নিশা দীৰ্ঘসময় ধৰি মোবাইল ফোনত কথা পতাই যেন কাল হল এগৰাকী যুৱতীৰ। মোবাইল ফোনত কথা পতাৰ বাবে এগৰাকী যুৱতীক মোমায়েকৰ সৈতে মিলি নিজ মাতৃয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মোবাইলত কথা পতাক লৈ প্ৰথমে কাজিয়াৰ সূত্ৰপাতৰ পিছত এয়া পিছলৈ ভয়ংকৰ বিবাদৰ ৰূপ লয়। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিওনী জিলাত। এই বিবাদৰ পৰিণতিত মুস্কান নামৰ এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে যুৱতীগৰাকীৰ মাতৃ সুনীতা আৰু মোমায়েক অনিল ধূৰ্ভেক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ কুৰাই থানা এলেকাৰ সাতোছা গাঁৱত সংঘটিত হৈছে এই ঘটনা। যোৱা ৩০ ছেপ্টেম্বৰত গাঁওখনৰে কুঁহিয়াৰৰ পথাৰৰ পৰা মুস্কান নামৰ যুৱতীগৰাকীৰ মৃ*তদেহ উদ্ধাৰ কৰা হৈছিল। প্ৰথম অৱস্থাত ঘটনাটো সন্দেহজনক পৰিস্থিতিত মৃ*ত্যু বুলি ধৰা হৈছিল যদিও আৰক্ষীৰ তদন্ত আগবাঢ়াৰ লগে লগে এয়া হ*ত্যাকাণ্ড বুলি পোহৰলৈ আহে।
আৰক্ষীৰ তথ্য অনুসৰি, ২৮ ছেপ্টেম্বৰৰ নিশা ঘৰত মুস্কানে বহু সময় ধৰি মোবাইল ফোনত কথা পতাক লৈ পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সৃষ্টি হৈছিল। মুস্কানে কাৰ সৈতে কথা পাতিছিল আৰু সেই কথা-বতৰাত পৰিয়ালৰ আপত্তি কিয় আছিল, সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। আৰক্ষীৰ তদন্তত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, হ*ত্যাকাণ্ডৰ পিছত ঘটনাটো দুৰ্ঘটনা বা বিদ্যুৎস্পৃষ্ট হৈ মৃ*ত্যু হোৱা বুলি দেখুৱাবলৈ চেষ্টা কৰা হৈছিল। আৰক্ষীৰ মতে, অভিযুক্তই মুস্কানৰ মৃ*তদেহত বিদ্যুৎস্পৃষ্ট কৰাৰ চেষ্টা চলাইছিল। ইয়াৰ পিছত মৃ*তদেহটো কুঁহিয়াৰৰ পথাৰত পেলাই দিয়া হৈছিল বুলি সন্দেহ কৰা হৈছে।
৩০ ছেপ্টেম্বৰত কুঁহিয়াৰৰ পথাৰত মুস্কানৰ মৃ*তদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। খবৰ লাভ কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্ততে মুস্কানৰ আত্মীয়ৰ ওপৰত সন্দেহ উপজে। পৰিয়ালৰ লোকসকলক সোধা-পোছা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত বিভিন্ন তথ্য পৰীক্ষা কৰা হয়। তদন্তৰ ভিত্তিত আৰক্ষীয়ে মুস্কানৰ মাতৃ সুনীতা আৰু মোমায়েক অনিল ধূৰ্ভেক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দুই অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।
ঘটনাটোৰ তদন্তত কাৰিকৰী আৰু বৈজ্ঞানিক প্ৰমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঘটনাস্থলীৰ পৰিস্থিতি, সংগৃহীত প্ৰমাণ আৰু অন্যান্য তথ্যৰ ভিত্তিত আৰক্ষীয়ে হ*ত্যাকাণ্ডৰ ৰহস্য উন্মোচনৰ দিশে আগবাঢ়ে। সম্প্ৰতি আৰক্ষীয়ে গোচৰটোৰ আন আন দিশো তদন্ত কৰি আছে। বিশেষকৈ হ*ত্যাৰ সঠিক কাৰণ, ঘটনাৰ সময়ত উপস্থিত লোকসকলৰ ভূমিকা আৰু হত্যাৰ পিছত ঘটনাটো লুকুৱাবলৈ কৰা চেষ্টাৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















