• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

6 years ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

1 hour ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

2 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

2 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

3 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

3 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

4 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

4 hours ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

5 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

5 hours ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

5 hours ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

6 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

editor by editor
July 4, 2020
in লেখা
0
ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি
392
SHARES
620
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজনৈতিক বিকল্প আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি

১৬ অক্টোবৰ, ১৯০৫ চনত বংগ-ভংগৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিছিল তদানীন্তন ভাইচৰয় লৰ্ড কাৰ্জনে । স্বাধীনতা আন্দোলনৰ সহস্ৰ সংগ্ৰামৰ ঐক্যবদ্ধ প্ৰতিৰোধক প্ৰশমিত কৰিবৰ বাবে বাংলা জাতীয়তাবাদক ধৰ্মৰ ভিত্তিত ভাগ কৰিবলৈ ইংৰাজে এনে পন্থা হাতত লৈছিল । পৰৱৰ্তী সময়ছোৱাত বংগ ৰাজ্যৰ হিন্দু-মুছলমান উভয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে প্ৰবল প্ৰতিবাদ কৰাৰ ফলত ১৯১১ চনত ঠিক ছয় বছৰ নৌহওঁতেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

ক্ষমতাৰ বাবে জাতি-ধৰ্মৰ নামত অনুৰূপ পন্থাৰ আশ্ৰয় লোৱাৰ উদাহৰণ ইতিহাসত অনেক আছে । যেতিয়াই ৰাষ্ট্ৰৰ সাধাৰণ জনগণই জাতি, ধৰ্ম আৰু আদৰ্শগত মতানৈক্যৰ ঊৰ্ধত গৈ তাৎক্ষনিকভাৱে বৃহৎ শত্ৰুক চিনাক্ত কৰি ঐক্যবদ্ধ প্ৰতিৰোধ গঢ়ি তুলিব পাৰিছে, তেতিয়াই সাধাৰণ জনগণৰ মুক্তি সম্ভৱ হৈছে।

২০১৬ চনত পৰিবৰ্তনৰ নামত জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজ্য চৰকাৰখনে বিগত চাৰিবছৰত সকলো দিশত সম্পূৰ্ণ ওলোটা কার্যতহে লিপ্ত হ’ল। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাক অধিক শক্তিশালী কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া দিল্লী চৰকাৰখনে বিগত সময়ছোৱাত সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি অসম ৰাজ্যৰ প্ৰায় সকলো সম্পদৰ মুক্ত লুন্ঠনত লিপ্ত হ’ব ধৰিলে । অসম চুক্তিক আখৰে আখৰে পালন, বৃহৎ নদীবান্ধ বন্ধ কৰা, অসমবাসীৰ সম্পদৰ ওপৰত অধিকাৰ সুনিশ্চিত কৰা ইত্যাদি প্ৰতিশ্ৰুতিৰ লগতে ১৬ মে’ৰ পাছত এজনো অবৈধ বাংলাদেশীয়ে অসমত থাকিব নোৱাৰিব আৰু টালি-টোপোলা বান্ধি বিদায় ল’ব লাগিব বুলি হুংকাৰ দিয়া দিল্লী চৰকাৰখনে আজি সম্পূৰ্ণ বিপৰীত স্থিতিত অৱতীৰ্ণ হৈছে। একে সময়তে একান্ত বাধ্য ছাত্ৰৰ দৰে ৰাজ্য চৰকাৰখনেও দিল্লীৰ কথাই কথাই সুৰ মিলাইছে । যেন তেওঁলোকক অসমৰ সাধাৰণ জনতাই ভোট নিদি বিজেপিৰ দিল্লীৰ পৰা নিয়ন্ত্ৰিত কাৰ্যকৰ্তাইহে ভোট দি ক্ষমতাত অধিষ্ঠিত কৰোৱাইছিল।

