• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঔদ‍্যোগীকৰণ নে কেৱল ৰাজসাহায‍্য!

ঔদ‍্যোগীকৰণ নে কেৱল ৰাজসাহায‍্য!

6 years ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

19 minutes ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

1 hour ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

1 hour ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

2 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

3 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

4 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

6 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

14 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

15 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ঔদ‍্যোগীকৰণ নে কেৱল ৰাজসাহায‍্য!

editor by editor
July 3, 2020
in লেখা
0
ঔদ‍্যোগীকৰণ নে কেৱল ৰাজসাহায‍্য!
16
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পংগু হ’বলৈ গৈ থকা সংক্ৰমিত মানৱ সম্পদৰ ৰক্ষণাবেক্ষণ, সংগ্ৰাম, মাটি-ভেটি আৰু জাতীয়তাবাদৰ ৰক্ষণাবেক্ষণ ইত‍্যাদি সামৰি লৈ এটা কথাই মনত আহিছে যে কাক এই সংকটমোচনৰ বিষয়ে সোধা যায় বা দায়িত্ব দিয়া যায়?

ধন, টকা-পইচা, ক্ষমতা আৰু সম্পদৰ হৰাইজন, চকুৰে মণিব নোৱৰা সম্পদৰ সীমা, Reza Pahlavi, Idi Amin, Fernandez Marcoz, Saddam Hussain, Col. Gaddafi, Kenith Kaunda, Robert Mugabe, Russian Zar, আদিৰ দৰে আমাকো সম্পদ লাগে নেকি? কিন্তু ইতিহাসে কয় যে সেই সকলো তিষ্ঠিব নোৱাৰি কৰ্ফাল খাই পৰিল। মহাভাৰত-ৰামায়ণৰ কথা নক’লোৱেইবা। ৰাইজ, জনগণ মূকবধিৰ লেখীয়া হ’ল। কথাই প্ৰতি সংগ্ৰাম, প্ৰয়োজনে প্ৰতি আন্দোলন, জীৱন ধাৰণৰ ন‍্যূনতম প্ৰয়োজনীয়তাৰ দাবী, বিগত দুকুৰি বছৰে দেখি দেখি আমনি লাগিছে।

এইবাৰ, থকা মাটি-ভেটিকণো অ-খিলঞ্জীয়াৰ হাতত, মৃতকৰ পিণ্ড দিয়াদি, বহু আশা-আকাংক্ষিত সন্তান হিচাপে প্ৰদান কৰিব  বুলি বাটে-পথে, কাকতে-পত্ৰই, সংবাদ মাধ‍্যমেৰে প্ৰচাৰ কৰা হ’ল। বিশ্বৰ হঠাৎ মানৱ শক্তিৰ প্ৰত‍্যাহ্বান হিচাপে প্ৰতিটো মানৱ জীৱক স্পৰ্শ কৰি যোৱা বিজ্ঞান-প্ৰযুক্তি, মানৱতা সকলোকে প্ৰত‍্যাহ্বান জনোৱা ক’ৰোনা বা COVID-19 ক’ৰবাতে পৰি ৰ’ল। হঠাৎ অগ্ৰাধিকাৰ পালে এখন অৰ্ডিনেন্সে। গুৰু-গোসাঁই নামানি, আইন-আদালত আঁতৰত ৰাখি, আমি সকলোৱেই মিলি অতি সহজে Reform, Perform & Transform কৰিবৰ কাৰণে, উদ‍্যোগ বিভাগক আগবঢ়াই নিবলৈ ৰাতিটোৰ ভিতৰতে সংগ্ৰামী হৈ উঠিলো।

