• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

1 hour ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

2 minutes ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

2 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

2 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

3 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

4 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

5 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

6 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

6 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

7 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

8 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

10 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

দিল্লীত CJPৰ প্ৰতিবাদৰ প্ৰভাৱ

editor by editor
October 10, 2026
in বাণিজ্য, ভাৰত, ৰাজনীতি, লেখা
0
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজধানী দিল্লীত অব্যাহত থকা CJPৰ প্ৰতিবাদৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হোৱাৰ লগতে ব্যৱসায়-বাণিজ্যতো ব্যাপক প্ৰভাৱ পৰিছে। প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা যান-জঁট, মেট্ৰ’ ষ্টেচন বন্ধ আৰু আন আন সমস্যাৰ বাবে দিল্লী-NCRৰ লাখ লাখ লোক সমস্যাৰ সন্মুখীন হৈছে। আনহাতে, এই পৰিস্থিতিৰ ফলত দিল্লীত প্ৰায় ২০০০ কোটি টকাৰ ব্যৱসায়িক লোকচান হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ব্যৱসায়ীসকলৰ সংগঠন চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে।

প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী আৰক্ষীয়ে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ মাজতে ৰাজধানীৰ বিভিন্ন অঞ্চলত যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে বহু দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। ফলত সাধাৰণ মানুহৰ দৈনন্দিন কাম-কাজৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীসকলৰ উপাৰ্জনলৈকে সকলোতে ইয়াৰ প্ৰভাৱ পৰিছে।

২০০০ কোটি টকাৰ ব্যৱসায়িক লোকচানৰ আশংকা

CTIৰ অধ্যক্ষ বৃজেশ গোৱালৰ মতে, প্ৰতিবাদৰ ফলত দিল্লীৰ ব্যৱসায়-বাণিজ্যত প্ৰায় ২০০০ কোটি টকাৰ প্ৰভাৱ পৰিব পাৰে। তেওঁৰ মতে, নৱৰাত্ৰি আৰু ৰামলীলা উৎসৱৰ ঠিক আগমুহূৰ্তত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাটো ব্যৱসায়ীসকলৰ বাবে যথেষ্ট চিন্তাৰ বিষয়। উৎসৱৰ বতৰত সাধাৰণতে বজাৰসমূহত গ্ৰাহকৰ ভিৰ বৃদ্ধি পায় আৰু ব্যৱসায়ীসকলৰ বিক্ৰীও বাঢ়ে। কিন্তু প্ৰতিবাদৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিয়ে এই আশাত বাধা দিছে। বহু ব্যৱসায়িক অঞ্চলত দোকান-পোহাৰ বন্ধ থকাৰ লগতে গ্ৰাহকৰ উপস্থিতিও যথেষ্ট কমি গৈছে। CTIৰ মতে, দিল্লীৰ পৰিস্থিতি বহু ক্ষেত্ৰত লকডাউনৰ সময়ৰ দৰে হৈ পৰিছে। ইয়াৰ ফলত ব্যৱসায়ীসকলৰ লগতে সৰু-বৰ উদ্যোগ আৰু বিভিন্ন সেৱাৰ সৈতে জড়িত লোকসকলো ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবাদৰ প্ৰভাৱ দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱসায়িক অঞ্চলত পৰিছে। সদৰ বজাৰ, চান্দনী চক, চাৱৰী বজাৰ, কন’ট প্লেচ, কেৰল বাগ, লাজপট ৰায় মাৰ্কেট আৰু ভাগীৰথ প্লেচৰ দৰে অঞ্চলত ব্যৱসায়-বাণিজ্য যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। এই বজাৰসমূহলৈ প্ৰতিদিনে বহু গ্ৰাহক আহে। কিন্তু প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা যান-জঁট আৰু নিৰাপত্তাজনিত সমস্যাৰ বাবে বাহিৰৰ পৰা অহা বহু গ্ৰাহকে বজাৰলৈ যাব পৰা নাই। আনকি স্থানীয় লোকসকলেও সমস্যাৰ আশংকাত ঘৰৰ পৰা ওলাই আহিবলৈ অনীহা প্ৰকাশ কৰিছে। ফলত বহু দোকানত বিক্ৰী কমি গৈছে আৰু ব্যৱসায়ীসকলে আৰ্থিক লোকচানৰ সন্মুখীন হৈছে।

প্ৰতিবাদৰ ফলত দিল্লীৰ যাতায়াত ব্যৱস্থাতো সমস্যাৰ সৃষ্টি হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচন বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ চলাচল ব্যাহত হৈছে। ইয়াৰ প্ৰভাৱ পৰিছে বজাৰ, কাৰ্যালয় আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অহা-যোৱা কৰা লোকসকলৰ ওপৰত।

কেৱল বজাৰসমূহেই নহয়, সেৱা খণ্ডৰ ব্যৱসায়ীসকলো ক্ষতিগ্ৰস্ত হৈছে। পেট্ৰ’ল পাম্প, হোটেল, ৰেষ্টুৰেণ্ট, চিনেমা হল, বিউটি পাৰ্লাৰ আৰু চেলুন আদিত গ্ৰাহকৰ উপস্থিতি কমি যোৱাৰ খবৰ পোৱা গৈছে। বহু প্ৰতিষ্ঠানত বুকিং আৰু গ্ৰাহকৰ আগতীয়া যোগাযোগো হ্ৰাস পাইছে। দিল্লীৰ অৰ্থনীতিৰ এটা বৃহৎ অংশ খুচুৰা ব্যৱসায়, পৰিবহণ আৰু বিভিন্ন সেৱাৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে এই ক্ষেত্ৰসমূহত হোৱা ব্যাঘাতে সামগ্ৰিক ব্যৱসায়িক পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

উৎসৱৰ বতৰত ব্যৱসায়ৰ ক্ষতি ৰোধ কৰিবলৈ দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত প্ৰতিবাদ বন্ধ কৰাৰ দাবী জনাইছে CTI-এ। সংগঠনটোৰ সাধাৰণ সম্পাদক গুৰমীত অৰোৰা আৰু ৰমেশ আহুজাই কয় যে-১১ অক্টোবৰৰ পৰা নৱৰাত্ৰি আৰু ৰামলীলা উৎসৱ আৰম্ভ হোৱাৰ কথা। এই সময়ছোৱা ব্যৱসায়ীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে উৎসৱৰ সময়ত দিল্লীৰ মুখ্য ব্যৱসায়িক অঞ্চলসমূহত প্ৰতিবাদ আৰু বিক্ষোভ নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেওঁলোকে লগতে দিল্লীৰ বাহিৰৰ কোনো উপযুক্ত স্থানত স্থায়ী প্ৰতিবাদস্থলী নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকৰ মতে, এনে ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰতিবাদৰ ফলত ৰাজধানীৰ সাধাৰণ জনজীৱন আৰু ব্যৱসায়-বাণিজ্যত হোৱা ব্যাঘাত কিছু পৰিমাণে হ্ৰাস কৰিব পৰা যাব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
Next Post
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.