পুৱা অফিচলৈ যোৱাৰ লৰালৰি, ল’ৰা-ছোৱালীক স্কুললৈ পঠিওৱা, ৰাস্তাৰ ট্ৰেফিক, দিনটোজোৰা মিটিং আৰু কামৰ চাপ—এই সকলোবোৰৰ মাজত আজিৰ ব্যস্ত জীৱনত মানসিক চাপ যেন নিত্যসংগী হৈ পৰিছে। দিনটোৰ শেষত ঘৰলৈ উভতি অহাৰ পাছতো ঘৰুৱা কাম-কাজ আৰু বিভিন্ন দায়িত্ব থাকে। ফলত বহু লোকেই প্ৰায় প্ৰতিদিনে কোনো নহয় কোনো ধৰণৰ মানসিক চাপৰ মাজেৰে সময় কটাবলগীয়া হয়। গৱেষণাই দেখুৱাইছে যে মানুহৰ শৰীৰ দীৰ্ঘদিন ধৰি অবিৰত মানসিক চাপৰ মাজত থকাৰ বাবে প্ৰস্তুত নহয়। সাধাৰণতে কোনো বিপদ বা হঠাৎ চাপৰ সৃষ্টি হ’লে আমাৰ শৰীৰে নিজকে সুৰক্ষিত কৰিবলৈ তৎক্ষণাত সক্ৰিয় হৈ উঠে। অতীতত বন্য জন্তুৰ পৰা পলাবলৈ বা কোনো বিপদৰ সন্মুখীন হ’বলৈ এই প্ৰতিক্ৰিয়া অতি প্ৰয়োজনীয় আছিল।
কিন্তু আধুনিক জীৱনত সমস্যাটো হ’ল—মানসিক চাপৰ কাৰণ এতিয়া আমাৰ চাৰিওফালে প্ৰায় সকলো সময়তে উপস্থিত। সৰু সৰু চিন্তা, কামৰ চাপ, সময়ৰ অভাৱ, পাৰিবাৰিক দায়িত্ব আদি লাহে লাহে জমা হৈ আমাৰ টোপনি, মেজাজ, সম্পৰ্ক আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
মানসিক চাপ কমোৱাৰ কথা আহিলে বহুতে ধ্যান বা দীঘলীয়া সময়ৰ বিশ্ৰামৰ কথা ভাবে। কিন্তু প্ৰতিবাৰেই দীঘলীয়া সময় উলিয়াই ধ্যান কৰাটো সম্ভৱ নহয়। বিশেষকৈ অফিচৰ ব্যস্ত সময়ত বা কোনো গুৰুত্বপূৰ্ণ কামৰ মাজত মাত্ৰ কেইছেকেণ্ডমান সময় উলিয়াই নিজকে শান্ত কৰাটো অধিক সহজ। বিজ্ঞান আৰু স্নায়ুবিজ্ঞানৰ সৈতে জড়িত গৱেষণাত দেখা গৈছে যে কিছুমান সৰু সৰু অভ্যাস বা ‘মাইক্ৰ’-প্ৰেকটিছ’ অতি কম সময়ৰ ভিতৰতে শৰীৰ আৰু মনক কিছু পৰিমাণে শান্ত কৰাত সহায় কৰিব পাৰে। কেতিয়াবা মাত্ৰ ২০-৩০ ছেকেণ্ডৰ অনুশীলনেও মানসিক চাপৰ মুহূৰ্তত কিছু সকাহ দিব পাৰে।
অভ্যাস ১: কেইবাৰমান গভীৰ উশাহ লওক
অফিচৰ গুৰুত্বপূৰ্ণ মিটিং, প্ৰেজেণ্টেচন বা কোনো কঠিন কামৰ আগতে বহু লোকৰ হৃদস্পন্দন বাঢ়ি যায়, হাত-ভৰি কঁপিব পাৰে বা অস্বস্তি অনুভৱ হ’ব পাৰে। এনে সময়ত এটা সহজ উপায় হ’ল—কেইবাৰমান লাহে লাহে গভীৰ উশাহ লোৱা।
কেনেকৈ কৰিব?
