• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

3 weeks ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

2 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

3 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

4 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

4 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

5 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

5 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

6 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

7 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

7 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

8 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

১৩ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নেকি Facebook, Instagram?

editor by editor
September 23, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, লেখা
0
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
0
SHARES
23
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউৰোপীয় আয়োগৰ সভাপতি উৰছুলা ভন ডেৰ লেয়েনে শিশুসকলক অনলাইন জগতৰ বিভিন্ন বিপদৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক পৰিকল্পনা আগবঢ়াইছে। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰা এই পৰিকল্পনাত ১৩ বছৰৰ তলৰ শিশুক ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ পৰা আঁতৰাই ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ লগতে অনলাইন প্লেটফৰ্মসমূহক শিশুৰ বাবে অধিক সুৰক্ষিত একাউণ্ট ব্যৱস্থা তৈয়াৰ কৰাটো বাধ্যতামূলক কৰাৰ কথাও কোৱা হৈছে। এই প্ৰস্তাৱটো EU Kids Act নামেৰে আগবঢ়োৱা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুসকলক ছ’চিয়েল মিডিয়া, ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম, অনলাইন গেম, AI chatbot আৰু AI companion আদিৰ সম্ভাব্য ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষা দিয়া।

প্ৰস্তাৱ অনুসৰি, ১৩ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ ছ’চিয়েল মিডিয়া একাউণ্ট অভিভাৱকৰ নিয়ন্ত্ৰণত থাকিব। অৰ্থাৎ, এই বয়সৰ শিশুৱে অনলাইনত কি কৰিব পাৰিব বা নোৱাৰিব, সেই ক্ষেত্ৰত অভিভাৱকৰ অধিক নিয়ন্ত্ৰণ থাকিব। আনহাতে, ১৮ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া, ভিডিঅ’ শ্বেয়াৰিং ছাইট, অনলাইন ভিডিঅ’ গেম, AI companion আৰু chatbotৰ ক্ষেত্ৰতো কিছুমান স্পষ্ট নিয়ম প্ৰযোজ্য হ’ব।

শিশুৰ বাবে ডিজিটেল প্লেটফৰ্মসমূহত কিছুমান বিশেষ ফিচাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ভিতৰত আছে— আসক্তি সৃষ্টি কৰিব পৰা ফিচাৰ, ব্যৱহাৰকাৰীৰ প্ৰফাইল অনুসৰি নিৰ্মাণ কৰা recommendation feed, শেষ নোহোৱা Infinite Scroll, শিশুক অধিক সময় প্লেটফৰ্মত ৰখাৰ বাবে ব্যৱহাৰ কৰা reward tricks আৰু অচিনাকি লোকৰ পৰা অহা অনাকাংক্ষিত যোগাযোগ। ইয়াৰ উপৰি AI companion আৰু chatbot শিশুৰ একাউণ্টত ডিফল্টভাৱে বন্ধ কৰি ৰখাৰ প্ৰস্তাৱো আছে।

নতুন নিয়ম অনুসৰি অনলাইন কোম্পানীসমূহে শিশুৰ কথা মনত ৰাখি নিজৰ algorithm সুৰক্ষিতভাৱে ডিজাইন কৰিব লাগিব। লগতে অভিভাৱকসকলৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা parental control ব্যৱস্থা থাকিব লাগিব। অভিভাৱকে যাতে সহজে কোনো ব্যৱহাৰকাৰীক block বা mute কৰিব পাৰে, সেই সুবিধাও প্লেটফৰ্মসমূহে প্ৰদান কৰিব লাগিব। ইয়াৰ উপৰিও, শিশুৱে অনলাইন একাউণ্ট খোলাৰ সময়ত তেওঁলোকৰ বয়স নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে age assurance technology ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ, ব্যৱহাৰকাৰীজনৰ বয়স সঠিকভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগিব।

নিয়ম ভংগ কৰিলে কোম্পানীসমূহৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰো প্ৰস্তাৱ কৰা হৈছে। নিয়ম মানি নচলিলে কোনো কোম্পানীক বিশ্বব্যাপী বাৰ্ষিক আয়ৰ ৬ শতাংশ পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। ইয়াৰ লগতে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ কাম-কাজৰ বাবে কোম্পানীসমূহে supervisory fee-ও দিব লাগিব।

উৰছুলা ভন ডেৰ লেয়েনে কয় যে আজিৰ শিশুসকলে বিশ্বৰ আটাইতকৈ উন্নত প্ৰযুক্তিৰ সৈতে জড়িত হৈ পৰিছে। কিন্তু এই প্ৰযুক্তিসমূহ শিশুৰ মানসিক বিকাশ আৰু কল্যাণক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হোৱা নাছিল। তেওঁৰ মতে, বাস্তৱ জীৱনত শিশুৰ বাবে যিদৰে কিছুমান সীমা আৰু নিয়ম থাকে, ডিজিটেল জগততো শিশুৰ সুৰক্ষাৰ বাবে স্পষ্ট সীমা নিৰ্ধাৰণ কৰা প্ৰয়োজন। বিশেষকৈ Facebook, Instagram, TikTok, YouTube আৰু ChatGPTৰ দৰে প্লেটফৰ্ম শিশুৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে, সেই বিষয়ক লৈ বিভিন্ন দেশত উদ্বেগ বৃদ্ধি পাইছে। ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশেও শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24social media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.