বাংলাদেশৰ জনপ্ৰিয় পৰ্যটনস্থলী ক’ক্সবাজাৰৰ ইনানী সাগৰীয় উপকূলৰ এখন ৰিজ’ৰ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ১০জন লোকৰ মৃ*ত্যু হৈছে। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশৰ ক’ক্সবাজাৰ জিলাৰ ইনানী সমুদ্ৰতীৰৰ সমীপত অৱস্থিত ‘টুপটুপ ৰেষ্টো এণ্ড ৰিজ’ৰ্ট’ত পুৱা প্ৰায় ৬:৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত জুই লাগে। তিনিমহলীয়া ৰিজ’ৰ্টখনৰ নিৰ্মাণত কাঠ, বাঁহ আৰু অন্যান্য দাহ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। ফলত জুই অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভৱনটোলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ সময়ত ৰিজ’ৰ্টখনত থকা বহু পৰ্যটক শুই আছিল। হঠাতে জুই আৰু ধোঁৱাই আগুৰি ধৰাত বহুতে ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু জুই দ্ৰুতগতিত বিয়পি পৰাৰ ফলত কিছুমান লোক ভিতৰতে আবদ্ধ হৈ পৰে।
শৌচাগাৰৰ ভিতৰতো উদ্ধাৰ মৃ*তদেহ
অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে উদ্ধাৰ অভিযান চলাই ৰিজ’ৰ্টখনৰ বিভিন্ন কোঠাৰ পৰা ছটা মৃ*তদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছত শৌচাগাৰৰ ভিতৰৰ পৰা আৰু চাৰিটা মৃ*তদেহ উদ্ধাৰ কৰা হয়। নি*হতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আহত কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত কিছুমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই অগ্নিকাণ্ডৰ পিছত ৰিজ’ৰ্টখনৰ অগ্নিনিৰাপত্তা ব্যৱস্থাক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশৰ অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, ৰিজ’ৰ্টখনে বৈধ অগ্নিনিৰাপত্তাৰ অনুজ্ঞাপত্ৰ অবিহনেই ব্যৱসায় চলাই আছিল। ইয়াৰ উপৰি, কেইমাহমান পূৰ্বে পৰিদৰ্শন কৰি ভৱনটো বিপজ্জনক বুলি সতৰ্কবাণী দিয়া হৈছিল বুলিও প্ৰকাশ পাইছে।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। ৰিজ’ৰ্টখনৰ পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰিবলৈ বাংলাদেশৰ প্ৰশাসনে পাঁচজনীয়া তদন্ত সমিতি গঠন কৰিছে। লগতে অগ্নিনিৰাপত্তাৰ নিয়ম উলংঘা কৰা হৈছিল নেকি, সেই বিষয়টোও পৰীক্ষা কৰা হ’ব।
এই মৰ্মান্তিক ঘটনাই বাংলাদেশৰ পৰ্যটনস্থলীসমূহত অগ্নিনিৰাপত্তাৰ ব্যৱস্থা কিমান জৰুৰী, সেই কথাটো পুনৰ উন্মোচন কৰিছে। পৰ্যটকৰ জীৱন সুৰক্ষিত কৰিবলৈ হোটেল আৰু ৰিজ’ৰ্টসমূহত উপযুক্ত অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু জৰুৰীকালীন উদ্ধাৰ ব্যৱস্থা থকাটো অত্যন্ত প্ৰয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















