বছৰটো শেষ হ’বলৈ এতিয়া প্ৰায় ৩ মাহমানহে বাকী। ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে বুলগেৰিয়াৰ প্ৰখ্যাত ভবিষ্যদ্বক্তা বাবা ভাংগাৰ নামত প্ৰচাৰিত ২০২৬ চনৰ ভৱিষ্যদ্বাণী। বিভিন্ন জ্যোতিষভিত্তিক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৬ চনৰ শেষৰ ফালে বিশ্বত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটিব পাৰে। বাবা ভাংগাৰ নামত প্ৰচাৰিত দাবীসমূহৰ ভিতৰত আছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, বিশ্বজুৰি সংঘাত, কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ অত্যধিক প্ৰভাৱ, অৰ্থনৈতিক অস্থিৰতা আৰু আনকি এলিয়েনৰ সৈতে মানৱ জাতিৰ যোগাযোগৰ দৰে চাঞ্চল্যকৰ বিষয়।
১. ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ দাবী
ভাইৰেল দাবী অনুসৰি ২০২৬ চনত বিশ্বৰ বিভিন্ন প্ৰান্তত ভূমিকম্প, বানপানী, আগ্নেয়গিৰিৰ উদ্গীৰণ আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছিল। ছেপ্টেম্বৰ মাহতো বাবা ভাংগাৰ নামত এই দাবীসমূহ পুনৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। অৱশ্যে, কোনো নিৰ্দিষ্ট প্ৰাকৃতিক দুৰ্যোগ বাবা ভাংগাই আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিছিল বুলি প্ৰমাণ কৰা কোনো বিশ্বাসযোগ্য মূল নথি পোৱা হোৱা নাই।
২. তৃতীয় বিশ্বযুদ্ধৰ চৰ্চা
বাবা ভাংগাৰ নামত আটাইতকৈ বেছি ভাইৰেল হোৱা দাবীসমূহৰ ভিতৰত অন্যতম হৈছে ২০২৬ চনত বিশ্বৰ বিভিন্ন শক্তিৰ মাজত ডাঙৰ সামৰিক সংঘাত আৰম্ভ হোৱাৰ আশংকা। কিন্তু এই দাবীৰো কোনো প্ৰামাণিক লিখিত বা ৰেকৰ্ড কৰা উৎস নাই।
৩. এলিয়েনৰ সৈতে যোগাযোগ!
বাবা ভাংগাৰ নামত প্ৰচাৰিত আটাইতকৈ চাঞ্চল্যকৰ দাবীটো হৈছে ২০২৬ চনৰ শেষৰ ফালে পৃথিৱীৰ বাহিৰৰ জীৱ বা এলিয়েনৰ সৈতে মানুহৰ যোগাযোগ হ’ব পাৰে। কিছু প্ৰতিবেদনত বিশেষকৈ নৱেম্বৰ মাহৰ আশে-পাশে আকাশত বৃহৎ অচিনাক্ত মহাকাশযান দেখা যাব পাৰে বুলি দাবী কৰা হৈছে। কিন্তু এই দাবীৰ সমৰ্থনত কোনো প্ৰামাণিক ভৱিষ্যদ্বাণী বা বৈজ্ঞানিক প্ৰমাণ নাই।
৪. AI হৈ পৰিব নেকি মানুহৰ বাবে প্ৰত্যাহ্বান?
কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AIক লৈও বাবা ভাংগাৰ নামত এটা ভৱিষ্যদ্বাণী ভাইৰেল হৈছে। দাবী অনুসৰি মানৱসৃষ্ট যন্ত্ৰৰ ক্ষমতা ইমানেই বৃদ্ধি পাব পাৰে যে বহু ক্ষেত্ৰত মানুহ গুৰুত্বহীন হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। বৰ্তমান AIৰ দ্ৰুত বিকাশ বাস্তৱ ঘটনা।
৫. বিশ্ব অৰ্থনীতিত অস্থিৰতা?
২০২৬ চনৰ বাবে বাবা ভাংগাৰ নামত প্ৰচাৰিত আন এটা দাবী হৈছে বিশ্ব অৰ্থনীতিত অস্থিৰতা বৃদ্ধি আৰু ধন-সম্পত্তিৰ বজাৰত ডাঙৰ পৰিৱৰ্তন। কিছুমান প্ৰতিবেদনত সোণ-ৰূপৰ দাম বৃদ্ধি পোৱাৰ কথাও এই ভৱিষ্যদ্বাণীৰ সৈতে সংযোগ কৰা হৈছে।কিন্তু এনে দাবীক নিৰ্ভৰযোগ্য অৰ্থনৈতিক পূৰ্বানুমান হিচাপে গ্ৰহণ কৰাৰ কোনো ভিত্তি নাই।
৬. কিয় পুনৰ ভাইৰেল বাবা ভাংগাৰ নাম?
বিশ্বৰ কোনো ডাঙৰ ঘটনা ঘটিলেই তাৰ সৈতে বাবা ভাংগাৰ নাম জড়িত কৰি পুৰণি বা অস্পষ্ট ভৱিষ্যদ্বাণী নতুনকৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ প্ৰৱণতা দেখা যায়। বিশেষজ্ঞ আৰু ফেক্ট-চেক প্ৰতিবেদনসমূহে উল্লেখ কৰিছে যে তেওঁৰ নামত প্ৰচাৰিত বহু ভৱিষ্যদ্বাণীৰ কোনো মূল লিখিত ৰেকৰ্ড নাই। সেয়ে ২০২৬ চনৰ শেষৰ ফালে কি ঘটিব সেই সন্দৰ্ভত বাবা ভাংগাৰ নামত ভাইৰেল হোৱা দাবীসমূহক প্ৰমাণিত ভৱিষ্যদ্বাণী নহয়, বৰং জনপ্ৰিয় কিন্তু অপ্ৰমাণিত দাবী হিচাপে চোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















