বিশ্বৰ আগশাৰীৰ বৈদ্যুতিক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান TESLA-এ নিজৰ নতুন ইলেক্ট্ৰিক স্প’ৰ্টছ কাৰ ‘ৰ’ডষ্টাৰ’ৰ প্ৰি-প্ৰডাকচন মডেল উন্মোচন কৰিছে। বাহনখনৰ মুকলিৰ ভিডিঅ’ Xত প্ৰকাশ কৰাৰ পিছতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি, এই গাড়ীখনৰ উৎপাদন ২০২৮ চনত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অত্যাধুনিক প্ৰযুক্তি, আকৰ্ষণীয় ডিজাইন আৰু অসাধাৰণ গতিৰ বাবে নতুন ৰ’ডষ্টাৰে ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে।
নতুন ৰ’ডষ্টাৰ বাহনখন তিনিটা ৰূপত উপলব্ধ হ’ব। সেইকেইটা হৈছে—ষ্টেণ্ডাৰ্ড পাৰফৰমেন্স, থ্ৰাষ্ট পেকেজ আৰু ৰকেট পেকেজ। ভাৰতত পাৰফৰমেন্স মডেল আৰু থ্ৰাষ্ট পেকেজৰ বাবে ৫ লাখ টকাৰে বুকিং আৰম্ভ হৈছে। আনহাতে, ৰকেট পেকেজৰ সুবিধা নিৰ্বাচিত গ্ৰাহকসকলৰ বাবেহে মুকলি কৰা হ’ব।
১ ছেকেণ্ডতকৈও কম সময়ত ১০০ কিলোমিটাৰ গতি!

টেছলাৰ দাবী অনুসৰি, নতুন ৰ’ডষ্টাৰখনে মাত্ৰ এক ছেকেণ্ডতকৈও কম সময়ত স্থিৰ অৱস্থাৰ পৰা ঘণ্টাত ১০০ কিলোমিটাৰ গতি লাভ কৰিব পাৰিব। অৱশ্যে, গাড়ীখনৰ বেটাৰীৰ ক্ষমতা, মটৰৰ শক্তি আৰু এবাৰ চাৰ্জ দিলে কিমান দূৰ যাব পাৰিব, সেই সম্পৰ্কীয় সম্পূৰ্ণ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
বাহনখনৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ তলৰ অংশত সংলগ্ন বিশেষ ছাকচন ফেন। এই ব্যৱস্থাই গাড়ীখনৰ তলৰ বায়ু শোষণ কৰি পথৰ সৈতে গাড়ীখনৰ সংযোগ আৰু আকৰ্ষণ শক্তি বৃদ্ধি কৰিব। টেছলাৰ মতে, এই ব্যৱস্থাই 2G পৰ্যায়ৰ গ্ৰীপ সৃষ্টি কৰিব পাৰে, যিয়ে তীব্ৰ গতিতো গাড়ীখনৰ নিয়ন্ত্ৰণ উন্নত কৰাত সহায় কৰিব।
বতাহত উৰিব পৰাৰ বিশেষ ব্যৱস্থা
নতুন ৰ’ডষ্টাৰৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ বিশেষ এয়াৰ থ্ৰাষ্টাৰ। এই ব্যৱস্থাত উচ্চ চাপত সঞ্চিত ঠাণ্ডা বায়ু বিশেষ নজলৰ জৰিয়তে বাহিৰলৈ এৰি থ্ৰাষ্ট বা ঠেলা শক্তি সৃষ্টি কৰা হয়। ইয়াৰ ফলত গাড়ীখনে অতি কম সময়ৰ বাবে মাটিৰ পৰা ওপৰলৈ উঠিব পাৰে আৰু বতাহত নিজৰ গতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব পাৰে। এই প্ৰযুক্তি সাধাৰণ ৰকেট ইঞ্জিনৰ পৰা পৃথক। কাৰণ, ইয়াত ইন্ধন জ্বলাই শক্তি উৎপন্ন কৰাৰ পৰিৱৰ্তে উচ্চ চাপত সঞ্চিত বায়ু ব্যৱহাৰ কৰা হয়।