চৌদিশে ক’ৰোনাৰ বিভীষিকাৰ মাজতে সকলোবোৰ ইতিবাচক কাম চলি থকা সময়তে ভাৰত চৰকাৰৰ ‘উদ‍্যম ৰেজিষ্ট্ৰেচন’ বিষয়টোৰ ওপৰত গইনা লৈ ৰাজ‍্যৰ উদ‍্যোগ বিভাগে নাভূত-নাশ্ৰুত এক অৰ্ডিনেন্স জাৰি কৰিছে। আমি হাজাৰবাৰ কৈছো যে সমন্বয় অবিহনে মিঠা ফল খাবৈল চেষ্টা কৰা বৃথা। ভূমি বিভাগ, ৰেভিনিউ বিভাগ, Land use Board, কৃষি বিভাগ, DLR, EIF ইত‍্যাদি বিভাগসমূহৰ নীতি-নিয়ম সকলো নেওচি একাংশ মুষ্টিমেয় অ-খিলঞ্জীয়াৰ হাতত উদ‍্যোগ গঢ়াৰ নামত ৰাইজৰ প্ৰতিনিধিয়ে দেশৰ শেষ সম্বল ভেটিটো ত‍্যাগ কৰি, সংগ্ৰামী বুলি হেং-দাং লৈ উদ‍্যোগ গঢ়াৰ বাট মুকলি কৰিছে।

আমি অনুমান কৰিছো No Industry লেখীয়া এখন ৰাজ‍্যত হঠাৎ ঔদ‍্যোগীকৰণৰ বাবে কেৱল মাত্ৰ মাটিকণকে আগবঢ়াই দি বেংক, বিত্তীয় প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায‍্য ইত‍্যাদিবোৰ একগোট কৰি দেশহিতৈষী হিচাপে কাক সহায় কৰিবলৈ গৈছে বুজা টান। বিগত দুকুৰি বছৰত ২০ হাজাৰৰ পৰা ৬০ হাজাৰ উদ‍্যোগ গঢ়াৰ নামত লাখ লাখ কোটি ৰাজসাহায‍্য বিভিন্ন উৎসৰে ‘ৰেকেটীয়াৰ’সকলে উপভোগ কৰিলে। ঠগ-প্ৰৱঞ্চক, ঠগিসকল একাকাৰ হ’ল। খিলঞ্জীয়া লোকক ঋণ দিবলৈ এশ শতাংশ বন্ধকী দিলেও ঋণৰ অভাৱ হ’ল। ঋণ দিবলৈ ৩ শতাংশৰ পৰা ১০ শতাংশ উপঢৌকন বিচাৰিলে অসমত উদ‍্যোগ গঢ়িব বিচৰা অসমীয়া উদ‍্যোগীৰ পৰা। আৰু অ-খিলঞ্জীয়াক ৩০০ কোটিলৈকে বিনা জামিনে  দিয়া হ’ল। সেই প্ৰতিষ্ঠানবিলাকৰ ঘোচৰ পৰিমাণ হ’ল ৩ শতাংশৰ পৰা ১০ শতাংশ আৰু সেইসকলৰ পৰা ঘূৰাই নোলোৱা ধনৰ NPA (অ-ফলপ্ৰসূ সম্পদ) হ’ল ২৭ শতাংশ। একো একোটা ৰাষ্ট্ৰীয়কৃত বেংকৰ আকাশলংঘী NPA আৰু আমাৰ ধনেৰে Bad Debts সৃষ্টি কৰি ১০ কোটিৰ পৰা ৩০০ কোটিলৈকে ঋণ দিয়া অ-খিলঞ্জীয়া তথাকথিত উদ‍্যোগপতিৰ কাৰখানাৰ ভিতৰত ৩ হাজাৰ টকাৰো সম্পদ নাই। এয়া মাথোঁ  দুটা উদাহৰণ। মাটিৰ অধিকাৰ আৰু স্বৰ্গপ্ৰাপ্তি লাভ অ-খিলঞ্জীয়াৰ বাবে একে কথা। এতিয়া প্ৰশ্ন হৈছে যে হঠাৎ কিয় কোনোধৰণৰ জনমত অবিহনে এই আঁচনি ফলপ্ৰসূ হ’ব বুলি ঠিৰাং কৰা হ’ল?

