সম্পন্ন কৰিব পাৰে। কক্সনৰ মতে, এই সম্ভাৱনাসমূহ কেৱল ভৱিষ্যতৰ কল্পনা নহয়। AIৰ ক্ষমতা ইতিমধ্যে দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু এই গতি এতিয়াও কমা নাই।
AI মানুহৰ বাবে ডাঙৰ বিপদ হৈ পৰিব পাৰে নেকি?
কক্সনে দাবী কৰিছে যে AI ক্ষেত্ৰত কাম কৰা বহু লোকেই ব্যক্তিগতভাৱে স্বীকাৰ কৰে যে এই দশকৰ শেষৰ ফালে AI-এ মানুহৰ বাবে অতি গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ মতে, বহু জ্যেষ্ঠ গৱেষক আৰু AI কোম্পানীৰ বিষয়াই ৰাজহুৱাভাৱে AIৰ বিপদৰ বিষয়ে কথা কওঁতে যথেষ্ট সাৱধানী ভাষা ব্যৱহাৰ কৰে। কিন্তু ব্যক্তিগত আলোচনাত তেওঁলোকৰ মাজতো গভীৰ উদ্বেগ দেখা যায়। কক্সনৰ মতে, মানৱ সভ্যতাৰ বাবে সম্ভাব্য ইমান ডাঙৰ বিপদ সৃষ্টি কৰিব পৰা আন বহু কামৰ তুলনাত AIৰ ক্ষেত্ৰখন বিশেষভাৱে চিন্তাৰ বিষয়।
ইমান বিপদৰ আশংকা থাকিও কোম্পানীসমূহে AI নিৰ্মাণ কৰি আছে কিয়? এয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। যদি AIৰ সম্ভাব্য বিপদ সম্পৰ্কে কোম্পানীসমূহ অৱগত, তেন্তে তেওঁলোকে ইয়াৰ বিকাশ অব্যাহত ৰাখিছে কিয়? কক্সনে OpenAI আৰু Anthropicৰ ক্ষেত্ৰত কিছু পৃথক মত প্ৰকাশ কৰিছে। তেওঁৰ মতে, OpenAIৰ ভিতৰত বহু লোকে AIৰ সম্ভাব্য ‘civilizational stakes’ বা মানৱ সভ্যতাৰ ওপৰত পৰিব পৰা ব্যাপক প্ৰভাৱ সম্পূৰ্ণৰূপে উপলব্ধি কৰা নাই।
আনহাতে Anthropicত AIৰ বিপদ সম্পৰ্কে যথেষ্ট সচেতনতা আছে বুলি তেওঁ দাবী কৰে। কিন্তু তেওঁৰ মতে, কোম্পানীটোও এক তীব্ৰ প্ৰতিযোগিতাত সোমাই পৰিছে। যদি Anthropic-এ AI বিকাশৰ ক্ষেত্ৰত পিছ পৰে, তেন্তে আন কোনো কোম্পানীয়ে আগবাঢ়ি যাব পাৰে—এই আশংকাই প্ৰতিযোগিতাখন আৰু তীব্ৰ কৰি তুলিছে।
কক্সনৰ আটাইতকৈ ডাঙৰ আপত্তি ক’ত?
কক্সনৰ মতে, কেৱল AIৰ ক্ষমতা সৰ্বাধিক কৰাৰ লক্ষ্যৰে কোম্পানীসমূহৰ মাজত চলি থকা প্ৰতিযোগিতা অত্যন্ত বিপজ্জনক হ’ব পাৰে। তেওঁৰ প্ৰশ্ন—সমগ্ৰ মানৱজাতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা এনে এটা সিদ্ধান্ত কেৱল কোনো ব্যক্তিগত কোম্পানীৰ ভিতৰুৱা Slack-ৰ দৰে প্লেটফৰ্মত হোৱা আলোচনাৰ ভিত্তিত লোৱা উচিত নেকি? তেওঁৰ মতে, AI এনেদৰে বিকশিত কৰা উচিত যাতে ই মানুহৰ স্বাৰ্থ, নিৰ্দেশনা আৰু সুৰক্ষাৰ সৈতে সামঞ্জস্য ৰাখি কাম কৰে। অৰ্থাৎ AI কিমান শক্তিশালী হ’ব পাৰে, সেইটোতকৈ AI কিমান নিৰাপদ আৰু মানুহৰ নিয়ন্ত্ৰণত থাকিব, সেই প্ৰশ্নটোৱেই অধিক গুৰুত্বপূৰ্ণ।

সাময়িক বিৰতি দিব লাগে নেকি?