“কা” বলৱৎ কৰি অসম চুক্তিক সম্পূৰ্ণ অৱজ্ঞা কৰি আজি অবৈধ বাংলাদেশীৰ বাবে দুৱাৰ খুলি দি জাতি বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা চৰকাৰখনে প্ৰতিবাদী কন্ঠ অখিল গগৈ আৰু তেওঁৰ সংগীবৃন্দক ২০০ দিনকৈ অধিক সময় সম্পূৰ্ণ বে-আইনীভাৱে কাৰাগাৰতে আৱদ্ধ কৰি ৰাখিছে । চৰকাৰখনে অবৈধ কয়লা খননৰ বাবে ইমান দিনে দিহিং পাটকাইত ধ্বংসলীলা চলালে, ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ পাছতো পাৰাই পাৰাই টোলগেটৰ নামত গুণ্ডা টেক্স সংগ্ৰহ কৰা আৰম্ভ কৰি দিলে । আজিও মুক্ত আকাশৰ তলত টিঘিলঘিলাই ফুৰিছে বাঘজানত হাজাৰ হাজাৰ গাঁওবাসীলৈ দুৰ্দশা কঢ়িয়াই অনা প্ৰধান আৰোপী জন এনাৰ্জী নামৰ গুজৰাটী কোম্পানীটোৱে । তেলখাদ গ’ল, এতিয়া ৰে’লৰ লগতে সকলো ৰাষ্ট্ৰীয় সম্পদ বিক্ৰীৰ পথত । এতিয়া শেষত চৰকাৰখনে পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ আগে আগে অৱশিষ্ট মাটি আৰু ভেটিও বহিৰাগত বণিয়া গোষ্ঠীৰ হাতত গতাবলৈ পণ লৈছে।

২০২১ চনত আকৌ অসম বিধানসভাৰ নিৰ্বাচন আহি আছে। তেনে প্ৰেক্ষাপটত অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অতি জাতীয়তাবাদৰ ফলত অসমৰ বিভিন্ন জাতি, জনগোষ্ঠী বহুধা বিভক্ত হৈ পৰিছিল। নিজৰ নিজৰ প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত এনে এটা স্বকীয় জাতীয় পৰিচয়ক আধাৰ হিচাপে লৈ ৰাজনৈতিক-অৰাজনৈতিক সংগ্ৰামখনত এওঁলোকে আগুৱাই যোৱাটো নিতান্তই স্বাভাৱিক। বিগত সময়ছোৱাত সদৌ অসম ছাত্ৰ সংন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, শিল্পী সমাজকে ধৰি আন বহু জাতীয় সংগঠনে নদীবান্ধৰ পৰা আৰম্ভ কৰি “কা” আন্দোলনলৈকে অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । ইয়াৰ উপৰি বাওঁ গণতান্ত্ৰিক মৰ্চাৰ লগতে আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম সংগ্ৰামী মঞ্চ, এ এছ ডি চি, এল ডি পি, খিলঞ্জীয়া জনগোষ্ঠীয় গণ চেতনা মহাসভা অসম,  জাতীয়তাবাদ পুনৰুদ্ধাৰ সমিতি, আঞ্চলিক সুৰক্ষা মঞ্চ তথা হীৰেন গোহাঁই, নগেন শইকীয়া, অজিত কুমাৰ ভূঞা, উদয়াদিত্য ভৰালী, হাইদৰ হুছেইন প্ৰমুখ্য কৰি জাতীয় জীৱনত সদায় মাত দি অহা বহু নেতৃস্থানীয় ব্যক্তিয়ে বিগত সময়ছোৱাত চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপক নিজ নিজ মাধ্যমৰ জৰিয়তে কঠোৰ সমালোচনা কৰি আহিছে।

বৰ্তমানৰ চৰকাৰখনে “কা” দৰে অসম ধ্বংসকাৰী আইনৰ উপৰি বৃহৎ নদীবান্ধ ইত্যাদিকে ধৰি বহু জনবিৰোধী সিদ্ধান্তৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰি বৰাক উপত্যকাতো নিজৰ জনপ্ৰিয়তা যথেষ্ট দ্ৰুত গতিত হেৰুৱাইছে । কিন্তু অনুৰূপ ধৰণে ৰাইজৰ এই ক্ষোভক প্ৰতিনিধিত্ব কৰিবলৈ সংগঠিত ৰূপত ঐক্যবদ্ধ ৰাজনৈতিক শক্তি এটা ইমান দিনে গঢ় লৈ নুঠিলে। সেইবাবেই চৰকাৰখনে বাৰম্বাৰ অসমবিৰোধী স্থিতি ল’বলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল ।

