দক্ষিণ ভাৰতৰ কেৰালাৰ থ্ৰিছুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ মহিলাৰ বিৰুদ্ধে ১১ বছৰীয়া নাবালকক যৌ*ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, থ্ৰিছুৰ পশ্চিম থানাত POCSO আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। প্ৰায় তিনিদিন পূৰ্বে নাবালকজনক যৌ*ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে নাবালকজনৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। লগতে নাবালকৰ চিকিৎসা পৰীক্ষাও থ্ৰিছুৰ সাধাৰণ চিকিৎসালয়ত সম্পন্ন কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান গোচৰটোৰ তদন্ত চলি আছে। অভিযোগৰ সত্যতা নিৰূপণৰ বাবে আৰক্ষীয়ে বিভিন্ন দিশত তথ্য সংগ্ৰহ কৰি আছে। অভিযুক্ত মহিলাগৰাকীক জেৰা কৰাকে ধৰি তদন্তৰ পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
অৱশ্যে, তদন্ত চলি থকাৰ বাবে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে গোচৰটোৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















