• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

20 seconds ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

38 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

তেনেহলে কাৰ সম্পন্ন হৈছিল শেষকৃত্য? বিমোৰত আৰক্ষী

editor by editor
October 7, 2026
in বিবিধ, ভাৰত, লেখা
0
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ কেইদিনমান আগলৈকে কান্দোন আৰু শোকেৰে ভৰি আছিল এটা পৰিয়াল। কাৰণ পৰিয়ালটোৰ এজন সদস্যই ইহঃসংসাৰ ত্যাগ কৰি বিদায় মাগিছিল এই মায়াৰ ধৰাৰ পৰা। কিন্তু হঠাতে সেই ঘৰখনত সৃষ্টি হ’ল আনন্দৰ পৰিৱেশ। কাৰণ, যিজন ব্যক্তিক মৃত বুলি পৰিয়ালে শেষকৃত্য সম্পন্ন কৰিছিল, তেওঁক হঠাতে জীৱন্ত ৰূপত দেখি আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালটো। অবিশ্বাস্য যেন লাগিলেও সেয়াই সত্য প্ৰমাণিত হৈছে ৰাজস্থানৰ আজমেৰ জিলাৰ পুষ্কৰত। এই ঘটনাই পৰিয়ালটোক যেন নতুন জীৱন দিলে যদিও আৰক্ষীৰ সন্মুখত এতিয়া সৃষ্টি হৈছে এক ডাঙৰ ৰহস্য। এই ঘটনাৰ পিছতে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে—পৰিয়ালে শ্মশানত দাহ কৰা মৃ*তদেহটো তেনেহলে কাৰ আছিল?

বিগত ২০ ছেপ্টেম্বৰত পুষ্কৰ চৰকাৰী চিকিৎসালয়ৰ পিছফালে আৰক্ষীয়ে এজন অচিনাক্ত যুৱকৰ মৃ*তদেহ উদ্ধাৰ কৰে। মৃ*তদেহটোৰ পকেটত এখন পুৰণি হস্পিতালৰ শ্লীপ পোৱা যায়। সেই শ্লীপখনত শংকৰ ৰায়গৰৰ পুত্ৰ নাথুৰ নাম আৰু ঠিকনা আছিল। আৰক্ষীয়ে শ্লীপখনত থকা যোগাযোগ নম্বৰত ফোন কৰি নাথুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। পিছদিনা, অৰ্থাৎ ২১ ছেপ্টেম্বৰত নাথুৰ ভাতৃ আৰু পুত্ৰ পুষ্কৰ থানাত উপস্থিত হয়।

মৰ্গত থকা মৃ*তদেহটোৰ অৱস্থা তেতিয়া যথেষ্ট বেয়া হৈ পৰিছিল। পৰিয়ালৰ দাবী অনুসৰি, আৰক্ষীয়ে মৃ*তদেহটো ভালদৰে চিনাক্ত কৰাৰ সুযোগ নিদিলে। দুৰ্গন্ধ আৰু মৃ*তদেহৰ অৱস্থাৰ কথা উল্লেখ কৰি খৰখেদাকৈ মৃ*তদেহটো পৰিয়ালৰ হাতত গতাই দিয়া হয়। পুৰণি হাস্পতালৰ শ্লীপখনত নাথুৰ নাম থকাৰ বাবেই পৰিয়ালে মৃ*তদেহটো নাথুৰ বুলি বিশ্বাস কৰে। তাৰ পিছত গভীৰ শোকৰ মাজতে পৰিয়ালে যথাযথ ৰীতি-নীতিৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

শেষকৃত্য সম্পন্ন কৰাৰ পিছত পৰিয়ালত শোকৰ পৰিৱেশ চলি আছিল। পৰিয়ালৰ লোকসকলে ১২ দিনৰ অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। ঠিক সেই সময়তে গাঁৱৰ এজন লোকে পৰিয়ালটোক জনায় যে নাথুক ওচৰৰ এটা অঞ্চলত শ্ৰমিক হিচাপে কাম কৰি থকা দেখা গৈছে। খবৰটো শুনি পৰিয়ালৰ লোকসকল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। তাত গৈ তেওঁলোকে যি দৃশ্য দেখিলে, সেয়া আছিল তেওঁলোকৰ বাবে একেবাৰে অবিশ্বাস্য আছিল। নাথু সুস্থ আৰু জীৱিত অৱস্থাত তাত কাম কৰি আছিল! জীৱিত নাথুক চকুৰ সন্মুখত দেখি পৰিয়ালৰ লোকসকল স্তম্ভিত হৈ পৰে। তেওঁক লগে লগে ঘৰলৈ লৈ অহা হয়। মুহূৰ্ততে শোকত ডুবি থকা ঘৰখনত আনন্দৰ পৰিৱেশ সৃষ্টি হয়।

জানিব পৰা মতে, নাথু পেছাত এগৰাকী নিৰ্মাণ শ্ৰমিক। কামৰ বাবে তেওঁ প্ৰায়ে কাকো বিশেষ খবৰ নিদিয়াকৈ কেইবাদিনো ঘৰৰ পৰা আঁতৰি থাকে। সেয়েহে নাথু বহুদিন ধৰি ঘৰত নথকাত পৰিয়ালৰ লোকসকলৰ বিশেষ সন্দেহ হোৱা নাছিল। কিন্তু আৰক্ষীৰ ওচৰত পোৱা হাস্পতালৰ শ্লীপ আৰু মৃ*তদেহৰ ঘটনাৰ সৈতে নাথুৰ নাম জড়িত হৈ পৰাত পৰিয়ালে মৃ*তদেহটো নাথুৰ বুলি বিশ্বাস কৰিছিল।

নাথু জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীৰ মৃ*তদেহ চিনাক্তকৰণ প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। পুষ্কৰ থানাৰ বিষয়া অশোক বিসুৱে জানিবলৈ দিয়া মতে, অচিনাক্ত মৃ*তদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত আৰক্ষীয়ে ডি এন এ নমুনা সংৰক্ষণ কৰি ৰাখিছিল। এতিয়া সেই ডি এন এ নমুনাৰ পৰীক্ষাৰ জৰিয়তে মৃ*তদেহটো আচলতে কাৰ আছিল, সেই কথা জানিবলৈ চেষ্টা চলোৱা হৈছে। লগতে, নাথুৰ নাম আৰু ঠিকনা থকা হাস্পতালৰ শ্লীপখন মৃতদেহটোৰ পকেটলৈ কেনেকৈ গ’ল আৰু নাথুৰ বুলি ভুল কৰি যিজন অচিনাক্ত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰা হ’ল, তেওঁ কোন—এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Miscellaneous News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.