আৰামত বহক বা থিয় হওক।
লাহে লাহে দীঘলকৈ উশাহ লওক।
উশাহ এৰিবলৈ অলপ বেছি সময় লওক।
এই প্ৰক্ৰিয়াটো তিনিবাৰ কৰক।
গভীৰ আৰু লাহে লাহে উশাহ-নিশাহ লোৱাৰ ফলত শৰীৰৰ ‘পেৰাচিম্পেথেটিক’ স্নায়ুতন্ত্ৰ সক্ৰিয় হোৱাত সহায় কৰিব পাৰে। এই ব্যৱস্থাই শৰীৰক তুলনামূলকভাৱে শান্ত আৰু বিশ্ৰামৰ অৱস্থালৈ ঘূৰি আহিবলৈ সহায় কৰে।
অভ্যাস ২: ভুৱাকৈ হ’লেও হাঁহক
হাঁহি কেৱল আনন্দৰ প্ৰকাশ নহয়; ই মানসিক চাপ কমোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব পাৰে। বিভিন্ন ঠাইত ‘লাফিং যোগা’ বা হাঁহিৰ অনুশীলন কৰা দেখা যায়। প্ৰথমতে হাঁহিটো কৃত্ৰিম বা ভুৱা যেন লাগিলেও কিছু সময়ৰ পাছত সেয়া স্বাভাৱিক হাঁহিলৈ পৰিণত হ’ব পাৰে। বিভিন্ন গৱেষণাত হাঁহিৰ সৈতে মানসিক চাপ, উদ্বেগ আৰু মন-মেজাজৰ উন্নতিৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে। সেয়েহে অত্যধিক চাপ অনুভৱ কৰিলে কেইছেকেণ্ডমানৰ বাবে মুখত হাঁহি আনিবলৈ চেষ্টা কৰক। সম্ভৱ হ’লে কোনো সহকৰ্মী বা পৰিয়ালৰ সদস্যৰ সৈতে অলপ হাঁহি-ধেমালি কৰিলেও মনটো পাতল লাগিব পাৰে।
অভ্যাস ৩: নিজই নিজক শান্ত কৰক
এই কথাটো শুনিবলৈ অলপ আচৰিত লাগিব পাৰে। কিন্তু নিজকে শান্ত কৰিবলৈ নিজৰ শৰীৰক কোমলভাৱে স্পৰ্শ কৰাটো এক সহজ কৌশল হ’ব পাৰে। উদাহৰণস্বৰূপে, মানসিক চাপৰ সময়ত বুকুৰ ওপৰত হাত থৈ লাহেকৈ নিজকে ক’ব পাৰে—‘সকলো ঠিক হৈ যাব’ বা ‘মই এতিয়া শান্ত হৈছোঁ।’ মানসিক চাপৰ সময়ত বহুতে নিজৰ ভুল বিচাৰি নিজকে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰিৱৰ্তে নিজকে কঠোৰভাৱে সমালোচনা নকৰি অলপ মৰম আৰু সহানুভূতিৰে নিজকে শান্ত কৰাৰ চেষ্টা কৰিব পাৰি। কোমল আত্ম-স্পৰ্শ বা ‘self-soothing touch’ৰ দৰে কৌশলে কিছুমান লোকৰ ক্ষেত্ৰত মানসিক চাপৰ অনুভূতি কমোৱাত সহায় কৰিব পাৰে।
অভ্যাস ৪: চকীৰ পৰা উঠি শৰীৰটো অলপ টানি লওক
অফিচত একেৰাহে ৮-১০ ঘণ্টা কম্পিউটাৰ বা লেপটপৰ সন্মুখত বহি থকাটো এতিয়া বহু লোকৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। দীঘলীয়া সময় একে অৱস্থাত বহি থাকিলে কেৱল শাৰীৰিক অস্বস্তিয়েই নহয়, মানসিক ক্লান্তিও বৃদ্ধি পাব পাৰে। সেয়েহে মাজে মাজে চকীৰ পৰা উঠি শৰীৰটো অলপ টানি লোৱাটো উপকাৰী।
কেনেকৈ কৰিব?
চকীৰ পৰা উঠি থিয় হওক।
দুয়োখন হাত ওপৰলৈ তুলি শৰীৰটো লাহেকৈ টানি লওক।
কান্ধ দুখন লাহে লাহে ঘূৰাওক।
ডিঙি আৰু পিঠি অলপ শিথিল কৰক।
এই সময়ত লাহে লাহে গভীৰ উশাহ লওক।
মাত্ৰ কেইছেকেণ্ডৰ এনে ষ্ট্ৰেচিং আৰু গভীৰ উশাহ-নিশাহে শৰীৰৰ জমা হোৱা টান আৰু ক্লান্তি কিছু পৰিমাণে কমোৱাত সহায় কৰিব পাৰে।
মাত্ৰ ৩০ ছেকেণ্ডৰ অভ্যাসে কিয় গুৰুত্বপূৰ্ণ?
এই চাৰিটা কৌশলৰ বাবে জিমলৈ যোৱা, বিশেষ কোনো সামগ্ৰী ব্যৱহাৰ কৰা বা দীঘলীয়া সময় উলিয়াবলগীয়া নহয়। ব্যস্ত দিন এটাৰ মাজতো মাত্ৰ ২০-৩০ ছেকেণ্ড সময় উলিয়াই এইবোৰৰ কোনো এটা অনুশীলন কৰিব পাৰি। অৱশ্যে এইবোৰ কোনো গুৰুতৰ মানসিক স্বাস্থ্য সমস্যা, হতাশা, পেনিক ডিজঅৰ্ডাৰ বা আন মানসিক ৰোগৰ চিকিৎসাৰ বিকল্প নহয়। এনে সমস্যা থাকিলে চিকিৎসক বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু দৈনন্দিন জীৱনৰ সাধাৰণ মানসিক চাপ, অস্থিৰতা বা কামৰ মাজত অনুভৱ কৰা টেনচন কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ এই সৰু সৰু অভ্যাসবোৰ সহায়ক হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















