পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ মৃ*ত্যু হৈছে। গুৱাহাটীৰ বোন্দাৰ চপাইদাং অঞ্চলৰ এগৰাকী প্ৰতিভাৱান যুৱতী হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃ*ত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ যোৱা হিমাশ্ৰীৰ মৃ*তদেহ বুধবাৰে সন্ধিয়া টিকলামপুৰমৰ ৰে’ল আলিৰ দাঁতিত উদ্ধাৰ হয়।
জানিব পৰা মতে, বিগত ১৩ আগষ্টত অসমৰ পৰা ৮ গৰাকী যুৱতী আৰু দুজন যুৱকসহ মুঠ ১০ জনীয়া এটা দল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ নৃত্যানুষ্ঠানৰ বাবে গৈছিল। SBJ Dance Event নামৰ এটা ডান্স ইভেণ্টৰ জৰিয়তে দলটোৱে তাত অনুষ্ঠান কৰিবলৈ গৈছিল। দলটোত হিমাশ্ৰী বড়োও আছিল। নৃত্যানুষ্ঠানসমূহ অক্টোবৰৰ মাজভাগলৈ চলাৰ কথা আছিল। কিন্তু অনুষ্ঠানৰ আয়োজকসকলৰ সৈতে কিছু মতানৈক্য হোৱাত দলটোৰ কেইগৰাকীমান সদস্য আগতীয়াকৈ অসমলৈ উভতি আহে। ইফালে, ৯ অক্টোবৰত SBIৰ এটা চাকৰিৰ পৰীক্ষা দিয়াৰ কথা আছিল হিমাশ্ৰীৰ। সেই উদ্দেশ্যে ৫ অক্টোবৰত তেওঁ অসমলৈ উভতি অহাৰ সিদ্ধান্ত লয়। পৰিয়ালৰ জানিব পৰা মতে, ঘৰলৈ উভতি অহাৰ সময়ত হিমাশ্ৰীয়ে প্ৰথমখন ৰে’ল সময়মতে ধৰিব নোৱাৰিলে। সেইবাবে পৰৱৰ্তী এখন ৰে’লত সাধাৰণ শ্ৰেণীৰ দবাত উঠি অসমলৈ যাত্ৰা কৰে।
ৰে’লত উঠাৰ কিছু সময়লৈকে হিমাশ্ৰীয়ে পৰিয়ালৰ সৈতে মোবাইল ফোনযোগে যোগাযোগ কৰি আছিল। কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে তেওঁক ফোন কৰাত ফোনটো ৰিং হৈ থাকিলেও কোনো সঁহাৰি পোৱা নাছিল। প্ৰায় ১২ ঘণ্টা ধৰি হিমাশ্ৰীৰ কোনো সন্ধান নোপোৱাত পৰিয়ালে অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰে।
জানিব পৰা মতে, প্ৰথমখন ৰে’ল ধৰিব নোৱাৰাৰ কথা হিমাশ্ৰীয়ে গুৱাহাটীৰ কামাখ্যা গে’টৰ ওচৰত থকা তেওঁৰ বান্ধৱী জ্যোতি চৌধুৰীক জনাইছিল। জ্যোতিয়ে হিমাশ্ৰীৰ বাবে টিকটৰ ব্যৱস্থা কৰি দিয়ে। লগতে হিমাশ্ৰীক ৰে’লত উঠাত সহায় কৰিবলৈ তেওঁৰ অবিনাশ নামৰ এজন বন্ধুক ৰে’ল ষ্টেচনলৈ পঠিয়াই দিয়ে। ৰে’ল ষ্টেচনৰ CCTV ফুটেজত হিমাশ্ৰীৰ সৈতে অবিনাশক দেখা পোৱা গৈছে বুলি পৰিয়ালৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।
ইফালে, পৰিয়ালৰ দাবী অনুসৰি, হিমাশ্ৰীয়ে যাত্ৰা কৰা দবাটোত কেইজনমান যুৱকে অশ্লীল ইংগিত দিয়াৰ কথা জ্যোতি চৌধুৰীক জনোৱা হৈছিল। ইয়াৰ পিছতে জ্যোতি আৰু পৰিয়ালৰ লোকে ৰে’ল বিভাগৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰি বিষয়টো অৱগত কৰিছিল বুলি জানিব পৰা গৈছে। তাৰ পিছৰ পৰাই হিমাশ্ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাছিল।
অৱশেষত বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ টিকলামপুৰমৰ ৰে’ল আলিৰ দাঁতিত হিমাশ্ৰীৰ মৃ*তদেহ উদ্ধাৰ হয়। ইফালে, গুৱাহাটী অভিমুখী ৰে’লখনৰ এটা ডবাত হিমাশ্ৰীৰ দুটা বেগ আৰু কিছু নথি-পত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে। ঘটনাক লৈ হিমাশ্ৰীৰ পৰিয়ালে অবিনাশ নামৰ যুৱকজনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, অবিনাশে হিমাশ্ৰীক ৰে’লৰ দবাত উঠাই দিয়াৰ সময়ত ঠেলা-হেঁচা কৰা হৈছিল। অৱশ্যে এই অভিযোগৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।
হিমাশ্ৰীৰ মৃ*ত্যু কেনেকৈ হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ ৰে’লৰ পৰা পৰি মৃত্যুবৰণ কৰিলে নেকি, কোনোবাই তেওঁক ঠেলি দিলে নেকি, নে আন কোনো কাৰণত এই ঘটনা সংঘটিত হ’ল—সেই সকলো দিশ তদন্তৰ আওতাত আছে। ইতিমধ্যে হিমাশ্ৰীৰ পৰিয়ালৰ লোক আৰু নৃত্যদলটোৰ কিছু সদস্য অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈছে। মৃ*তদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি এয়াৰ এম্বুলেন্সযোগে অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, হিমাশ্ৰী বড়োৱে বি বৰুৱা কলেজৰ পৰা BBA সম্পূৰ্ণ কৰিছিল। এগৰাকী প্ৰতিভাৱান যুৱতীৰ এনে কৰুণ আৰু ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ চপাইদাং অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে হিমাশ্ৰীৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















