অসম লাইভ ২৪ঃ ৰাজ্যৰ সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ হৈ থকা AIUDF প্ৰধান বদৰুদ্দিন আজমলক আওকাণ কৰিব পৰা নাই BBCৰ দৰে সংবাদ গোষ্ঠীয়েও। আজি BBCয়ে প্ৰচাৰ কৰিছে বদৰুদ্দিন আজমল সন্দৰ্ভত এক প্ৰতিবেদন। BBCৰ হোজাইৰ সংবাদদাতাই যুগুত কৰা প্ৰতিবেদনখনত অসমৰ ৰাজনীতিত আজমলৰ আৱিৰ্ভাৱ, উত্থান, ৰাজনৈতিক পৰিক্ৰমা সবিস্তাৰে বৰ্ণনা কৰা হৈছে ।হিন্দী প্ৰতিবেদনখনত শিৰোনাম দিছে ‘বদৰুদ্দিন আজমল কোন,যাক বিজেপি নেতাই অসমৰ শত্ৰু আখ্যা দিছে’।নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে বাৰম্ৱাৰ নাম লয় বদৰুদ্দিন আজমলৰ। ইয়ে প্ৰমাণ কৰে ৰাষ্ট্ৰীয় দলটোৰ বাবে বদৰুদ্দিন আজমল ত্ৰাসৰ কাৰণ হৈ উঠিছে। বদৰুদ্দিন আজমলক হিমন্ত বিশ্ৱ শৰ্মাই অসমৰ প্ৰধান শত্ৰু বুলি আখ্যা দিয়া প্ৰসংগও উল্লেখ হৈছে প্ৰতিবেদনখনত। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ‘ হু ইজ বদৰুদ্দিন’ বুলি কৰা মন্ত্যবই ঠাই পাইছে এই বিশেষ প্ৰতিবেদনত। মুঠতে BBC ৰ দৰে সংবাদগোষ্ঠীয়ে বদৰুদ্দিন আজমল সন্দৰ্ভত প্ৰতিবেদন যুগুত কৰাটোৱে ৰাজনীতত ৰাজনীতিক গৰাকীক যে উপেক্ষা কৰিব পৰা বিধৰ নহয় সেয়া স্পষ্ট কৰি দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















