বলীউডত আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰী দিব্যা বিনেকাৰৰ দেহাৱসান। আলিয়া ভাটৰ ‘ডাৰ্লিং’ ছবিত কাম কৰা অভিনেত্ৰী দিব্যা বিনেকাৰ আৰু নাই। তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাত অনুৰাগীসকল স্তম্ভিত হৈ পৰে। অভিনয়ৰ উপৰিও দিব্যা এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ আছিল। দিব্যা বিনেকাৰৰ আকস্মিক মৃত্যুৱে উদ্যোগটোক ডাঙৰ জোকাৰণি তুলিছে। মাত্ৰ ৪০ বছৰ বয়সতে দিব্যাই শেষ উশাহ লৈছিল।মৃত্যুৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই।
আলিয়া ভাট আৰু শ্বেফালী শ্বাহৰ ছবি ‘ডাৰ্লিং’ত এগৰাকী মহিলা কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰিছিল দিব্যাই। ইয়াৰ উপৰিও বিদ্যা বালানৰ সৈতেও কাম কৰিছিল। তাইৰ মৃত্যুৰ খবৰটো বন্ধু এজনে ঘোষণা কৰিছিল। তেওঁৰ বন্ধু তথা সহকৰ্মী আৰ জে ৰোহিনী ৰামানথনে দিব্যাৰ মৃত্যুক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছিল। ২০ অক্টোবৰ মঙলবাৰে ছ’চিয়েল মিডিয়াত আৱেগিক পোষ্ট লিখি দিব্যাৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। এই কঠিন সময়ত তাইৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকসকলে এই দুখ দূৰ কৰিবলৈ চেষ্টা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















