ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰুল আমিন আহমেদৰ বিৰুদ্ধে নৱম শ্ৰেণীৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক বেতেৰে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কেৱল এয়াই নহয়, শিক্ষকজনৰ প্ৰহাৰত কেবাগৰাকীও ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হবলগীয়াও হৈছে। অভিযোগ অনুসৰি, স্বাধীনতা দিৱসত ৰূপায়ণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীৰ ফটো জমা নিদিয়াৰ বাবেই প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক এফালৰ পৰা বেতেৰে প্ৰহাৰ কৰে। এই ঘটনাত বহু ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ লগতে ২০ৰো অধিক ছাত্ৰ-ছাত্ৰী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ১৫ আগষ্টৰ পিছত নিয়ম অনুসৰি বৃক্ষৰোপণ কৰিছিল। বৃক্ষৰোপণৰ ফটো বিদ্যালয়ত জমা দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে মোবাইল ফোন বিদ্যালয়লৈ লৈও আহিছিল। কিন্তু সেই সময়ত প্ৰধান শিক্ষক নুৰুল আমিন আহমেদে পিছত ফটো জমা ল’ব বুলি কোৱাৰো অভিযোগ উঠিছে। ইয়াৰ পিছতে আজি শিক্ষা বিভাগৰ পৰা প্ৰধান শিক্ষকগৰাকীলৈ বৃক্ষৰোপণৰ ফটো বিচাৰি ফোন অহাৰ পিছত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ফটো বিচাৰে। কিন্তু তাৎক্ষণিকভাৱে বিচৰাৰ বাবে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে সেই ফটো দিব নোৱাৰাত ক্ষুব্ধ হৈ প্ৰধান শিক্ষকগৰাকীয়ে এফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বেতেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

প্ৰধান শিক্ষক নুৰুল আমিন আহমেদ
বিদ্যালয়খনৰ নৱম শ্ৰেণীত মুঠ ৮২ জন ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰে প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী এই বেত্ৰাঘাতৰ ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছে। আহত ছাত্ৰ-ছাত্ৰীসকলৰ কেইবাজনো বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ দুগৰাকী ছাত্ৰীক ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, তামাৰহাট প্ৰাথমিক চিকিৎসালয় আৰু কামনাডাংগা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়তো চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও শিক্ষাৰ্থী।
এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ভুল বা নিয়ম ভংগৰ অভিযোগ থাকিলেও তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাটো কিমান যুক্তিসংগত—সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ, ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বে ফটো জমা দিবলৈ চেষ্টা কৰিছিল আৰু প্ৰধান শিক্ষকগৰাকীয়েই পিছত জমা ল’ব বুলি কৈছিল বুলি অভিযোগ উঠাৰ পিছত ঘটনাটোৱে অধিক গুৰুত্ব লাভ কৰিছে। এতিয়া আহত ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসা, ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া লক্ষণীয় হ’ব।
শিক্ষাৰ নামত শাস্তি দিয়াৰ অধিকাৰ থাকিব পাৰে, কিন্তু শাৰীৰিকভাৱে আহত কৰাৰ অধিকাৰ কোনো শিক্ষকৰেই থাকিব নোৱাৰে—কুকিলাডাংগা হাই স্কুলৰ এই ঘটনাই পুনৰবাৰ উত্থাপন কৰিছে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু শাৰীৰিক শাস্তিৰ বিষয়টো।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