এনে প্ৰেক্ষাপটত সময়ৰ আহ্বানক সঁহাৰি জনাই সংগবদ্ধ আঞ্চলিক ৰাজনৈতিক সংগ্ৰামৰ জৰিয়তে ৰাজ্যৰ বিজেপি চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ নৱ নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই আগ-ভাগ লৈ আজি কিছুদিন আগতে “আঞ্চলিক গণ মৰ্চা” নামেৰে আঞ্চলিক দলসমূহৰ এখন উমৈহতীয়া মঞ্চ গঠন কৰিছিল। বিগত দিনবোৰত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে যদি আছু আৰু কৃষক মুক্তিয়েও ৰাজনৈতিক দল খোলে, নিশ্চিতভাৱে জাতীয় দায়িত্ব পালন কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব। যি দৰে বিগত সময়ছোৱাত বৃহৎ নদীবান্ধ, “কা” আইন ইত্যাদিৰ দৰে জাতীয় সমস্যাবোৰত নিৰৱচ্ছিন্নভাৱে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে মাত মাতি আহিছে । অন্যথা শাসক বিৰোধী ভোটৰ বিভাজন ঘটাই পুনৰ বিজেপি ক্ষমতালৈ অহাৰ পথ মসৃণ কৰি দিয়াহে হ’ব ।

আঞ্চলিক গণ মৰ্চাৰ সংবাদমেলৰ ফটো

গণ পৰিষদৰ দৰে ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটো বিজেপিত বিলীন যোৱাৰ ফলত বিগত সময়ছোৱাত ৰাইজে বিকল্প আঞ্চলিক ৰাজনীতিৰ কুচ-কাৱাজ চলাই থকা দলসমূহৰ এখন উমৈহতীয়া আঞ্চলিক মঞ্চৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰি আহিছিল । সেইবাবেই নৱ গঠিত আঞ্চলিক মঞ্চখনে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন প্ৰত্যাশা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ইমান দিনে আঞ্চলিকতাবাদৰ ভাও ধৰি অহা অসম গণ পৰিষদ দলটোৱে ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক নস্যাৎ কৰি “কা”ৰ ক্ষেত্ৰত লোৱা নিৰ্লিপ্ত ভূমিকাৰ বাবে দলটোৰ নিষ্ঠাৱান কৰ্মীৰ লগতে সমৰ্থকসকলে নিজকে প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰি আছিল । এখন উমৈহতীয়া মঞ্চৰ অপেক্ষাত থকা এই কৰ্মীসকলৰ উপৰি ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিয়ে “আঞ্চলিক গণ মৰ্চা” ৰ প্ৰতি দেখুওৱা আগ্ৰহে ৰাজ্যখনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ ৰাইজৰ মাজত এক নতুন শক্তিশালী বিকল্প ৰাজনীতিৰ প্ৰত্যাশা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

