• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

1 hour ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

4 seconds ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 minutes ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

2 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

3 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

4 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

5 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

6 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

6 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

আৰক্ষীৰ তদন্তত ওলাল 'জোলোঙাৰ মেকুৰী'

editor by editor
October 12, 2026
in অপৰাধ, ভাৰত, লেখা
0
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
0
SHARES
532
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী নাবালিকা ছাত্ৰীৰ সন্দেহজনক মৃ*ত্যুৰ ঘটনাৰ তদন্তত ভয়ংকৰ ৰহস্য উন্মোচন কৰিছে আৰক্ষীয়ে। নিজৰ নাবালিকা কন্যাক হ*ত্যা কৰি ঘটনাটোক দলবদ্ধ অপকৰ্মৰ ৰূপ দিবলৈ অপচেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে নাবালিকাৰ পিতৃ চৈতু লাকৰাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, অভিযুক্তই নিজকে ৰক্ষা কৰিবলৈ অপহৰণ আৰু দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনী ৰচনা কৰি আৰক্ষী আৰু গাঁওবাসীক বিপথে পৰিচালিত কৰিছিল। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমলা জিলাৰ পালকোট থানা এলেকাত।

আৰক্ষীৰ সদৰী কৰা অনুসৰি, পালকোট থানা এলেকাৰ টাপকাৰা গাঁৱৰ বাসিন্দা চৈতু ওৰাওনে ২৫ ছেপ্টেম্বৰত আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰত তেওঁ অভিযোগ কৰিছিল যে তেওঁৰ নাবালিকা কন্যাক একাংশ লোকে অপহৰণ কৰি দলবদ্ধ অপকৰ্ম কৰিছে। পিছত অভিযুক্তসকলে ছোৱালীজনীক সংকটজনক আৰু অচেতন অৱস্থাত ঘৰৰ বাহিৰত পেলাই থৈ পলায়ন কৰে বুলিও তেওঁ দাবী কৰিছিল। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ইফালে, সংকটজনক অৱস্থাত থকা নাবালিকাগৰাকীক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল।

২৬ ছেপ্টেম্বৰত ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ (ৰিমছ) হাস্পতালত চিকিৎসাধীন অৱস্থাতে নাবালিকাগৰাকীৰ মৃ*ত্যু হয়। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গুমলাৰ আৰক্ষী অধীক্ষক হৰিশ বিন জামাই বাছিয়া এছডিপিঅ’ৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। ইয়াৰ পিছতে নাবালিকাগৰাকীৰ মৃ*তদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। তদন্তৰ সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে।

আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, নাবালিকাগৰাকীক দলবদ্ধ অপকৰ্মৰ বলি হোৱা নাছিল। ইয়াৰ পিছতে আৰক্ষীৰ সন্দেহৰ আৱৰ্তলৈ আহে নাবালিকাৰ পিতৃ চৈতু ওৰাওন। আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা চলায়। জেৰাৰ সময়ত তেওঁ বাৰে বাৰে নিজৰ বক্তব্য সলনি কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশেষত কঠোৰ জেৰাৰ পিছত তেওঁ কন্যাগৰাকীক হ*ত্যা কৰাৰ লগতে ঘটনাটোক দলবদ্ধ অপকৰ্মৰ ৰূপ দিবলৈ ভুৱা কাহিনী ৰচনা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ মতে, ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া নাবালিকাগৰাকী গৰু-ম’হৰ সৈতে পথাৰৰ পৰা ঘৰলৈ উভতি আহিছিল। সেই সময়ত ঘৰত থকা চৈতু ওৰাওনে কন্যাগৰাকীক ঘৰুৱা কাম-কাজক লৈ পিতৃ-কন্যাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। আৰক্ষীৰ তদন্ত অনুসৰি, কন্যাগৰাকীৰ উত্তৰত ক্ষুব্ধ হৈ পিতৃয়ে তেওঁৰ ডিঙিত জোৰেৰে হেঁচা মাৰি ধৰে। ফলত ছোৱালীজনীৰ ডিঙিৰ হাড় ভাঙি যায় আৰু তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে। ইয়াৰ পিছত নাবালিকাগৰাকীক প্ৰথমে চিমডেগালৈ, তাৰ পিছত গুমলালৈ আৰু অৱশেষত ৰাঁচীৰ ৰিমছ হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। কিন্তু ২৬ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃ*ত্যু হয়।

আৰক্ষীৰ অভিযোগ অনুসৰি, কন্যাগৰাকীৰ মৃ*ত্যুৰ পিছত নিজৰ অপৰাধ লুকুৱাবলৈ চৈতু ওৰাওনে অচিনাকি লোকৰ বিৰুদ্ধে অপহৰণ আৰু দলবদ্ধ অপকৰ্মৰ ভুৱা অভিযোগ উত্থাপন কৰিছিল। এই কাহিনীৰ জৰিয়তে তেওঁ আৰক্ষী আৰু গাঁওবাসীৰ সন্দেহ আন লোকৰ ফালে ঘূৰাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তত ঘটনাটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহে। অৱশেষত নিজৰ নাবালিকা কন্যাক হ*ত্যা কৰা আৰু আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগত পিতৃক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হ*ত্যা আৰু আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.