জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পাছত এতিয়া চৰ্চালৈ আহিছে আদালতৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত। জামিন লাভ কৰিলেও অমৃতপ্ৰভাই মানি চলিব লাগিব একাধিক নিৰ্দেশনা। এই চৰ্তসমূহ উলংঘা কৰিলে তেওঁৰ জামিন বাতিল হ’ব পাৰে।
উল্লেখ্য যে, ৯ অক্টোবৰ তাৰিখে ফাষ্টট্ৰেক আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল বুলি প্ৰদান কৰা তথ্যত উল্লেখ কৰা হৈছে। আদালতে গোচৰটোৰ তদন্তৰ তথ্য-প্ৰমাণ, সাক্ষ্যৰ অৱস্থা আৰু অমৃতপ্ৰভাই ইতিমধ্যে কাৰাগাৰত কটোৱা সময়কে ধৰি বিভিন্ন দিশ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।
তথ্য অনুসৰি, অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ আদালতে লাভ কৰা নাছিল। জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ অভিযোগৰ সমৰ্থনতো পৰ্যাপ্ত সাক্ষ্য বা নথি-পত্ৰ নথকাৰ কথা আদালতৰ বিবেচনাত আহে।
চাৰ্জশ্বীটত উল্লেখ কৰা অভিযোগসমূহৰ সমৰ্থনত তদন্তৰ পৰা পোৱা তথ্য-প্ৰমাণৰ অভাৱৰ বিষয়টোও গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। অৱশ্যে জামিন মঞ্জুৰ কৰাৰ অৰ্থ এইটো নহয় যে গোচৰটোৰ চূড়ান্ত বিচাৰত অভিযুক্তগৰাকী নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে। গোচৰৰ চূড়ান্ত সিদ্ধান্ত বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে নিৰ্ধাৰিত হ’ব।
আনহাতে, বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যে ১২৪গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱা বুলি উল্লেখ কৰা হৈছে। ২০২৫ চনৰ ৩ অক্টোবৰৰ পৰা প্ৰায় এবছৰ কাৰাবন্দী হৈ থকা বিষয়টোও আদালতে বিবেচনা কৰিছিল বুলি প্ৰদান কৰা তথ্যত কোৱা হৈছে।
জামিন লাভ কৰিলেও মানিব লাগিব কঠোৰ চৰ্ত
অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পাছত মুক্ত জীৱন যাপন কৰিব পাৰিলেও আদালতে বান্ধি দিয়া চৰ্তসমূহ মানি চলিব লাগিব। চৰ্ত উলংঘা কৰিলে জামিন বাতিল হোৱাৰ সম্ভাৱনা থাকিব।
আদালতৰ নিৰ্দেশনা অনুসৰি—
- প্ৰমাণ নষ্ট কৰিব নোৱাৰিব: মুকলি হৈ থকাৰ সময়ত গোচৰৰ সৈতে জড়িত কোনো প্ৰমাণ নষ্ট, বিকৃত বা হেৰফেৰ কৰিব নোৱাৰিব।
- সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব: গোচৰৰ কোনো সাক্ষীক প্ৰভাৱিত কৰা, ভাবুকি দিয়া বা সাক্ষ্যদানত বাধা দিয়াৰ চেষ্টা কৰিব নোৱাৰিব।
- বিচাৰ প্ৰক্ৰিয়াত সহযোগিতা: গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব।
- আদালতৰ অনুমতি অবিহনে বিদেশ যাত্ৰা নিষিদ্ধ: আদালতৰ অনুমতি নোলোৱাকৈ বিদেশলৈ যাব নোৱাৰিব।
- নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল’ব লাগিব: নিজৰ সুৰক্ষাৰ বাবে নিজেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আদালতে উল্লেখ কৰিছে।
- নিজৰ ক্ষতি কৰিব নোৱাৰিব: নিজৰ জীৱন বা শৰীৰৰ ক্ষতি কৰিব পৰা কোনো কাম কৰিব নোৱাৰিব।
- শুনানিত হাজিৰা: দৈনিক শুনানিৰ সময়ত আদালতত সশৰীৰে হাজিৰ হ’ব লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে।
- জামিনৰ ধন: ৫০ হাজাৰ টকাৰ বেইল বণ্ডৰ সৈতে একে পৰিমাণৰ দুজন জামিনদাৰ দিব লাগিব। এই চৰ্তসমূহৰ মূল উদ্দেশ্য হৈছে বিচাৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় আৰু গোচৰৰ সৈতে জড়িত সাক্ষ্য-প্ৰমাণ সুৰক্ষিত থাকে, সেয়া নিশ্চিত কৰা।
জামিন লাভৰ পাছত অমৃতপ্ৰভা মহন্তৰ সুৰক্ষাক লৈও বিষয়টো আদালতৰ মজিয়ালৈ আহিছিল। তেওঁৰ অধিবক্তাই ব্যক্তিগত সুৰক্ষা বিষয়া (PSO) বিচাৰি আবেদন জনাইছিল। কিন্তু ফাষ্টট্ৰেক আদালতে সেই আবেদন খাৰিজ কৰে। প্ৰদান কৰা তথ্য অনুসৰি, আদালতে অমৃতপ্ৰভাই নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল’ব লাগিব বুলি উল্লেখ কৰে। অৰ্থাৎ, PSO প্ৰদানৰ বাবে কৰা আবেদন গ্ৰহণ কৰা নহ’ল।
হাফলং উপ কাৰাগাৰৰ পৰা ৰাওনা অমৃতপ্ৰভা
জামিন লাভৰ পাছত অমৃতপ্ৰভা মহন্ত হাফলং উপ কাৰাগাৰৰ পৰা ওলাই আহে। পুৱা প্ৰায় ৬.৩০ বজাত পৰিয়ালৰ লোকে তেওঁক চমজি লয়। তাৰ পাছত ক’লা ৰঙৰ থাৰত উঠি পৰিয়ালৰ সৈতে নগাঁও অভিমুখে যাত্ৰা কৰে অমৃতপ্ৰভাই।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা চৰ্চাৰ মাজতে তেওঁৰ জামিন আৰু আদালতে বান্ধি দিয়া চৰ্তসমূহে বিশেষ গুৰুত্ব লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