সেইবাবেই শেহতীয়াভাৱে ৰাজনৈতিক শংকাত ভোগা শাসক গোষ্ঠীৰ কিছুমান নেতাৰ উপৰি ছদ্মবেশী সোঁপন্থী সমৰ্থকে সামাজিক মাধ্যমত দিনে-নিশাই অজিত কুমাৰ ভূঞাক কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত সাঙুৰিবলৈ চেষ্টা চলাই আহিছে । যাতে বিৰোধী ঐক্যই মূৰ তুলি উঠিব নোৱাৰে। এইখিনিতে আমি পাহৰি যোৱা উচিত নহ’ব যে অনুৰূপ ধৰণে কংগ্ৰেছৰ দিনত শাসক গোষ্ঠীৰ জনবিৰোধী নীতিৰ নৈতিকভাৱে বিৰোধিতা কৰিবলৈ ৰাজ্যসভাৰ দুটা নিৰ্বাচনত ক্ৰমে অসমৰ সমাজ জীৱনৰ দুগৰাকী বিশিষ্ট ব্যক্তিয়ে নিৰ্দলীয়ভাৱে কংগ্ৰেছৰ নাজনিন ফাৰুকী আৰু প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা সঞ্জয় সিঙৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছিল । কংগ্ৰেছৰ বিৰুদ্ধে সেই প্ৰাৰ্থিত্বক উমৈহতীয়াভাৱে সমৰ্থন জনাইছিল লোকচক্ষুত তেওঁলোকে দাবী কৰাৰ দৰে বিপৰীত মেৰুত অৱস্থান কৰা বিজেপি আৰু এ আই ইউ ডি এফ ৰ দৰে ৰাজনৈতিক দলে । ইয়াৰ অৰ্থ এইটো হ’ব পাৰে নেকি যে আমি ইমান দিনে সন্দেহ কৰি অহাৰ দৰে পৰ্দাৰ আঁৰত একে ৰাজনৈতিক আদৰ্শত বিশ্বাসী বিজেপি আৰু এ আই ইউ ডি এফৰ সেই সময়ত ভিতৰুৱা গোপন বুজাবুজি হৈছিল …..!!! যি কি নহওক, মই এটা কথা দৃঢ়তাৰে বিশ্বাস কৰো যে অজিত কুমাৰ ভূঞা প্ৰমুখ্য কৰি সেই সময়ৰ ৰাজ্যসভাৰ নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকীয়ে সময়ে সময়ে বিভিন্ন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভক প্ৰতিনিধিত্ব কৰিছিল। ফলত তেওঁলোকৰ সুদীৰ্ঘ কৰ্মজীৱনৰ নিৰপেক্ষ ভূমিকাই পৰিৱৰ্তনকামী জনতাক সময়ে সময়ে নতুন ৰাজনৈতিক সংগ্ৰামৰ পিনে অগ্ৰসৰ হ’বলৈ সহায়হে কৰি আহিছে ।

অতীতত ঘটি অহাৰ দৰেই আগন্তুক দিনবোৰতো শাসকীয় পক্ষই সংঘবদ্ধ বিৰোধী ঐক্যক বিভাজিত কৰিবলৈ অবিৰতভাৱে নেতৃবৃন্দক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো নিশ্চিত । যি দৰে সেই তাহানিতে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ বাবে divide and rule নীতি অৱলম্বন কৰিছিল । যাতে বিৰোধী ঐক্যক কলিতে নিঃশেষ কৰি দিব পাৰি । অন্যথা জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা ৰাজ্য চৰকাৰখনে যিদৰে দ্ৰুত গতিত নিজৰ জনপ্ৰিয়তাক সংকুচিত কৰি আনিছে, আগন্তুক বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ ৰাজনৈতিক বিকল্পই প্ৰবল প্ৰত্যাহ্বান সৃষ্টি কৰাটো খাটাং। যদিহে বিৰোধী শক্তিক সংঘবদ্ধ কৰি সাধাৰণ জনতা আৰু পৰিৱৰ্তনগামী গণশক্তিৰ আস্থা আৰু বিশ্বাস অটুট ৰাখিব পাৰে ।

(লেখক হুছেইন অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক বিশ্লেষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aanchalik gana morchaAGPajit kumar bhuyanAPCCAssam-GovtAtul BoraBJP assamCAA PortestPK MahantaRashel HussainTarun Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?
অপৰাধ

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

May 25, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
Next Post
২৭ জুলাইত মহাশক্তিশালী হ’ব বায়ুসেনা

২৭ জুলাইত মহাশক্তিশালী হ’ব বায়ুসেনা

নতুন ভূমি নীতিৰ বিৰোধিতাৰে কৃষক মুক্তিৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.