দিল্লীৰ যন্তৰ মন্তৰত আজি ১০ অক্টোবৰত চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে। ধ্ৰুৱ ৰাথীৰ পিছত অভিজিৎ দীপকে, সৌৰভ দাস, আশুতোষ ৰাংকা, আৰু তেওঁলোকৰ সহযোগীকো আটক কৰা হৈছে বুলি খবৰ আহিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁলোকক নতুন দিল্লী অঞ্চললৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছিল। সেই আদেশ মানি নচলাৰ বাবে প্ৰতিবাদৰ পূৰ্বেই বিমানৰ ভিতৰৰ পৰা আটক কৰে আটাইকেইজনক।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি অভিজিত দীপকে আৰু তেওঁৰ সংগীসকলক প্ৰথমে আই জি আই বিমানবন্দৰত নতুন দিল্লী অঞ্চললৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছিল। অৱশ্যে তেওঁলোকে নাকচ কৰিলে। অভিজিৎ দীপকে আৰু তেওঁৰ সংগীসকলক আটক কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে।
জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীক দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামৰ ঘৰৰ পৰা আটক কৰি ৰাখিছে। খবৰ অনুসৰি, পুৱা প্ৰায় ৭:৪৮ বজাত কেন্দ্ৰীয় বিহাৰৰ ছেক্টৰ ৫৬ত থকা তেওঁৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা দল। খবৰ অনুসৰি ধ্ৰুৱ ৰাথীৰ মাতৃয়ে দুৱাৰখন খুলি দিয়াৰ লগে লগে আৰক্ষীয়ে ঘৰত প্ৰৱেশ কৰে। সূত্ৰ অনুসৰি যোৱা নিশাৰ পৰাই তেওঁৰ ঘৰৰ বাহিৰত ৫০ জনীয়া আৰক্ষীৰ এটা দল উপস্থিত আছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ধ্ৰুৱ ৰাথীক নিজৰ জিম্মাত লৈ যায়।
যন্তৰ মন্তৰৰ প্ৰতিবাদত অনুমোদন লাভ কৰা নাই
ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে নিৰাপত্তাজনিত কাৰণ আৰু পদ্ধতিগত প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি যন্তৰ মন্তৰ প্ৰতিবাদৰ অনুমতি অস্বীকাৰ কৰিছিল। ৪৫টা দিল্লী মেট্ৰ’ ষ্টেচন বন্ধ, আৰু কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। ইফালে প্ৰতিবাদকাৰীক প্ৰতিবাদস্থলীত উপস্থিত নোহোৱাৰ বাবে আৰক্ষীয়ে প্ৰতিৰোধমূলক আটক তীব্ৰতৰ কৰি কৌশলগত স্থানত কৰ্মী নিয়োগ কৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে নতুন দিল্লী অঞ্চলৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৫০ জন প্ৰতিবাদকাৰীক আটক কৰি ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















