অসমীয়া সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মাই জুবিন গাৰ্গৰ সৈতে কটোৱা বহু স্মৰণীয় মুহূৰ্তৰ কথা ৰোমন্থন কৰিছে। অসম Live24 DIGITALৰ জইণ্ট এডিটৰ ভাৰ্গৱ দুৱৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ববিতা শৰ্মাই জুবিন দাৰ সৈতে প্ৰথম চিনাকিৰ পৰা আৰম্ভ কৰি একেলগে গান গোৱা, সংগীতানুষ্ঠান পৰিৱেশন কৰা আৰু ৯০ দশকৰ সংগীতজগতৰ বহু নষ্টালজিক স্মৃতিৰ কথা প্ৰকাশ কৰে।
ববিতা শৰ্মাই জানিবলৈ দিয়া মতে, ১৯৯৬ চনত তেওঁ কলেজীয়া ছাত্ৰী হৈ থকাৰ সময়তে প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক লগ পাইছিল। সেই সাক্ষাৎ আছিল যথেষ্ট আকস্মিক। ববিতা শৰ্মাৰ ভগ্নীৰ জন্মদিন উপলক্ষে তেওঁলোকৰ ঘৰলৈ এগৰাকী বাদ্যযন্ত্ৰীক লগত লৈ গৈছিল জুবিন দা। সেই দিনটোৰ বহু কথাই আজিও ববিতা শৰ্মাৰ মনত সজীৱ হৈ আছে। সেই সময়ত জুবিন গাৰ্গৰ সৈতে হোৱা প্ৰথম পৰিচয়েই পিছলৈ দুয়োগৰাকী শিল্পীৰ মাজত এক সংগীতময় সম্পৰ্কৰ সূচনা কৰিছিল।
সাক্ষাৎকাৰটোত ববিতা শৰ্মাই ৯০ দশকৰ সংগীত জগতৰ পৰিৱেশৰ কথাও স্মৰণ কৰে। আজিৰ দৰে সেই সময়ত ইণ্টাৰনেট, ইউটিউব বা ছ’চিয়েল মিডিয়াৰ ব্যাপক প্ৰচলন নাছিল। সংগীত জনপ্ৰিয় হোৱাৰ ধৰণো আছিল সম্পূৰ্ণ বেলেগ। বিশেষকৈ ‘জখলাবন্ধা’ৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই সময়ত কোনো এটা গান জখলাবন্ধাত বাজিলেই সেই গানটোক হিট হিচাপে গণ্য কৰা হৈছিল। গান এটা মানুহৰ মাজলৈ কেনেদৰে গৈছে, কিমান জনপ্ৰিয় হৈছে—সেইবোৰৰ অন্যতম পৰিমাপক আছিল জখলাবন্ধা। এই সময়ছোৱাৰ সৈতে জড়িত বহু ব্যক্তিৰ কথাও ববিতা শৰ্মাই স্মৰণ কৰে। মায়া আলোচনী, দেৱ বৰকটকী, দিগন্ত ভাৰতী আৰু ৰবচনলাল বৰুৱাৰ দৰে ব্যক্তিত্বৰ প্ৰসংগও তেওঁৰ কথাত উঠে আহে।
ববিতা শৰ্মাৰ সংগীতজীৱনৰ অন্যতম স্মৰণীয় সময়সমূহৰ অন্যতম হৈছে ঈশ্বৰ পুত্ৰৰ সৈতে ‘হিয়ামন’ এলবামত কণ্ঠদান কৰা। ‘হিয়ামন’ৰ জনপ্ৰিয় গান ‘বঙহৰদেউ’ৰ ৰেকৰ্ডিঙৰ কথাও তেওঁ বিশেষভাৱে স্মৰণ কৰে। গানটো ৰেকৰ্ড কৰাৰ সময়ত তেওঁ নিজকে জয়মতী বুলি মনতে কল্পনা কৰি লৈছিল। চৰিত্ৰটোৰ অনুভূতি মনত ধৰি গানটো গোৱাৰ সেই অভিজ্ঞতা আজিও তেওঁৰ বাবে বিশেষ হৈ আছে বুলি উল্লেখ কৰে।
এগৰাকী শিল্পীৰ বাবে কেৱল ষ্টুডিঅ’ত গান ৰেকৰ্ড কৰাই নহয়, গানটোৰ চৰিত্ৰ আৰু অনুভূতিৰ সৈতে নিজকে মিলাই লোৱাৰ সেই প্ৰক্ৰিয়াটোও কিমান গুৰুত্বপূৰ্ণ—এই স্মৃতিয়ে সেই কথাই যেন প্ৰকাশ কৰে। ববিতা শৰ্মাৰ সংগীত জীৱনত ‘মতলীয়া ফাগুন’ শীৰ্ষক গানটো বিশেষ গুৰুত্বপূৰ্ণ। কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, ২০২৩ চনত কণ্ঠদান কৰা ‘মতলীয়া ফাগুন’ শীৰ্ষক গানটোৱেই আছিল ঈশ্বৰ পুত্ৰৰ সৈতে গোৱা তেওঁৰ শেষৰটো গান। সেইবাবে গানটো এতিয়া তেওঁৰ বাবে কেৱল এটা সংগীত সৃষ্টি নহয়, বৰং জুবিন দাৰ সৈতে জড়িত এক বিশেষ স্মৃতি।
সাক্ষাৎকাৰটোত ববিতা শৰ্মাই জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আগদিনাৰ এটা কথাও উল্লেখ কৰে। সেইদিনা তেওঁ শেখৰজ্যোতি গোস্বামীৰ সৈতে ফোনত কথা পাতিছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে জুবিন গাৰ্গৰ পৰা এটা বাইট বিচাৰি ববিতা শৰ্মাই শেখৰজ্যোতি গোস্বামীক ফোন কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।
ববিতা শৰ্মাৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ এই লিংকত Click কৰক-
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















