বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ শেহতীয়াকৈ তেওঁৰ গাড়ীত হোৱা গুলীচালনাৰ ঘটনাক লৈ চৰ্চাত আছে। এই ঘটনাৰ মাজতে অভিনেতাগৰাকীয়ে মুম্বাইৰ খাৰ পশ্চিম অঞ্চলত থকা এটা এপাৰ্টমেণ্ট ৯ কোটি টকাত বিক্ৰী কৰিছে। সম্পত্তি পঞ্জীয়নৰ নথি অনুসৰি, ২০২৬ চনৰ ২২ অক্টোবৰত এই চুক্তি পঞ্জীয়ন কৰা হয়। বিশেষ কথাটো হ’ল, এবছৰৰ ভিতৰত এয়া টাইগাৰ শ্ৰফে বিক্ৰী কৰা তৃতীয়টো আৱাসিক সম্পত্তি।
আনহাতে, গাড়ীত হোৱা গুলীচালনাৰ ঘটনাটোৱে অভিনেতাগৰাকীক গভীৰভাৱে মানসিকভাৱে বিচলিত কৰি তুলিছে বুলি মুম্বাই আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছত তেওঁ এতিয়াও সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই। ফলত আৰক্ষীয়ে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিব পৰা নাই।
ৰিয়েল এষ্টেট তথ্য বিশ্লেষণ প্ৰতিষ্ঠান CRE মেট্ৰিক্সৰ তথ্য অনুসৰি, টাইগাৰ শ্ৰফে বিক্ৰী কৰা ফ্লেটটো মুম্বাইৰ খাৰ পশ্চিম অঞ্চলৰ ৰুষ্টমজী পেৰামাউণ্ট ডি কো-অপাৰেটিভ হাউছিং ছ’চাইটিৰ নৱম মহলাত অৱস্থিত। ফ্লেটটোৰ কাৰ্পেট এলেকা ১,২৯১.১৪ বৰ্গফুট। ইয়াৰ উপৰি ৯৫.৮০ বৰ্গফুটৰ একচেটিয়া এলেকাও আছে। প্ৰতি বৰ্গফুটত প্ৰায় ৬৪,৮৯১ টকা মূল্যত ফ্লেটটো বিক্ৰী কৰা হৈছে।
এই সম্পত্তিৰ পঞ্জীয়নৰ বাবে ৫৪ লাখ টকা ষ্টাম্প ডিউটি দিবলগীয়া হৈছিল। চুক্তিখনত দুটা গাড়ী পাৰ্কিং স্থানো অন্তৰ্ভুক্ত কৰা হৈছে। পঞ্জীয়নৰ নথি অনুসৰি, টাইগাৰ শ্ৰফে ২০১৮ চনৰ ১৭ জুলাইত ডেভেলপাৰ কীষ্টোন ৰিয়েলটাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ৭.৬১ কোটি টকাত এই ফ্লেটটো ক্ৰয় কৰিছিল। ২০১৯ চনৰ ৩০ নৱেম্বৰত তেওঁ ফ্লেটটোৰ দখল লাভ কৰিছিল।
দীৰ্ঘদিন নিজৰ হাতত ৰখাৰ পিছত অভিনেতাগৰাকীয়ে এতিয়া ৯ কোটি টকাত ফ্লেটটো বিক্ৰী কৰিছে। অৰ্থাৎ, ক্ৰয়মূল্য আৰু বিক্ৰীমূল্যৰ পাৰ্থক্য অনুসৰি তেওঁৰ লাভ হৈছে প্ৰায় ১.৩৯ কোটি টকা। অৱশ্যে অন্যান্য খৰচ আৰু কৰৰ হিচাপ ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
ইফালে, ১৮ অক্টোবৰত টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গু*লীচালনা কৰা ঘটনাই মুম্বাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ পিছত অভিনেতাগৰাকী যথেষ্ট বিচলিত হৈ পৰিছে। টাইগাৰ শ্ৰফে উল্লেখ কৰে যে কাৰো সৈতে তেওঁৰ কোনো শত্ৰুতা নাই। তেন্তে তেওঁক কিয় লক্ষ্য কৰি আক্ৰমণ কৰা হ’ল, সেই বিষয়ে তেওঁ একো নাজানে। আক্ৰমণকাৰী কোন বা এই ঘটনাৰ আঁৰত কোন জড়িত, সেই বিষয়েও তেওঁ অৱগত নহয়। আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাৰ তদন্ত অব্যাহত আছে। গোচৰটোৰ সৈতে জড়িত ১১জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, তিনিজন সন্দেহযুক্ত গুলীচালনাকাৰীকে ধৰি আন এজন লোকক ইন্দোৰত আটক কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
তদন্তৰ সময়ত আৰক্ষীয়ে ছুৰাটৰ পৰা আক্ৰমণত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা দুটা পি*ষ্টল আৰু ১০টা সক্ৰীয় কা*ৰ্টিজ উদ্ধাৰ কৰিছে। হ*ত্যাৰ চেষ্টা আৰু অ*স্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা বুলি কোৱা লৰেন্স বিষ্ণয় গেঙৰ সৈতে জড়িত অনিল পণ্ডিতকো আৰক্ষীয়ে ৱাণ্টেড অভিযুক্ত হিচাপে ঘোষণা কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















