ইন্দোৰত ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ অনুষ্ঠানৰ সময়ত ৰাহুল গান্ধীৰ সৈতে এগৰাকী যুৱতীৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। আনকি ইন্দোৰৰ কেইবাখনো সংবাদপত্ৰ আৰু ছ’চিয়েল মিডিয়াতো যুৱতীগৰাকীৰ ছবি চৰ্চালৈ আহে। ছবিখনক কেন্দ্ৰ কৰি দাবী কৰা হৈছিল যে যুৱতীগৰাকীয়ে মঞ্চলৈ গৈ ৰাহুল গান্ধীক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ওলাইছে। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত বহু প্ৰশ্ন উত্থাপন হয়—কোন এই ভাইৰেল যুৱতীগৰাকী? সঁচাকৈয়ে তেওঁ ৰাহুল গান্ধীক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গৈছিল নেকি? অৱশেষত এই ঘটনাৰ সন্দৰ্ভত যুৱতীগৰাকীয়ে নিজেই মুখ খুলিছে।
ভাইৰেল হোৱা যুৱতীগৰাকীৰ নাম দেৱোশ্ৰী মুখাৰ্জী। তেওঁ এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু যুৱ কংগ্ৰেছৰ সৈতে জড়িত। এ বি পি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেৱোশ্ৰীয়ে ভাইৰেল হোৱা ভিডিঅ’ আৰু ছবিখনৰ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰে। দেৱোশ্ৰী মুখাৰ্জীয়ে কয় যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো ভুল ধৰণে উপস্থাপন কৰা হৈছে। তেওঁৰ মতে, ভিডিঅ’টোত তেওঁ ৰাহুল গান্ধীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা কোৱা নাছিল। তেওঁ কয়, “ৰাহুল গান্ধীক বহু মানুহে পছন্দ কৰে। ময়ো তেওঁক এগৰাকী নেতা হিচাপে পছন্দ কৰোঁ। কিন্তু যিসকলে মোৰ ভিডিঅ’টো ভাইৰেল কৰিছে, তেওঁলোকৰ উদ্দেশ্য সঠিক নহয়।”
দেৱোশ্ৰীয়ে জানিবলৈ দিয়ে যে তেওঁ পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু যুৱ কংগ্ৰেছৰ সৈতে জড়িত। ৰাহুল গান্ধীৰ সৈতে তেওঁৰ প্ৰায় চাৰি বছৰ পূৰ্বে ইন্দোৰতে প্ৰথম সাক্ষাৎ হৈছিল। সেই সময়ত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ চলি আছিল। ভাইৰেল ভিডিঅ’ৰ বাবে তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলিও কয়। দেৱোশ্ৰীৰ ভাষ্য অনুসৰি, ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত তেওঁ যথেষ্ট মানসিকভাৱে অস্বস্তিত পৰিছিল। তেওঁ কয়, “এগৰাকী ছোৱালীৰ ভাবমূৰ্তিৰ বাবে এনে ধৰণৰ ঘটনা ধনাত্মক নহয়। যিসকলে মোৰ ভিডিঅ’টো ভুল ধৰণে ভাইৰেল কৰিছে, তেওঁলোকৰ বিৰুদ্ধে মই আইনী সহায় ল’ম।”
দেৱোশ্ৰীয়ে জনোৱা অনুসৰি, তেওঁৰ ঘৰ ছত্তীশগড়ৰ বিলাসপুৰত। তেওঁ ভৱিষ্যতে ৰাজনীতিত আগবাঢ়িব বিচাৰে। তেওঁ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাহুল গান্ধী সংসদ ষ্ট্ৰীট থানালৈ যোৱাৰ সময়তো তেওঁ প্ৰতিবাদত অংশ লৈছিল। ভাইৰেল হোৱা ঘটনাটোৰ সন্দৰ্ভত তেওঁ পুনৰ আহ্বান জনাই কয় যে তেওঁক ভুল ধৰণে উপস্থাপন কৰি ভাইৰেল নকৰিবলৈ অনুৰোধ জনায়। দেৱোশ্ৰীয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে কাক আৰু কেতিয়া বিয়া কৰিব সেয়া সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। তেওঁ ৰাহুল গান্ধীক ২০২৯ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলিও মন্তব্য কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















