বেলতলা কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰামানুজ গোস্বামীৰ মৃত্যু। সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ৰামানুজ গোস্বামীক স্বাস্থ্য পৰীক্ষা তথা তেজৰ নমুনা সংগ্ৰহৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) লৈ যোৱা হৈছিল। সেই সময়তে কাহিলিপাৰা হৈ GMCH অভিমুখে যোৱাৰ পথত নৰকাসুৰ পাহাৰৰ ওচৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় ৰামানুজ গোস্বামীয়ে।
ৰামানুজৰ মৃত্যুৰ পিছতে পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আজি ৰামানুজন গোস্বামীৰ গৌৰীপুৰৰ বাসগৃহত চলি আছিল বোৱাৰী ৰিয়া তালুকদাৰৰ আদ্যশ্ৰাদ্ধ। কিন্তু আদ্যশ্ৰাদ্ধ চলি থকাৰ মাজতে আহিল ৰামানুজ শেষ হোৱাৰ খবৰ। কিন্তু আধাতে আদ্যশ্ৰাদ্ধৰ কাম এৰি ঘৰলৈ উভতে পুৰোহিত।
ইফালে পুত্ৰৰ মৃত্যুত শোকত ভাগি পৰা পিতৃয়ে ল’লে ডাঙৰ সিদ্ধান্ত। বংশৰ সন্মান নষ্ট কৰা পুত্ৰৰ মৃতদেহ খোজা নাই চাব। তেওঁ কয়, ‘হত্যাকাৰী ৰামানুজৰ মৃতদেহ আমি চমজি নলওঁ। ৰামানুজৰ মৃতদেহ ৰাইজৰ ওচৰত এৰি দিছো। ৰাইজে যি কৰে কৰিব। ছুপ্ৰিম ক’ৰ্টৰ ওচৰত সকলোবোৰ এৰি দিছো। ৰামানুজক চাবলৈ আমি গুৱাহাটীলৈ নাযাওঁ।’
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















