প্ৰায় ৩০৫ গৰাকী লোক কঢ়িয়াই নিয়া এখন নাও বাগৰি পৰাৰ ফলত কমেও ১০৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃ*ত্যু হৈছে। নিহ*তসকলৰ ভিতৰত ১৫টি শিশুও আছে। এই দুৰ্ঘটনাই উন্নত জীৱন আৰু কৰ্মসংস্থাপনৰ সন্ধানত বিপদসংকুল পথেৰে যাত্ৰা কৰা প্ৰব্ৰজনকাৰীসকলৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনা সংঘটিত হৈছে পূব আফ্ৰিকাৰ জিবুতিৰ উপকূলত।
IOMৰ তথ্য অনুসৰি, জিবুতিৰ পৰা য়েমেনলৈ গৈ থকা নাওখন বৃহস্পতিবাৰে নিশা অথবা শুকুৰবাৰে পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয়। এই ঘটনাত মৃ*ত্যু হোৱা লোকসকলৰ ভিতৰত ৫২ জন পুৰুষ, ৪২ গৰাকী মহিলা আৰু ১৫টি শিশু আছে। দুৰ্ঘটনাত নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। দুৰ্ঘটনাটোৰ পিছত ৮০ জনতকৈ অধিক লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অৱশ্যে, কমেও ১১৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ মতে, হৰ্ণ অব আফ্ৰিকা অঞ্চলৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে উন্নত জীৱিকা আৰু কৰ্মসংস্থাপনৰ সন্ধানত প্ৰব্ৰজন কৰে। এই লোকসকলৰ বহুতে জিবুতিৰ মাজেৰে গৈ বাব-এল-মাণ্ডেব জলদ্বীপ পাৰ হৈ য়েমেন আৰু উপসাগৰীয় দেশসমূহত উপস্থিত হ’বলৈ চেষ্টা কৰে। কিন্তু এই যাত্ৰা অত্যন্ত বিপদসংকুল। সাগৰীয় পথত নাও দুৰ্ঘটনা, বেয়া বতৰ আৰু অন্যান্য বিপদৰ সন্মুখীন হ’বলগীয়া হয় প্ৰব্ৰজনকাৰীসকলে। য়েমেনত হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ পিছতো বহু লোকে এই পথেৰে যাত্ৰা কৰি আহিছে।
জিবুতিত আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থা মিছনৰ মুৰব্বী আলেকজেণ্ডাৰ ক’ইচেকে এই ঘটনাক জীৱন আৰু সম্পত্তিৰ বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে। তেওঁৰ মতে, এই শোকাৱহ দুৰ্ঘটনাই উন্নত অৰ্থনৈতিক সুযোগৰ সন্ধানত প্ৰব্ৰজনৰ এই বিপদসংকুল পথেৰে যাত্ৰা কৰা লোকসকলে সন্মুখীন হোৱা ভয়ংকৰ বিপদৰ কথা পুনৰ সোঁৱৰাই দিছে। তেওঁৰ মতে, জীৱিকাৰ সন্ধানত যাত্ৰা কৰা লোকসকলৰ বাবে এনে ঘটনা অত্যন্ত উদ্বেগজনক। নিৰাপদ যাত্ৰাৰ ব্যৱস্থা নথকাৰ ফলত বহু প্ৰব্ৰজনকাৰীয়ে নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে।
দুৰ্ঘটনাটোৰ পিছতে স্থানীয় কৰ্তৃপক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিছে। দুৰ্ঘটনাত জীৱিত লোকসকলক চিকিৎসা সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰা হৈছে। উন্নত জীৱন আৰু উপাৰ্জনৰ আশাত ঘৰ এৰি যোৱা লোকসকলৰ এনে কৰুণ মৃত্যুৱে বিশ্বজুৰি প্ৰব্ৰজনকাৰীৰ সুৰক্ষাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। জীৱিকাৰ সন্ধানত যাতে মানুহে নিজৰ জীৱন বিপদত পেলাবলগীয়া নহয়, তাৰ বাবে নিৰাপদ প্ৰব্ৰজনৰ ব্যৱস্থা আৰু প্ৰয়োজনীয় সহায় নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