লক্ষণীয় বিষয় হ’ল যে লাখ লাখ কোটি টকা ঔদ‍্যোগীকৰণ আৰু ৰাজসাহায‍্যৰ নামত বিগত ডেৰকুৰি বছৰে যাক বিতৰণ কৰা হ’ল, সেই হিতাধিকাৰীসকল কোন? উদ‍্যোগবোৰ ক’ত আছে? উদ‍্যোগ পঞ্জীয়ন কৰি কেৱল মাত্ৰ ২-৩ লাখ ঋণ লৈ বিয়া-বাৰু কৰোৱা, মটৰচাইকেল কিনাসকলেই এইসকল উদ‍্যোগীনে? ১০ কোটিৰ পৰা ৬০০ কোটিলৈকে ঋণ লোৱা আৰু ৰাজসাহায‍্যৰ নামত বিজুলী আৰু পৰিবহণৰ নামত যিবোৰ ধন বিতৰণ কৰা হ’ল, সেইবিলাকৰ ৰেকৰ্ড ক’ত? এইবাৰ জনসাধাৰণে ভালদৰে বুজিব ‘ঔদ‍্যোগিক সংগ্ৰাম’ কাক কয়!

ফিজি ৰাষ্ট্ৰৰ বেংকবোৰ ভাৰতীয় নাগৰিকে দেউলীয়া কৰিলে। ঠিক সেইদৰে মাটিৰ অধিকাৰ, উদ‍্যোগ গঢ়াৰ ক্ষমতা স্বয়ম্ভূ God Of Industry হোৱাৰ লগে লগে মৰিচাচ দেশৰ DODO চৰাইৰ দৰে আমিও নিঃশেষ হৈ যাম। তাৰেই ই এক শেষ সংগ্ৰাম হ’বলৈ গৈ আছে।

এইবাৰ সংগ্ৰামৰ দাবী ৬০ হাজাৰ উদ‍্যোগ (?) গঢ়িবৰ বাবে নহয় বা ঘৰৰ ভিতৰৰ পৰা নিগনি পঁইতাচোৰা খেদিবৰ বাবেও নহয়। এইবাৰ সংগ্ৰাম প্ৰকৃতাৰ্থত ‘ৰেকেটিয়াৰিং’ বন্ধ কৰা আৰু বেংকৰ টকা আত্মসাৎ কৰাৰ বিৰুদ্ধাচৰণ কৰা। যদিওবা মাটি-ভেটি একান্ত উদ‍্যোগ আদিৰ কাৰণে দিব বিচাৰিছে, Soft Window যোগেদি খিলঞ্জীয়াক অৰ্পণ কৰক।

ক’ভিড আক্ৰান্ত হৈ বিধ্বস্ত হোৱা, পশ্চিমৰ ৰাজ‍্য কেইখনৰ পৰা খেদা খোৱা আৰু বহুমুখী প্ৰতিভাৰে ভৰপূৰ লোকসকলৰ Data Base প্ৰস্তুত কৰি সেইসকলৰ প্ৰশিক্ষণৰ শিক্ষাৰে লক্ষ‍্য স্থিৰ কৰি, একো একোটা উদ‍্যোগ বিনা নথি-পত্ৰৰে (সাময়িকভাৱে) খিলঞ্জীয়াৰ উদ‍্যোগ গঢ়াৰ বাবে প্ৰস্তুতি চলোৱা হওক আৰু কোনো কাৰণতে অ-খিলঞ্জীয়াক মাটি আৰু সম্পদৰ বিভাজন ঘটাই সহজলভ‍্য চৰকাৰী ধনেৰে হেতালি খেলিবলৈ দিয়া অসমৰ জনগণে উদ‍্যোগ গঢ়িব, জনমূৰী আয় বাঢ়িব, ৰাজ‍্যৰ ৰাজভঁৰাললৈ ৰাজহ আহিব, নিবনুৱাৰ চাকৰি হ’ব, লগতে সামাজিক বিশৃংখলতা হ্ৰাস পাব বুলি ভাবিয়েই কোনো কোনো বিত্তীয় প্ৰতিষ্ঠানে একো একোজন ব‍্যৱসায়ীক ২৫ৰ পৰা ৩০ কোটিলৈকে বিনা বন্ধকীয়ে ঋণ দি এক টকাও উদ্ধাৰ কৰিব পৰা নাই। আচৰিত কথা, ঋণ দিয়া বিষয়াসকলক নিলম্বিত কৰা দূৰৰ কথা, ওলোটাই বিদেশত প্ৰমোদ ভ্ৰমণৰ কাৰণে অনুমোদন জনোৱা হ’ল আৰু প্ৰমোচন দিয়া হ’ল। তদুপৰি ‘House-Building’ ঋণ হিচাপে সেইসকল বিষয়াক লাখ লাখ টকা গৃহ ঋণো দিয়া হ’ল। এতিয়া হ’ব লগা উদ‍্যোগবোৰতো অপাত্ৰত কন‍্যাদান দিয়াদি ভূমি আৰু ধন বিতৰণ কৰিলে আমাৰ অৱস্থা তথৈবচ হ’ব।

