নামনি অসমত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলালে বন বিভাগে। বুলড’জাৰৰ গৰ্জনত কঁপি উঠিল বনাঅঞ্চল। বনাঞ্চলৰ মাটিত দীৰ্ঘদিন ধৰি গঢ়ি তোলা ঘৰ-দুৱাৰ আৰু অন্যান্য নিৰ্মাণত চলিল উচ্ছেদ অভিযান। পূৰ্বে জাননী জাৰি কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ পাছতেই বন বিভাগে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পঞ্চৰত্ন আৰু শলমাৰী অঞ্চলত বন বিভাগে পৃথকভাৱে উচ্ছেদ অভিযান চলায়। বনাঞ্চলৰ সীমাৰ ভিতৰত থকা বেদখল উচ্ছেদ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হয়।
পঞ্চৰত্ন অঞ্চলত বনাঞ্চলৰ সীমাৰ ভিতৰত থকা এটা পৰিয়ালৰ তিনিটাকৈ ঘৰত বন বিভাগে উচ্ছেদ অভিযান চলায়। ঘৰকেইটাত বুলড’জাৰ চলাই এফালৰ পৰা ভাঙি পেলোৱা হয়। অভিযানৰ পূৰ্বে সংশ্লিষ্ট লোকসকলক জাননী জাৰি কৰা হৈছিল। জাননীখনত ১৫ দিনৰ ভিতৰত ঘৰ-দুৱাৰসহ বেদখল কৰা অংশ নিজে আঁতৰাই ল’বলৈ সময়সীমা বান্ধি দিয়া হৈছিল। নিৰ্ধাৰিত সময়সীমা পাৰ হোৱাৰ পাছত বন বিভাগে অভিযান চলাই বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।
ইফালে, ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত শলমাৰীতো বন বিভাগে উচ্ছেদ অভিযান চলায়। এই অভিযানত বনাঞ্চলৰ ভিতৰত বেদখল কৰি গঢ়ি তোলা ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে বাগিচাতো চলিল বুলড’জাৰ। প্ৰায় ডেৰ বিঘা মাটিত গঢ়ি তোলা এটা ৰবৰ বাগানতো উচ্ছেদ অভিযান চলোৱা হয়। বনাঞ্চলৰ মাটি ব্যৱহাৰ কৰি ৰবৰ খেতি কৰাৰ অভিযোগত বাগানখন উচ্ছেদ কৰা হয়। একে স্থানতে থকা ঘৰতো বন বিভাগে অভিযান চলায়।
বন বিভাগৰ সূত্ৰ অনুসৰি, উচ্ছেদৰ পূৰ্বে সংশ্লিষ্ট লোকসকলক জাননী প্ৰদান কৰা হৈছিল। জাননীৰ জৰিয়তে ১৫ দিনৰ ভিতৰত বেদখল কৰা ভূমিৰ পৰা ঘৰ-দুৱাৰ আৰু অন্যান্য নিৰ্মাণ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু নিৰ্ধাৰিত সময়সীমাৰ পাছত বিভাগীয়ভাৱে অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত বুলড’জাৰ ব্যৱহাৰ কৰি বেদখল কৰা অংশসমূহ আঁতৰাই পেলোৱা হয়। ফলত অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। ঘৰ-দুৱাৰ আৰু বহুদিনৰ পৰিশ্ৰমে গঢ়ি তোলা ৰবৰ বাগান চকুৰ সন্মুখতে ভাঙি পেলোৱাত সংশ্লিষ্ট লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বনাঞ্চল সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব নে নাই, সেয়া এতিয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















