• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

41 minutes ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

1 minute ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

2 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

2 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

3 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

3 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

3 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

4 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

5 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

5 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

6 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

7 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

হেইট্ৰিক দখলেৰে এইজন পাকিস্তানী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শন

editor by editor
September 18, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (CPL) ২০২৬ত পাকিস্তানৰ লেগ স্পিনাৰ ছাদাব খানে দুৰ্দান্ত বলিং প্ৰদৰ্শনেৰে হেট্ৰিক অৰ্জন কৰিছে। এন্টিগুয়া আৰু বাৰবাডোছ ফেলকনছৰ হৈ খেলি ছাদাবে গায়ানা আমাজন ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে প্ৰথম কোৱালিফায়াৰ মেচত এই কৃতিত্ব লাভ কৰে। ব্ৰীজটাউনৰ কিংষ্টন অ’ভেলত অনুষ্ঠিত মেচখনত ছাদাবে নৱম অভাৰৰ শেষৰ তিনিটা বলতে একেৰাহে তিনিটা উইকেট দখল কৰি হেট্ৰিক সম্পূৰ্ণ কৰে।

ছাদাব খানে প্ৰথমে শ্বিমৰন হেটমায়াৰক আউট কৰে। হাছান নৱাজে তেওঁৰ কেচটো ধৰে। ইয়াৰ পিছৰ বলটোত মেহিদি হাছান মিৰাজক এল বি ডব্লিউ আউট দিয়ে আম্পায়াৰে। মিৰাজে ডি আৰ এছৰ সহায় ল’লেও আম্পায়াৰৰ কলৰ বাবে সিদ্ধান্ত সলনি নহ’ল। ইয়াৰ পিছত হেট্ৰিক বলৰ সন্মুখীন হয় কুইন্টন ডি কক। ছাদাবে গুগলী বল কৰি তেওঁকো পৰাস্ত কৰে আৰু হেট্ৰিক সম্পূৰ্ণ কৰে।

টি-২০ ক্ৰিকেটত ছাদাব খানৰ এয়া দ্বিতীয়টো হেট্ৰিক। ইয়াৰ পূৰ্বে ২০২৪ চনত লংকা প্ৰিমিয়াৰ লীগত কলম্বো ষ্ট্ৰাইকাৰ্ছৰ হৈ খেলি কেণ্ডি ফেলকনছৰ বিৰুদ্ধে তেওঁ হেট্ৰিক দখল কৰিছিল। সেইখন মেচত ৱানিন্দু হাছাৰাংগা, ছলমান আলী আঘা আৰু পৱন ৰত্নায়কেক একেৰাহে আউট কৰিছিল ছাদাবে। টি-২০ ক্ৰিকেটত সৰ্বাধিক হেট্ৰিকৰ অভিলেখ পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ মহম্মদ ছামীৰ নামত আছে। তেওঁৰ নামত আছে তিনিটা হেট্ৰিক।

মেচখনত ইমৰান তাহিৰৰ নেতৃত্বাধীন গায়ানা আমাজন ৱাৰিয়ৰ্ছৰ বেটিং সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। দলটোৱে প্ৰথমে বেটিং কৰি ১১ অভাৰত মাত্ৰ ৭৬ ৰান সংগ্ৰহ কৰি অলআউট হয়। গায়ানাই প্ৰথম ৭ অভাৰত ১ উইকেট হেৰুৱাই ৪০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ পিছতে দলটোৰ বেটিং লাইন-আপ ভাঙি পৰে। মাত্ৰ ১১ অভাৰৰ ভিতৰতে আৰু ৯টা উইকেট হেৰুৱাই দলটোৱে ৪৯ ৰানহে যোগ কৰিব পাৰে। শেষৰ উইকেটত শ্বামাৰ জোচেফ আৰু ৰোমাৰিঅ শ্বেফাৰ্ডে ২৭ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি দলটোক ৭৬ ৰানলৈ লৈ যায়। এন্টিগুয়া আৰু বাৰবাডোছ ফেলকনছৰ হৈ ছাদাব খানে ১৬ ৰান দি ৪টা উইকেট দখল কৰে। পাকিস্তানৰ আন এগৰাকী বলাৰ ছুফিয়ান মুকীমেও ৪টা উইকেট লাভ কৰে।

৭৭ ৰানৰ লক্ষ্য লৈ খেলিবলৈ নামি এন্টিগুয়া আৰু বাৰবাডোছ ফেলকনছে ষষ্ঠ অভাৰতেই মেচখন জিকি যায়। দলটোৱে মাত্ৰ এটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। বেটিঙত ৰাহকিম কৰ্ণৱালে বিস্ফোৰক ইনিংছ খেলি দলটোৰ জয় সহজ কৰি তোলে। তেওঁ মাত্ৰ ১৬টা বলত ৬টা ছয়ৰ সহায়ত ৪৯ ৰান সংগ্ৰহ কৰে। ছাদাব খানৰ হেট্ৰিক আৰু ফেলকনছৰ সহজ জয়ৰ ফলত দলটোৱে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
Next Post
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.