বিশ্বৰ বিভিন্ন দেশত কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান প্ৰায় প্ৰতিটো খণ্ডতে মহিলাৰ উপস্থিতি পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। ভাৰততো এই পৰিৱৰ্তন বিশেষভাৱে দেখা গৈছে। দেশৰ কিছুমান আগশাৰীৰ কোম্পানীত মহিলা কৰ্মচাৰীৰ সংখ্যা পুৰুষতকৈও অধিক হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ Appleৰ সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত ফক্সকনৰ ভাৰতীয় উদ্যোগসমূহত মহিলাৰ অংশগ্ৰহণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। কিছুমান উদ্যোগত মুঠ কৰ্মচাৰীৰ ৮০ শতাংশতকৈও অধিক মহিলা।

বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি কোম্পানী Appleত বৰ্তমান প্ৰায় ১ লাখ ৬৬ হাজাৰ লোক কৰ্মৰত। কোম্পানীটোৰ তথ্য অনুসৰি, ইয়াৰ বিশ্বব্যাপী কৰ্মশক্তিৰ প্ৰায় ৩৫ শতাংশ মহিলা। অৰ্থাৎ Appleৰ বিশ্বজুৰি কৰ্মচাৰীৰ ভিতৰত প্ৰায় ৫৮ হাজাৰ মহিলা আছে। ইয়াৰ পৰা কোম্পানীটোৱে কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা কথাটো স্পষ্ট হয়।

ভাৰতত Appleৰ আইফোনসহ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা ফক্সকনে মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত এক উল্লেখযোগ্য উদাহৰণ সৃষ্টি কৰিছে। ২০২৪ চনৰ তথ্য অনুসৰি, তামিলনাডুত থকা ফক্সকনৰ এটা উদ্যোগত প্ৰায় ৪১,২৮১ জন কৰ্মচাৰী আছিল। ইয়াৰে প্ৰায় ৩৩,৩৬০ গৰাকীয়েই মহিলা। অৰ্থাৎ মুঠ কৰ্মচাৰীৰ এক বৃহৎ অংশ মহিলা। একেদৰে, ২০২৫ চনৰ ডিচেম্বৰ পৰ্যন্ত বেংগালুৰুৰ দেৱনাহল্লীত থকা ফক্সকনৰ উদ্যোগটোত প্ৰায় ৩০ হাজাৰ লোকে কাম কৰিছিল। ইয়াৰে প্ৰায় ৮০ শতাংশ, অৰ্থাৎ প্ৰায় ২৪ হাজাৰ কৰ্মচাৰী মহিলা আছিল।

ভাৰতত Appleৰ সামগ্ৰী নিৰ্মাণ কৰা দুটা মুখ্য কোম্পানী হৈছে ফক্সকন আৰু টাটা ইলেক্ট্ৰনিক্স। দুয়োটা কোম্পানীয়ে একেলগে প্ৰায় ১.৪০ লাখ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। ইয়াৰ উপৰি, ভাৰতত Appleৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ জৰিয়তে প্ৰায় ২.৫ লাখ লোকৰ কৰ্মসংস্থাপন হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশই মহিলা বুলি তথ্যত উল্লেখ কৰা হৈছে। এই পৰিসংখ্যাই ভাৰতত প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণ খণ্ডত মহিলাৰ অংশগ্ৰহণ কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে, তাৰ এক স্পষ্ট ছবি দাঙি ধৰে।


ফক্সকনে চলিত বিত্তীয় বৰ্ষত ভাৰতত আৰু প্ৰায় ২০ হাজাৰ লোকক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। এই নতুন নিযুক্তিৰ অধিকাংশই ১৮ৰ পৰা ২৪ বছৰ বয়সৰ যুৱতী হ’ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ ফলত দেশত Appleৰ যোগান শৃংখল আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণ খণ্ডত মহিলাৰ কৰ্মসংস্থাপনৰ সুযোগ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

সামগ্ৰিকভাৱে চালে, ভাৰতত Appleৰ উৎপাদন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ সৈতে মহিলাৰ কৰ্মসংস্থাপনো দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষকৈ ফক্সকনৰ দৰে বৃহৎ উদ্যোগত মহিলাৰ সংখ্যাই পুৰুষৰ তুলনাত বহু বেছি হোৱা বিষয়টোৱে ভাৰতৰ কৰ্মক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















