• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

41 minutes ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

10 minutes ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

59 minutes ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

1 hour ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

3 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

3 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

4 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

5 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

6 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

6 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

7 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

iPhone সংগ্ৰহ কৰিবলৈ সাগৰত অসংখ্য লোকৰ ভিৰ!

editor by editor
October 16, 2026
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ৰাজনীতি
0
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম এছিয়াত আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতে এইবাৰ সাগৰীয় বাণিজ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। হৰমুজ জলদ্বীপৰ সমীপত পৃথক পৃথক ঘটনাত দুখন মালবাহী জাহাজ ডুব গৈছে। ইয়াৰে এখন জাহাজৰ এজন ক্ৰু সদস্যৰ মৃ*ত্যু হোৱাৰ বিপৰীতে আনখন জাহাজত থকা ২১ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। ইফালে, সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ’ত সাগৰত কণ্টেইনাৰৰ পৰা সামগ্ৰী পৰি থকা দেখা গৈছে। কিছুমান লোকে নাৱেৰে গৈ সেই সামগ্ৰী সংগ্ৰহ কৰি থকা বুলিও ভিডিঅ’টোত দেখা গৈছে। এখন নাও সৰু সৰু বাকচেৰে ভৰি থকা দেখা গৈছে। বাকচবোৰত সুগন্ধিৰ বটল আৰু iPhone থকা বুলি অনুমান কৰা হৈছে।

ইয়াৰ মাজতে ইৰানৰ ৰিভল্যুচনেৰী গাৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই আমেৰিকাৰ সৈতে চলি থকা সংঘাতক বিশ্বযুদ্ধৰ সৈতে তুলনা কৰিছে। আনহাতে, হৰমুজ জলদ্বীপৰ ওচৰলৈ আমেৰিকাৰ যুদ্ধজাহাজ আহিলে সেইবোৰ ডুবাই পেলোৱাৰো ভাবুকি দিছে ইৰানে। এই ঘটনাসমূহে বিশ্বৰ গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্যিক পথ আৰু তেলৰ যোগানক লৈ উদ্বেগ বৃদ্ধি কৰিছে।

মঙলবাৰে হৰমুজ জলদ্বীপৰ ওচৰত ছিংগাপুৰৰ পতাকা থকা মালবাহী জাহাজ জিএফএছ প্ৰাইড ডুব যায়। চলাচল কৰি থকা অৱস্থাত জাহাজখনত খুন্দা লাগি ক্ষতিসাধন হোৱাৰ লগতে অগ্নিকাণ্ড সংঘটিত হয়। ছিংগাপুৰৰ মেৰিটাইম এণ্ড প’ৰ্ট অথৰিটিৰ তথ্য অনুসৰি, জাহাজখনত থকা ২১ জন ক্ৰু সদস্যকে নিৰাপদে উদ্ধাৰ কৰা হয়। এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।
আন এটা ঘটনাত এণ্টিগুৱা আৰু বাৰ্বুদাৰ পতাকা থকা কেপ ডাও নামৰ মালবাহী জাহাজখনো ডুব যায়। খবৰ অনুসৰি, যোৱা ২৩ ছেপ্টেম্বৰত জাহাজখনত আক্ৰমণ কৰা হৈছিল। এই ঘটনাত এজন ক্ৰু সদস্যৰ মৃত্যু হয় যদিও আনসকলক উদ্ধাৰ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ তথ্য অনুসৰি, আমেৰিকা-ইৰানৰ সংঘাত আৰম্ভ হোৱাৰ পিছত এই দুখনকে ধৰি মুঠ তিনিখন জাহাজ ডুব যোৱাৰ খবৰ পোৱা গৈছে।

সামুদ্ৰিক নিৰাপত্তা সংস্থা ভ্যানগাৰ্ড, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থা আৰু ব্ৰিটেইনৰ সামুদ্ৰিক বাণিজ্য সংস্থাৰ তথ্য অনুসৰি, দেওবাৰৰ পৰা কমেও ১০খন জাহাজ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। ইয়াৰে দেওবাৰে ছখন আৰু মঙলবাৰে চাৰিখন জাহাজত আক্ৰমণ কৰা হয়। অক্টোবৰৰ আৰম্ভণিৰ পৰা জাহাজৰ ওপৰত ২৩টা আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই সংখ্যা সংঘাত আৰম্ভ হোৱাৰ পিছৰ মাহিলী গড় সংখ্যাতকৈ প্ৰায় দুগুণ। এই আক্ৰমণৰ লক্ষ্য কেৱল তেল পৰিবহণ কৰা জাহাজতে সীমাবদ্ধ হৈ থকা নাই। কণ্টেইনাৰ জাহাজ আৰু অন্যান্য মালবাহী জাহাজো আক্ৰমণৰ সন্মুখীন হৈছে। AFPৰ এক প্ৰতিবেদন অনুসৰি, সামুদ্ৰিক নিৰাপত্তা বিশ্লেষক বৰুণ গুপ্তাৰ মতে, উপসাগৰীয় অঞ্চলৰ পৰা তেলৰ যোগান স্বাভাৱিক হোৱাত বাধা দিয়া আৰু বিশ্বৰ শক্তি বজাৰত চাপ সৃষ্টি কৰাই এই আক্ৰমণসমূহৰ অন্যতম উদ্দেশ্য হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hormuzIphone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
Next Post
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.