ধিং, চাৰোগালা, বৰুৱা বামুণগাঁও, চন্দ্ৰপুৰ (AIA) আৰু (WBABO), ডাবিডুবি, জাগীৰোড, বৈতামাৰি, তুলসীবাৰী, পাঁচগ্ৰাম, নালকাটা, যোগীঘোপা ইত‍্যাদি লাখ লাখ কোটি টকা ঔদ‍্যোগীকৰণৰ নামত, খেনো হেমন্ত ব‍্যাস, খেনো গান্ধী, খেনো মতিলাল, খেনো মালহোট্ৰা আদিৰ উদৰ পূৰাবলৈ ব‍্যৱস্থা লোৱা হৈছিল। বিভিন্ন সূঁতা কল, স্পান চিল্ক মিল, চেনিকল, সাৰ-কাৰখানা আৰু কেলঢোপ কেলঢোপ কৰি থকা প্ৰায় ৩৫টা চৰকাৰী উদ‍্যোগৰ এলেকাবিলাকত উদ‍্যোগ পাম, বাছ টার্মিনেল, মাল্টি পাৰপাছ ষ্ট’ৰ, শস‍্য গুদাম, ধানকল, সাৰৰ গুদামৰ লগতে বিশেষভাৱে ব‍্যক্তিগত উদ‍্যোগ পামৰ কাৰণে মুকলি কৰি দিব লাগে। তেতিয়া হয়তো যিমানখিন ধন বিনিয়োগ আৰু অপব‍্যয় কৰা হৈছিল সেইখিনিৰ অন্ততঃ এটা অংশ হ’লেও ওলাই আহিলে, COVID আক্ৰান্ত হৈ প্ৰব্ৰজিত হোৱা থলুৱা, প্ৰশিক্ষিত লোকসকলৰ দ্বাৰা কিছু উদ‍্যোগ গঢ়ি তুলিব পৰা যায়। ব‍্যতিৰেকে, নতুন অৰ্ডিনেন্সখন সাময়িকভাৱে বাতিল কৰা হওক।

‘অশোক ব্ৰহ্মপুত্ৰ’ হোটেলৰ কাৰণে আমি বহুবাৰ প্ৰস্তাৱ দিছিলো আৰু আজিলৈকে কোনো ধৰণৰ সিদ্ধান্ত নহ’ল। এনেধৰণে জহি-খহি যোৱা উদ‍্যোগৰ লগতে শেহতীয়াভাৱে প্ৰায় হাজাৰ কোটি টকাৰ দুর্নীতি আৰু লোকচানেৰে বন্ধ হৈ যোৱা জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কলৰ পিছে পিছে এইবাৰ নাম লিখিব ‘BCPL’-এ। অর্থাৎ ‘Brahmaputra Cracker and Polymer Limited’.

(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ‍্য আৰু বিত্ত বিশ্লেষক)

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amal k borpujaribcplnew land ordinance assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা
বাণিজ্য

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
Next Post
ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

আমেৰিকাত প্ৰশংসিত বদৰুদ্দিন আজমল

আমেৰিকাত প্ৰশংসিত বদৰুদ্দিন আজমল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.