কক্সনে কেৱল সতৰ্কবাণী দিয়েই থমকি ৰোৱা নাই। তেওঁ AIৰ বিকাশৰ গতি নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপৰ কথাও কৈছে। তেওঁৰ মতে, যদি বিশ্বই AIৰ মাজত চলি থকা প্ৰতিযোগিতা কিছু সময়ৰ বাবে ৰোধ কৰিব বিচাৰে, তেন্তে কিছুমান ব্যতিক্ৰমী আৰু ব্যয়বহুল সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে। AI মডেলৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত সাময়িক বিৰতি দিয়াৰ সম্ভাৱনাৰ প্ৰতিও তেওঁ সমৰ্থন প্ৰকাশ কৰিছে। তেওঁৰ মতে, AI কোম্পানীসমূহৰ মাজত সমন্বয়ৰ সম্ভাৱনা এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। কিন্তু বৰ্তমান বিশ্বই এনে কোনো পৰিস্থিতিৰ দিশে আগবাঢ়ি থকা যেন নালাগে, য’ত AIৰ বৈশ্বিক প্ৰতিযোগিতা বন্ধ কৰাৰ বাবে এক উমৈহতীয়া সিদ্ধান্ত লোৱা হ’ব।
আন AI গৱেষকসকললৈ কক্সনৰ আহ্বান
কক্সনে AI লেবৰেটৰীত কাম কৰা আন গৱেষকসকলকো নিজৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ প্ৰশ্ন—ভৱিষ্যতে যদি মানুহে ছুপাৰইণ্টেলিজেণ্ট AI কেনেকৈ কাম কৰে বা ‘চিন্তা’ কৰে সেয়া সম্পূৰ্ণৰূপে বুজি নাপায়, তেন্তে সেই ব্যৱস্থাৰ ওপৰত অত্যন্ত শক্তিশালী Reinforcement Learning (RL) প্ৰয়োগ কৰাটো কিমান নিৰাপদ? তেওঁ গৱেষকসকলক কেৱল ‘এইটো হ’বই’ বুলি ভাবি নীৰৱ হৈ নাথাকিবলৈ আহ্বান জনাইছে। তাৰ পৰিৱৰ্তে AI অধিক নিৰাপদ আৰু দায়িত্বশীলভাৱে বিকশিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিবলৈ তেওঁ আহ্বান জনাইছে।
Anthropic-ৰ CEOৰ মত কি?
কক্সনৰ উদ্বেগৰ মাজতে Anthropic-ৰ CEO ডাৰিঅ’ আমোডেই-ৰ AI নিয়ন্ত্ৰণ সম্পৰ্কীয় মতও চৰ্চালৈ আহিছে। আমোডেইয়ে AI নিয়ন্ত্ৰণৰ বিৰুদ্ধে থকা এই যুক্তি মানি লোৱা নাই যে কঠোৰ নিয়ম কৰিলে AIৰ ক্ষমতা কেৱল কেইখনমান ডাঙৰ কোম্পানী আৰু চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ পৰিব। তেওঁৰ মতে, সঠিকভাৱে আৰু চিন্তা-চৰ্চা কৰি নিয়ম প্ৰস্তুত কৰিলে ডাঙৰ AI কোম্পানীসমূহৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পৰা যায়। একে সময়তে সৰু কোম্পানীসমূহেও আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে।
এই বিতৰ্কৰ এটা দিশত বিনিয়োগকাৰী গেভিন বেকাৰে যুক্তি দিছিল যে AIৰ ক্ষমতা কেৱল কেইটামান ডাঙৰ কোম্পানীৰ মাজতে সীমাবদ্ধ নাথাকি অধিক সংখ্যক মানুহ আৰু কোম্পানীৰ বাবে উপলব্ধ হোৱা উচিত। কিন্তু আমোডেইয়ে এই কথাক এক প্ৰকাৰৰ ‘ভুৱা বিকল্প’ বুলি অভিহিত কৰিছে। তেওঁৰ মতে, AIৰ ক্ষমতা নিয়ন্ত্ৰণ কৰা আৰু একে সময়তে ইয়াক অধিক লোকৰ বাবে উপলব্ধ কৰাৰ মাজত তৃতীয় এটা পথ থাকিব পাৰে। অৰ্থাৎ, উপযুক্ত নিয়ম আৰু শক্তিশালী প্ৰতিষ্ঠানৰ জৰিয়তে ডাঙৰ কোম্পানীসমূহৰ ক্ষমতা নিয়ন্ত্ৰণ কৰাৰ লগতে সাধাৰণ মানুহৰ অধিকাৰো সুৰক্ষিত কৰিব পৰা যায়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















