হুদা জাৰিৱালাই এটা প’ডকাষ্টত কৰা মন্তব্যক কেন্দ্ৰ কৰি শেহতীয়াকৈ ধৰ্মীয় মহলত বিতৰ্কৰ সৃষ্টি হৈছে। স্বৰ্গত পুৰুষে যদি ৭২ গৰাকী হুৰ লাভ কৰে তেনেহলে মহিলাসকলেও ৭২ গৰাকী পুৰুষ লাভ কৰিব বুলি মন্তব্য কৰিছে হুদা জাৰিৱালাই। তেওঁৰ এই বক্তব্যক লৈ দেওবন্দী ধৰ্মগুৰুসকলে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত হুদা জাৰিৱালা আৰু এগৰাকী ধৰ্মগুৰুৰ মাজত হোৱা ব্যক্তিগত বাৰ্তালাপৰ স্ক্ৰীণশ্বট ভাইৰেল হোৱাত বিতৰ্ক অধিক বৃদ্ধি পাইছে।
উল্লেখ্য যে ৯ অক্টোবৰত প্ৰচাৰিত এটা প’ডকাষ্টত অংশগ্ৰহণ কৰিছিল হুদা জাৰিৱালাই। তাত স্বৰ্গত হুৰ লাভ কৰাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পুৰুষে যদি স্বৰ্গত ৭২ গৰাকী হুৰ লাভ কৰে, তেন্তে মহিলাসকলেও ৭২ গৰাকী পুৰুষ লাভ কৰিব। তেওঁৰ এই মন্তব্যক লৈ ধৰ্মীয় বিশ্বাস আৰু ধৰ্মীয় বিষয়ৰ ব্যাখ্যাৰ প্ৰসংগত বিতৰ্কৰ সূচনা হয়।
দেওবন্দৰ একাংশ ইছলাম ধৰ্মগুৰুৱে কয় যে ইছলাম ধৰ্মৰ কোনো বিষয়ত মন্তব্য কৰাৰ আগতে কোৰআন, চুন্নাহ আৰু প্ৰামাণিক ধৰ্মীয় গ্ৰন্থসমূহৰ বিষয়ে সঠিক জ্ঞান থকাটো প্ৰয়োজনীয়। তেওঁলোকৰ মতে, ব্যক্তিগত ইচ্ছা বা অনুমানৰ ভিত্তিত ধৰ্মীয় বিষয়ৰ ব্যাখ্যা কৰা উচিত নহয়।
জমিয়ত দাৱাতুল মুছলিমৰ পৃষ্ঠপোষক তথা দেওবন্দী পণ্ডিত মৌলানা কাৰী ইছহাক গোৰাইও হুদা জাৰিৱালাৰ মন্তব্যৰ প্ৰতি আপত্তি প্ৰকাশ কৰে। তেওঁ কয় যে ধৰ্মীয় বিষয়ত মতামত আগবঢ়াবলৈ হ’লে প্ৰামাণিক তথ্য, যুক্তি আৰু গভীৰ জ্ঞানৰ প্ৰয়োজন। ধৰ্মীয় বিষয়ত প্ৰশ্ন কৰাটো ভুল নহয়, কিন্তু অসম্পূৰ্ণ তথ্যৰ ভিত্তিত মন্তব্য কৰিলে সাধাৰণ মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।
মৌলানা কাৰী ইছহাক গোৰাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিয়াৰ পিছত হুদা জাৰিৱালাই তেওঁলৈ ব্যক্তিগত বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত স্ক্ৰীণশ্বট অনুসৰি, হুদাই মৌলানাক পোষ্টটো আঁতৰাই পেলাবলৈ দাবী জনায়। হুদা জাৰিৱালাই অভিযোগ কৰে যে এগৰাকী মুছলমান মহিলা হিচাপে তেওঁক লক্ষ্য কৰি বদনাম কৰা হৈছে। পোষ্টটো আঁতৰাই নিদিলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।
ইয়াৰ বিপৰীতে মৌলানা কাৰী ইছহাক গোৰাই কয় যে কোনো বক্তব্যৰ প্ৰতি যুক্তিসংগত আপত্তি প্ৰকাশ কৰাটো প্ৰতিজন নাগৰিকৰ অধিকাৰ। তেওঁৰ মতে, কাৰো ব্যক্তিগত অপমান কৰা তেওঁৰ উদ্দেশ্য নহয়; বৰঞ্চ ধৰ্মীয় বিষয়ৰ সঠিক তথ্য দাঙি ধৰাটোহে তেওঁৰ লক্ষ্য। কোনোবাই তেওঁৰ বক্তব্যৰ সৈতে একমত নহ’লে তথ্য আৰু যুক্তিৰে নিজৰ মত প্ৰকাশ কৰিব পাৰে বুলিও তেওঁ কয়।
উল্লেখযোগ্য যে হুদা জাৰিৱালা এগৰাকী ইউটিউবাৰ, ৰাজনৈতিক বিশ্লেষক আৰু প্ৰাক্তন সংবাদ পৰিৱেশিকা। তেওঁ আম আদমি পাৰ্টিৰ প্ৰাক্তন মুখপাত্ৰ হিচাপেও কাম কৰিছিল। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত ছাহাৰানপুৰ কালেক্টৰেট চৌহদত থকা এটা মছজিদ ভাঙি পেলোৱাৰ ঘটনাক লৈ কৰা তেওঁৰ এটা বিতৰ্কিত মন্তব্যৰ বাবেও তেওঁ চৰ্চালৈ আহিছিল। উক্ত ঘটনাৰ সৈতে জড়িত গোচৰত ছাহাৰানপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















