বৰা চাৰ্ভিছৰ হত্যালীলাৰ বিস্ফোৰক তথ্য পোহৰলৈ! চশমাত কেমেৰা লগাই ৬ জনক গুলীওৱা ঘনকান্ত গগৈৰ কু-কীৰ্তিৰ কাহিনী শুনি আপুনিও হ’ব আচৰিত!
ঘনকান্ত গগৈৰ গুলীচালনাক লৈ পোহৰলৈ আহিছে ন ন তথ্য। শূন্য দূৰত্বৰ পৰা ৬গৰাকী লোকক গুলীওৱাৰ লগতে তেওঁৰ চশমাত সংলগ্ন কেমেৰাত সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, মাটিৰ দালালিৰ নামত ধন সংগ্ৰহ আৰু ঋণ পৰিশোধ নকৰাৰ অভিযোগো উত্থাপন কৰিছে একাংশ ভুক্তভোগীয়ে। এই জঘন্য কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ পূৰ্বৰ কাৰ্যকলাপক লৈও উত্থাপন হৈছে বিভিন্ন অভিযোগ। ঘনকান্তৰ জন্মভূমি ডিব্ৰুগড়ৰ পৰাই তেওঁ মাটিৰ ক্ৰয়-বিক্ৰয়ৰ দালালি আৰম্ভ কৰিছিল। একাংশ ভুক্তভোগীৰ অভিযোগ অনুসৰি, মাটি ক্ৰয়-বিক্ৰয়ৰ নামত তেওঁ বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল। কিন্তু ধন দিয়াৰ পিছতো একাংশ লোকে প্ৰতিশ্ৰুতি অনুসৰি কাম সম্পন্ন নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে।
প্ৰকাশিত তথ্য অনুসৰি, তেওঁ হেৰিয়াৰ বাহন ব্যৱহাৰ কৰি ঘূৰি ফুৰিছিল। য’ত বাহনখনত ‘PRESS’ বুলি লিখা আছিল। তথ্য অনুসৰি, বাহনখন এতিয়াও গুৱাহাটীৰ সাউকুছিত থকা ভাড়াঘৰটোতে আছে বুলি জানিব পৰা গৈছে। বাহনখনৰ পঞ্জীয়ন, মালিকীস্বত্ব আৰু ‘PRESS’ লিখাৰ আঁৰৰ কাৰণ তদন্তৰ আওতালৈ আহিলে এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
ফাইনেন্সৰ ধন লৈও পলাই ফুৰাৰ অভিযোগ
ঘনকান্ত গগৈৰ বিৰুদ্ধে বিত্তীয় লেনদেনক কেন্দ্ৰ কৰিও অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, তেওঁ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল যদিও সেই ধন পৰিশোধ কৰাক লৈ সমস্যাৰ সৃষ্টি হৈছিল। আনকি, ঋণ আদায়ৰ বাবে ফাইনেন্স প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল কেইবাবাৰো তেওঁৰ ঘৰলৈ যোৱা বুলিও দাবী কৰা হৈছে।
ভুক্তভোগীৰ অভিযোগে বৃদ্ধি কৰিছে ৰহস্য
বিলাস ইন কাণ্ডৰ পিছতে ঘনকান্ত গগৈৰ অতীতৰ বিভিন্ন বিত্তীয় লেনদেন আৰু মাটিৰ ব্যৱসায়ক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে। একাংশ ভুক্তভোগীয়ে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। এই অভিযোগসমূহে ঘটনাটোক লৈ সৃষ্টি হোৱা ৰহস্য অধিক গভীৰ কৰি তুলিছে।
কিন্তু মাটিৰ দালালি, ধন সংগ্ৰহ আৰু ঋণ পৰিশোধৰ সৈতে জড়িত অভিযোগসমূহক গুলীচালনাৰ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি ক’বলৈ হ’লে তদন্তত উপযুক্ত প্ৰমাণৰ প্ৰয়োজন হ’ব।
আৰক্ষীৰ তদন্তত কি কি তথ্য পোহৰলৈ আহিব?
বৰা চাৰ্ভিছৰ বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাই ইতিমধ্যে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। গুলীচালনাত ব্যৱহৃত পিষ্টলৰ অনুজ্ঞাপত্ৰ, চশমাত সংলগ্ন কেমেৰাত বন্দী দৃশ্য আৰু অভিযুক্তৰ পূৰ্বৰ বিত্তীয় লেনদেন—এই সকলো দিশৰ তদন্তই ঘটনাটোৰ বিভিন্ন দিশ স্পষ্ট কৰাত সহায় কৰিব পাৰে। প্ৰাপ্ত তথ্যনুসৰি ধনৰ বাবেি হেলেনাৰ পৰিয়ালক গুলীওৱাৰ অভিযোগ।
বিশেষকৈ, গুলীচালনাৰ দৃশ্য বন্দী হোৱা বুলি প্ৰকাশ পোৱা তথ্যই তদন্তৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে। আৰক্ষীয়ে এই দৃশ্য পৰীক্ষা কৰি ঘটনাৰ প্ৰকৃত ক্ৰম নিৰ্ধাৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















