এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা শুনিছে, কিন্তু আপুনি কেতিয়াবা এদিনীয়া ভিক্ষাৰী এজনৰ কথা শুনিছেনে? সেইটোও ৰিল লাইফত নহয়,বাস্তৱ জীৱনত ।
মহাৰাষ্ট্ৰৰ এজন বিধায়কৰ ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁ ৰাজপথত ভিক্ষা খুজি থকা দেখা গৈছে। তেওঁৰ নাম পৰাগ শ্বাহ, দেশৰ অন্যতম ধনী বিধায়ক। কোটি টকাৰ সম্পত্তি তেওঁৰ আছে, তেনেহ’লে তেওঁক কিয় দেখা গৈছে ছিন্নভিন্ন কাপোৰ পিন্ধি, ভিক্ষা খুজি ৰাস্তা-ঘাটত ঝাড়ু দিয়া?
পৰাগ শ্বাহ কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক
ঘাটকোপাৰৰ বিধায়ক পৰাগ শ্বাহ মুম্বাইৰ এজন বিশিষ্ট আৰু ধনী ৰাজনীতিবিদ হিচাপে পৰিচিত। ৫,০০০ কোটি টকাৰো অধিক সম্পত্তিৰ সৈতে শেহতীয়াকৈ বিধায়কগৰাকীয়ে এক অভূতপূৰ্ব পৰীক্ষা চলাইছে। গুৰুৰ নিৰ্দেশ অনুসৰি গোটেই দিনটো ঘাটকোপাৰৰ ৰাজপথত ভিক্ষাৰীৰ বেশত কটালে।
পৰাগ শ্বাহে নিজৰ চেহেৰা সলনি কৰিলে
এই ঘটনাটো কেৱল ৰাজনৈতিক কাৰণ নাছিল, গুৰুৰ শিক্ষা অনুসৰি আধ্যাত্মিক অভিজ্ঞতা আহৰণৰ প্ৰয়াস আছিল। পৰাগ শ্বাহে সাধাৰণ কাপোৰ পিন্ধি, চেহেৰা সলনি কৰি, ভিক্ষাৰীৰ বেশত নিজৰ সমষ্টিৰ জনবহুল ৰাজপথত ঘূৰি ফুৰিছিল। সেইদিনা তেওঁ সাধাৰণ মানুহৰ চকুৰে নিজৰ সমষ্টিটো দেখিছিল। মানুহৰ প্ৰতিক্ৰিয়াৰ প্ৰত্যক্ষ অভিজ্ঞতা তেওঁ পাইছিল— দয়া, অৱহেলা, সহায়, আনকি কেতিয়াবা উদাসীনতাও।
কৰুণা, আশা আৰু উদাসীনতাৰ অভিজ্ঞতা
ঘাটকোপাৰৰ দৰে জনবহুল আৰু ব্যস্ত অঞ্চলত ভিক্ষাৰী হিচাপে দিনটো কটাব পৰাটো সহজ নাছিল। বহুতে কাষেৰে পাৰ হৈ গ’ল, কোনোৱে অলপ সহায় আগবঢ়ালে, আন কোনোৱে নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। এই অভিজ্ঞতাই বিধায়কগৰাকীক সাধাৰণ নাগৰিকৰ দৈনন্দিন অসুবিধাৰ সন্দৰ্ভত প্ৰত্যক্ষভাৱে চকু ফুৰালে। এই সময়ছোৱাত তেওঁক বিধায়ক হিচাপে কোনেও স্বীকৃতি নিদিলে।
ভিডিঅ’টোত দেখুওৱা বাস্তৱতা
পৰাগ শ্বাহৰ এই পদক্ষেপে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। কোটিপতি হোৱাৰ পিছতো তেওঁৰ গুৰুৰ আদেশ পালন কৰি ইমান কঠিন অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱাটো সঁচাকৈয়ে প্ৰশংসনীয়। এই পৰীক্ষাৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ জীৱন নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ লগতে তেওঁলোকৰ কষ্ট বুজিবলৈ সুযোগ পালে। বিধায়ক পৰাগ শ্বাহে এই ঘটনাটো এটা ভিডিঅ’ত সুন্দৰকৈ চিত্ৰিত কৰিছে।
এসময়ত ভিক্ষাৰীৰ বেশত ঘাটকোপাৰৰ ৰাজপথত ঘূৰি ফুৰা বিধায়কগৰাকী পুনৰ স্বাভাৱিক ভূমিকালৈ ঘূৰি আহিছে যদিও সেই এদিনৰ অভিজ্ঞতা তেওঁৰ লগতে ভোটাৰসকলে বহুদিনলৈ মনত ৰাখিব। কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