পাৰফৰমেন্স মডেলত ছাকচন ফেন থাকিব। থ্ৰাষ্ট পেকেজত পিছফালে অতিৰিক্ত চাৰিটা থ্ৰাষ্টাৰ সংযোজন কৰা হ’ব। আনহাতে, ৰকেট পেকেজত মুঠ ১০টা থ্ৰাষ্টাৰ থাকিব বুলি প্ৰকাশ কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে গাড়ীখনে বতাহত বিশেষ কৌশল প্ৰদৰ্শন কৰিব পাৰিব বুলি টেছলাই দাবী কৰিছে।
চাইবাৰট্ৰাকৰ আৰ্হিত নতুন ডিজাইন
২০১৭ চনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা ৰ’ডষ্টাৰৰ ধাৰণাগত মডেলটোৰ তুলনাত নতুন মডেলটোৰ বাহ্যিক ৰূপ আৰু ভিতৰৰ সজ্জাত ব্যাপক পৰিৱৰ্তন কৰা হৈছে। নতুন গাড়ীখনৰ ডিজাইন অধিক তীক্ষ্ণ, কৌণিক আৰু ত্ৰিভুজাকাৰ আকৃতিৰ। ইয়াত টেছলাৰ চাইবাৰট্ৰাকৰ আৰ্হিৰ লগতে SR-71 Blackbird বিমান আৰু F-35 যুদ্ধবিমানৰ ডিজাইনৰ পৰাও প্ৰেৰণা লোৱা হৈছে। গাড়ীখনৰ সন্মুখত লুকুৱাই ৰখা হেডলাইট, পিছফালে সম্পূৰ্ণ বহল LED টেইললাইট আৰু এটা ডাঙৰ সক্ৰিয় ৰিয়াৰ উইং থাকিব। এই উইংখনে গাড়ীখনৰ গতি আৰু বায়ুৰ চাপৰ সৈতে খাপ খুৱাই নিজৰ অৱস্থান সলনি কৰিব পাৰিব। ইয়াৰ ফলত গাড়ীখনৰ স্থিৰতা আৰু বায়ুগতিবিদ্যাৰ দক্ষতা উন্নত হ’ব।
ইয়াৰ উপৰি, ‘এনো হোৱাইট’ নামৰ বগা ৰঙৰ বিশেষ পেইণ্ট, সোণালী আভাযুক্ত কাঁচ আৰু টাইটেনিয়ামৰ সজ্জাই গাড়ীখনক অধিক আকৰ্ষণীয় কৰি তুলিব।

TESLA ROADSTARত চীট কেইটা থাকিব?
নতুন ৰ’ডষ্টাৰত দুজন লোক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। ২০১৭ চনৰ ধাৰণাগত মডেলটোত দুজন প্ৰাপ্তবয়স্ক আৰু দুজন অতিৰিক্ত যাত্ৰীৰ বাবে আসন থকাৰ লগতে খুলি আঁতৰাব পৰা কাঁচৰ ছাদ আছিল। কিন্তু নতুন মডেলটোত খুলি আঁতৰাব পৰা ছাদৰ সুবিধা নাই। গাড়ীখনৰ ভিতৰৰ অংশত সৰল আৰু আধুনিক ডিজাইন ব্যৱহাৰ কৰা হৈছে। ইয়াত য়’ক আকৃতিৰ ষ্টিয়াৰিং, বিভিন্ন নিয়ন্ত্ৰণ বুটাম আৰু মাজত এখন টাচস্ক্ৰীন ইনফ’টেইনমেণ্ট স্ক্ৰীন থাকিব। ষ্টিয়াৰিং আৰু ব্ৰেকৰ লগতে এক্সিলাৰেটৰৰ নিয়ন্ত্ৰণো ইলেক্ট্ৰনিক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত হ’ব। গাড়ীখনৰ ওজন কম কৰি ৰাখিবলৈ কাৰ্বন ফাইবাৰ, মেগনেছিয়াম আৰু টাইটেনিয়ামৰ দৰে পাতল আৰু শক্তিশালী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। ভিতৰৰ অংশত বগা ৰঙৰ সৈতে ধূসৰ ৰঙৰ মাইক্ৰ’ছুৱেড সামগ্ৰী ব্যৱহাৰ কৰা হৈছে।
ৰকেট পেকেজৰ ক্ষেত্ৰত অতিৰিক্ত উৰণ-সম্পৰ্কীয় সঁজুলি সংস্থাপনৰ বাবে যাত্ৰীৰ আসনখন আঁতৰাই দিয়া হ’ব। সেয়েহে এই সংস্কৰণটোত কেৱল চালকৰ আসনহে থাকিব।

ভাৰতত চলাচলৰ অনুমতি সন্দৰ্ভত অনিশ্চয়তা
টেছলাই স্পষ্ট কৰিছে যে ৰকেট সংস্কৰণটো ৰাজহুৱা পথত চলোৱাৰ বাবে অনুমোদিত নহয়। আনহাতে, ছাকচন ফেনযুক্ত পাৰফৰমেন্স মডেল আৰু অতিৰিক্ত এয়াৰ থ্ৰাষ্টাৰ থকা থ্ৰাষ্ট সংস্কৰণ ভাৰতৰ ৰাজহুৱা পথত চলাবলৈ অনুমতি লাভ কৰিব নে নাই, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। সামগ্ৰিকভাৱে, নতুন টেছলা ৰ’ডষ্টাৰ হৈছে গতি, আধুনিক ডিজাইন আৰু মহাকাশ প্ৰযুক্তিৰ ধাৰণাৰে অনুপ্ৰাণিত এখন ব্যতিক্ৰমী বৈদ্যুতিক স্প’ৰ্টছ কাৰ। অৱশ্যে, ইয়াৰ চূড়ান্ত কাৰিকৰী বৈশিষ্ট্য, বাস্তৱিক কাৰ্যক্ষমতা আৰু ৰাজহুৱা পথত চলাচলৰ অনুমতি সম্পৰ্কীয় বহু কথা এতিয়াও স্পষ্ট হ’বলৈ বাকী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















